পকনীয়া-শুভাংকৰ ভূঞা

Rinku Rajowar
0
মানচেলেংকা লেহুকাকৈ হ'লেও বান্ধি পেলাচোন আমাক,
অস্তিত্ব বিছাৰি গোটোৱা ভাগৰ বৰ উমাল,
খোজ পেলাবলৈ বিচৰা মাটি বৰ দুৰ্লভ।

ৰ'দ খেদা উচিত নহয়,
কিন্তু মই মাতিব পাৰোঁ ডাৱৰক,
এন্ধাৰক সাৰথি কৰি সিহঁতিও এঘড়ী যুঁজক।
মই তেজীমলাৰ মাকক বিচাৰি যাম।

শেষৰাতি খহি পৰে কোন?
একাদশীৰ জোন নে শেৱালীৰ ফুল!
খেপিয়াবলৈ হাতখনেই অকামিলা চোন!
বৰলুইত উভতি বওক।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)