কোনেনো স্ৰজিলে বাৰু-হেমেন হাজৰিকা

অসমীয়া সাহিত্যৰ চানেকি
0
মিচিকিয়া হাঁহিটিৰে চুটি চাপৰ কলংপৰীয়া কবিজন | দেখিলেই শ্রদ্ধাত মুৰ দোঁ খাই যায় | হঠাতে আজি তেখেতৰ কথা মনত পৰি গ'ল | বিংশ শতিকাৰ তৃতীয় দশকৰ মাজ ভাগত তেখেত উপজিছিল | সেয়া আজিৰ পৰা বহুদিনৰ আগৰ কথা | কাকতালীয় ভাৱে এখন কবিতাৰ কৰ্মশালাত তেখেতক লগ পোৱাৰ সৌভাগ্য ঘটিছিল | তেতিয়া কবি গৰাকী Ambassador গাড়ীৰ পৰা নামিছে | উদ্যোক্তা এজন আগবাঢ়ি আহিছে , আহি কৈছে ছাৰ নমস্কাৰ দেই | লগে লগে মিচিকিয়া হাঁহিটিৰে তেখেতে কৈছিল -- নমস্কাৰ, ধন্যবাদ আদি শব্দবোৰৰ পিছত দেই নকয় , ক'ব নালাগে | মই এটা কথা শিকিলোঁ | তেওঁৰ অৱস্থা তথৈবচ হৈছিল | মানে উদ্যোক্তা গৰাকীৰ  |
     আমাৰ মৰমৰ পৃথিৱীখনত কিমান যে ভালপোৱা বস্তু আছে | এবাৰ বাৰু ভাবি চাইচোনে ? ভাবো নে কেতিয়াবা এইবোৰ কোনে স্রজন কৰিছিল | আমি ধ্বংস কৰাত পাকৈত | কবিয়ে কৈছিল ভালপোৱা বস্তু ভৰা এই যে পৃথিৱী কোনেনো স্রজিলে বাৰু তাকে থাকো ভাবি | কবিয়ে তাকেই ভাবি থাকে | প্রকৃতিয়ে আমাৰ পৰা কোনো বিনিময় নিবিচৰাকৈ আমাক অম্লান বদনে সকলো বস্তুকেই আগবঢ়াই দিছে | সেই সকলোবোৰ বস্তুৱেই সুন্দৰ | ফুলাৰ মন্ত্ৰৰ দৰেই সুন্দৰ | এইবোৰ বস্তু কোনে সৃষ্টি কৰিছে | ক'ৰ পৰা আমাৰ মাজলৈ আহিছে ভাবোনে কেতিয়াবা ? নাভাবো ভাবিবলৈ আমাৰ আহৰি নাই |
       কিমান যে ভাল পাব পৰা বস্তু আছে এই পৃথিৱীখনত | বেলিৰ সতে লুকা-ভাকু খেলি থকা মেঘৰ ধেমালি চাই আকাশৰ সৌন্দৰ্যতা কম ভাল পাব লগা নহয় নে ? মেঘৰ আৰ লৈ যেন আকাশখনে লুকা-ভাকুহে খেলি থাকে আৰু ভাল লগা পথাৰৰ সেউজীয়া ৰঙে বাৰু কাক আকৰ্ষণ নকৰে ! কাক আনমনা কৰি নোতোলে ! ধাননি দৰাৰ ওপৰেৰে যেতিয়া এজাক বতাহ পাৰ হৈ যায় তেতিয়া পথাৰখনৰ সৌন্দৰ্য দুগুণে বাঢ়ি যায় | এইবোৰ সৌন্দৰ্য প্রকৃতিয়ে নিজে সৃষ্টি কৰা | এয়া মানৱ সৃষ্ট পৰিবেশ নহয় | কিমান ভাল লাগে সেয়া উপভোগ কৰা জনেহে বুজি পাব পাৰে , আনে উপলদ্ধি কৰিব নোৱাৰে |
