চুমি আহোম-নীলা খামৰ চিঠি

পংখী মৰাণ
0
মৰমৰ...
         শৰৎ ভালপোৱা আপুনি
হেঁপাহবোৰ বুকুত বান্ধি লৈ বহুত দিনৰ মূৰত আপোনালৈ বুলি একলম লিখিবলৈ ল'লো । আশা কৰো আপুনি ভালে আছে ।

এটি দুটিকৈ আজি তিনিটি শৰৎ পাৰ হ'ল । আপুনি দেখোন এইবাৰো নাহিল। আপোনাৰ উত্তৰ নহালৈ আৰু চিঠি নিলিখো বুলিয়ে ভাবিছিলো । কিন্তু কি কৰিব মনটো যে অবুজন !! আপুনি দি যোৱা প্ৰতিশ্ৰুতিৰ অপেক্ষাত আজিও সেই আগৰ দৰেই আছোঁ প্ৰতিটো শৰতক সাক্ষী কৰি । আপুনি এৰি যোৱা জোনাক ৰাতিৰ সুগন্ধি বুটলি । আপুনি চাগৈ এতিয়া সপোনৰ বাট বিচৰাত ব্যস্ত ।

বাৰু বাদ দিয়ক সেইবোৰ । মনত আছেনে আপোনাৰ ?শৰতৰ এটি পুৱা তলসৰা শেৱালি বুটলি থাকোঁতে আপোনাক লগ পাইছিলো !শেৱালিৰ তলত আপোনাক দেখি কিমান যে জোকাইছিলো !! আপুনি যে লাজতে কৈছিল - অকল ছোৱালীয়ে হে বুটলিব পাৰে নেকি ফুল ?? সেইবুলি কৈয়ে ভিতৰলৈ গুচি যোৱা আপোনাক চাই ৰৈ কৈছিলো কিমান যে ধুনীয়া আপুনি উফ্ ! এনেকৈয়ে হাঁহি-ধেমালিৰে পাৰ কৰি কোনদিনা আপোনাৰ ভাল লগা হৈ পৰিলো গমেই নাপালো । সময় বাগৰি গ'ল । এটি দুটি কৈ তিনিটি শৰৎ পাৰ হ'ল । সময়ৰ লগত বাগৰি ভাললগাবোৰো ভালপোৱা হ'ল । সময়ৰ লগত বাঢ়ি যোৱা প্ৰতিশ্ৰুতিবোৰেও যেন আউল লগালে ! আউল লাগিল সম্পর্কবোৰ ; সকলো যেন সলনি হৈ গ'ল !!! শৰৎ ভালপোৱা আপুনি জন কেনিবা হেৰাই গ'ল সময়ৰ সোঁতত ! হঠাৎ এদিন আকৌ ঘূৰি অহাৰ প্ৰতিশ্ৰুতিত গুচি গ'ল কেনিবা অজান পৃথিৱীলৈ । 

বাৰু.. মনত আছে নে আপোনাৰ কিমান প্ৰিয় আছিল সেই প্ৰতিটো নিশা ??যি দিছিল শব্দৰে গঁথা এটি এটিকৈ কবিতাৰ টোপোলা। য'ত বৰ্ণনা আছিল মাথোঁ শৰতৰ । মনত নপৰেনে বাৰু এবাৰো সেই দিনবোৰলৈ ? নাজানো কেনেকৈ সলনি হৈ গ'ল আপুনি ইমান । অ' শুনকচোন , আপুনি জন্মদিনৰ উপহাৰত দিয়া শেৱালি জুপি এইবাৰ ফুলিছে । আপুনি কোৱাৰ দৰেই দোকমোকালিতে উঠি শাৰদী ৰাণীৰ সুবাসে গাত যেন এক শক্তি দি যায়। উফ্ ! নিলিখো বুলি ভাবিও বহু কথাই লিখি পাওঁ। অভিমানবোৰ একাষৰীয়াকৈ ৰাখি অনুভৱবোৰ লিখিয়ে পাওঁ আপোনালৈ বুলি । কি কৰিব ভালপোৱা যে অপাৰ আপোনালৈ। পিছে আজিকালি শৰতটো নিয়ৰৰ টোপালবোৰৰ দৰেই সেমেকা লাগে । যেন বিৰহ হে আহিছে আকৌ । তথাপিও মানুহ যে আশাবাদী । সেয়েহে চাগৈ মইও আশাবাদী । অপেক্ষাত আজিও এই হৃদয় । 

বাৰু আজিলৈ সামৰো দিয়ক । এইবাৰ উত্তৰ পোৱাৰ আশাত চিঠিখন পঠালো । শৰতৰ ন বৰ্ণনাৰ সৈতে আপোনাৰ উত্তৰ পোৱাৰ আশাত। 

শেষত মৰম আৰু শাৰদীয় শুভেচ্ছা পঠালো । 
                       প্ৰান্তত
         আপোনাৰ নীলাৰ প্ৰেমিকা। 

আপোনাৰ অপেক্ষাত যদিও ভাগৰে এই হৃদয় , 
তথাপিও আশাৰে বাট চাওঁ ন ঋতুলৈ । 
কিজানিবা পাওঁ সম্ভেদ আপোনাৰ ! 
আপোনাৰ অপেক্ষাত আপোন শৰতো
আজি সেমেকা হৈ উঠে ; 
নীলাবোৰেও দুখৰ চকুলো টোকে ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)