জীৱনৰ অন্য নাম সংগ্ৰাম ১৮ - পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

Rinku Rajowar
0
ঘৰখনত আজি হঠাৎ এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিলে  ৷ আজি ইমানদিনৰ মূৰত কংকী গিৰিয়েকৰ সৈতে ঘৰলৈ আহিছে ৷ কংকীহঁতৰ লগত বেলেগ এটা পৰিয়ালো আহিছে ৷ নলিনীয়ে পৰিচয় হৈ গম পালে তেওঁলোকৰ ঘৰ শিৱসাগৰত ৷ বন্ধন গোটৰ  ব্যক্তিগত  বেংকত কাম কৰে দুয়ো ৷ জিলাই জিলাই বিশেষ বিশেষ অঞ্চলবোৰত  তেওঁলোকৰ শাখা বেংকবোৰ খুলিব লাগে ৷ এইবাৰ এই পদুমনি গাঁৱত বন্ধন গোটৰ বেংক এটা খোলাৰ মানসেৰে ইয়ালৈ আহিছে ৷ শিৱসাগৰৰ বসন্ত ভিনিহিয়েকহঁতৰ ঘৰৰ কাষতে তেওঁলোকৰ ঘৰ ৷ বিশেষ কামত দিল্লীলৈ গৈছিল তেওঁলোক ৷ দিল্লীতে কংকীয়ে তেওঁলোকৰ ঘৰটো এনেয়ে পৰি থকা বুলি কোৱাত  তেওঁলোক কংকীহঁতৰ লগতে  " একেবাৰে কামটো কৰি যাওঁ ...”  বুলি আহিছে হেনো ৷ নলিনীহঁতৰ আৰু ক’ৰবাত যে ঘৰ আছে সেইটো নলিনীয়ে নাজানে গতিকে তাই কথাটো সলাগি নিজৰ কামত লাগিল গৈ ...
     কংকীয়ে আহিয়ে ভায়েক ৰুবুলক পৰীক্ষাৰ কথা সুধিলে আৰু এইবাৰ তাক দিল্লীলৈ লৈ গৈ এখন ভাল কলেজত নাম লগাই দিয়াৰ কথা কৈ ক’লে " তই ভাল ৰিজাল্ট কৰিব লাগিব ....নহ’লে চাবি কিন্তু ! " তাৰ পিছত তাই  লগত মানুহ দুজন লৈ ঘৰখন তন্ন তন্নকৈ প্ৰতিটো কোঠা , আগফাল পিছফাল সকলো দেখুৱালে ৷ নলিনীয়ে কংকীহঁতৰ আলেখলেখ চাই থাকিল যদিও একো তত্‌ ধৰিব নোৱাৰিলে ৷
     দুপৰীয়াৰ খোৱা লোৱা শেষ কৰি কংকীহঁতে আবেলি তিনিমান বজাত  নলিনীক লগত লৈ মাকৰ ওচৰলৈ বুলি হস্পিতাললৈ ওলাই  গ’ল ৷ নলিনীয়ে বৰমাকলৈ টিফিনত ধুনীয়াকৈ ভাত কেইটা আৰু ডাক্তৰ নিলকমল চাৰলৈ ফ্লাক্সত চাহ আৰু কিবাকিবি খোৱা বস্তু অলপ ভৰাই ল’লে৷ তাকে দেখি কংকীয়ে নলিনীক জোকালে কি হে নলিনী ডাক্তৰৰ লগত কিবা খেলিমেলি হৈছে নেকি !  নলিনীয়ে “  ধেৎ কংকী বা' কি যে কোৱা ....” বুলি মিচিকিয়া হাঁহি এটা মাৰি তলমূৰ কৰিলে  ৷