      কুঁৱলিৰ বগা জাল ফালি দেখা দিয়া পুৱতিৰ কোমল ৰ'দজাকৰ নয়নাভিৰাম দৃশ্য বেয়া পোৱা মানুহ ওলাব নেকি ক'ৰবাত ? কি অপৰূপ দৃশ্য দেহ-মন শাঁত পেলোৱা চালে চাই থাকি আকৌ এবাৰ চাবলৈ মন যোৱা দৃশ্য নিশ্চয়কৈ ভাল লাগে চাবলৈ | বন্ধু মানুহৰ দ্বিতীয় আত্মা | কাৰণ মানুহ কেতিয়াও নিৰ্জন দ্বীপৰ বাসিন্দা হ'ব নোৱাৰে | সমনীয়া, লগৰীয়াবোৰৰ সান্নিধ্য ভাল লাগে | যাৰ কাম আৰু ধেমালিৰ ওৰ নপৰে | সিহঁতৰ লগত ধেমালি ধুমলা কৰি জীৱনত বহু সময় পাৰ কৰি দি অপাৰ আনন্দত বুৰ যাব পাৰি | সেয়াই বন্ধু যাৰ লগত সুখ দুখ ভগাই ল'ব পাৰি | 
      মোৰ বাবে যাৰ কোনোদিনেই ভাগৰ নালাগে সেই গৰাকী মোৰ স্নেহসনা আই | যিয়ে মোক তুলি তালি ডাঙৰ কৰিলে | নৰিয়াত পৰিলে গোটেই ৰাতি টোপনি ক্ষতি কৰি কাষত বহি থাকে , কৰবালৈ গৈ অহাত পলম হলে পদুলিলৈ অহা যোৱা কৰি থাকে , যাৰ বাবেই এই সুন্দৰ জগতখন দেখিলোঁ তেওঁ মোৰ মা , তেওঁক ভাল নোপোৱাকৈ থাকিব নোৱাৰোঁ | কাহানীও , কোনো কালে | কিন্তু এতিয়া কিছুমান মাতৃৰ অৱস্থা দেখিলে বেয়া লাগে | কিয় ইমান পাষণ্ড হ'ব পাৰে পুত্র | সিহঁত পুত্রৰ নামত কলংক বুলি ক'ব পাৰোঁ | হে মাতৃ তুমি চিৰ পূজিতা , বন্দিতা চিৰদিন চিৰকাল  |
     মোৰ বাবে হাজাৰ দুখ সহিব পৰা মানুহজনেই হৈছে দেউতা | তেওঁৰ স্নেহসনা মুখখন নেদেখিলে মই থাকিব নোৱাৰোঁ | কাৰণ মই দেউতাক ভালপাওঁ | দেউতা মোৰবাবে এখন আকাশ , এখন পৃথিৱী , বৃহৎ সাহস | কি নকৰে মোৰ কাৰণে দেউতাই | নিজৰ বাবে কৃপণ হলেও মোৰ কাৰণে দেউতাই কোনো দিনেই না নকয় | মাত্র দহ টকা বচাবৰ বাবে তিনি কিঃ মিঃ খোজ কাঢ়ি মোৰ বাবে মই ভালপোৱা চকলেটটো কিনি লৈ অহা মানুহজনেই মোৰ দেউতা | গতিকে সেইজন মানুহক মই খুউব ভালপাওঁ | হাজাৰ হাজাৰ ভালপাওঁ | প্রণাম দেউতা তোমাক হাজাৰ প্রণাম মা, মাতৃভাষা , আৰু দেশমাতৃৰ স'তে আজন্ম সম্পৰ্ক আমাৰ | যিখন ঠাইত মই জন্ম ললোঁ , য'ৰ ধূলি , বালি , পানী , মাটিৰে মই মোৰ জীৱনটো গঢ়িলো সেইখন দেশক মই ভালপাওঁ , খুউব ভালপাওঁ | 
     এই যে অনেক ভালপোৱা বস্তুৰে ভৰি থকা পৃথিৱীখন আছে এইখন কোনেনো সৃষ্টি কৰিছিল তাক ভাবিলে আঁত বিচাৰি নাপাওঁ   |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)