     মাকে  কংকীহঁতক  দেখুৱাই নলিনীক সুধিলে, এওঁলোক কোন ...?  কংকীৰ টিঙিচকৈ খংটো উঠি গ’ল ...মাকে তাইক পাহৰি কংকীক কিয় মনত ৰাখিলে ? এইটো কেতিয়াও হ’বলৈ দিব নোৱাৰি। কিয় জানো তাই এনেও অহাৰ পৰাই নলিনীক ভাল ব্যৱহাৰ কৰা নাই ...অথচ বিয়াৰ আগত কংকী অবিহনে তাইৰ এক মিনিট  সময়ো একযুগ যেন লাগিছিল ! এতিয়া মাকে জীয়েক কংকীক পাহৰি যোৱা কথাটো কংকীয়ে সহ্য কৰিব নোৱাৰিলে ৷ তাই উচাট্ মাৰি একেবাৰে ডাক্তৰৰ কোঠা পালেগৈ ৷ নোসোধাকৈয়ে  একেকোবে ডাক্তৰৰ সমুখত থিয় হৈ প্ৰশ্ন কৰিলে “ মাৰ এইবোৰ কি হৈছে ? ” ডাক্তৰে কংকীক চিনি নাপাই কিংকৰ্তব্যবিমূঢ় হৈ সুধিলে “ আপুনি কোন ? কোন মাকৰ কি হোৱাৰ কথা কৈছে ...মই ঠিক ধৰিব পৰা নাই ৷ ” বুলি কৈ কংকীৰ প্ৰতিক্ৰিয়ালৈ অপেক্ষা কৰিব নাপাওঁতেই নলিনীয়ে “ চাৰ সোমাব পাৰোনে বুলি মাত লগালে ৷ ডাক্তৰে “ অ নলিনী আহা আহা , তুমি আকৌ কিয় পাৰ্মিচন ল’ব লাগে ? কংকীয়ে 
মুখখন ওন্দোলাই ভোৰভোৰাই ক’লে “ তাই নোসোধাকৈয়ে সোমাব পাৰে , আমি সোমালেহে জগৰ লাগে ! ” ডাক্তৰে কংকীৰ কথা কেইটা শুনিলে যদিও একো নকৈ মিচিকিয়া হাঁহিটো আকৌ মাৰিলে ...৷ কংকীৰ ধৈৰ্য্যৰ বান্ধ ছিগি গ’ল অজানিতে খং এটাই তাইক পাগলৰ দৰে আমনি কৰিলে আৰু অলপ উত্তেজিত সুৰত ক’লে “ চাৰ দুদিন পিছত মই মাক দিল্লীলৈ লৈ যাম ৷ মই মাক দিল্লীৰ ডাক্তৰৰ ওচৰত চিকিৎসা কৰাম ৷ আপুনি এই দুদিনৰ ভিতৰত হিচাপ-নিকাচৰ ফৰ্মেলিটিখিনি কৰি দি মাক ৰিলিজ কৰি দিব ...  আমি যাওঁ ৷ নলিনী আহ্‌ ...” বুলি কৈ কংকী হুৰমূৰকৈ ওলাই একেবাৰে গাড়ীত বহি ললে ৷ 
   নলিনীয়ে ডাক্তৰক চাহৰ ফ্লাক্সটো আৰু খোৱা বস্তুখিনি দি ক’লে “ কংকীবাৰ কথাত বেয়া নাপাব ৷ বৰমাই তাইক চিনি নোপোৱাৰ বাবে খং উঠি এনে ব্যৱহাৰ কৰিছে ৷ মই বৰমাক ভাত খুৱাই দিলোঁ ৷ ভালকৈ খালে ৷ আপুনিও এয়া চাহ খাব আৰু গধূলী আমাৰ ঘৰলৈকে আহিব কংকীবা হঁতৰ লগত ভালকৈ কথা-বতৰা পাতিব ৷ কংকীবা আৰু বসন্ত ভিনদেউ বৰ ভাল  মানুহ ৷ মই যাওঁ দিয়ক ....এইবুলি নলিনী ওলাই গ’ল ৷ ডাক্তৰে ফ্লাক্সটো হাতত লৈ নলিনী যোৱাৰ ফালে চাই ভাবিলে “ দুইয়ো ( কংকী আৰু নলিনী ) প্ৰায় সম বয়সৰ হ’ব অথচ ভাৱৰ , ব্যৱহাৰৰ গাম্ভীৰ্যতাত আকাশ পাতাল পাৰ্থক্য ...৷  

( আগলৈ )


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)