শূন্যতা-চিন্ময় বৰা

তেওঁ আহিছিল মোৰ কাষলৈ
বুকুত শূন্যতা কঢ়িয়াই , 
আৰু মই !
মই শূন্য হৈও পূৰ্ণ কৰিছিলোঁ
তেওঁৰ শূন্য বুকু , 
তথাপিও অবুজ হৈ পূৰ্ণ বুকুৰে
মোৰ সপোন-আশা কাঢ়ি নি
আন এজনৰ কাষত সমস্ত উজাৰি 
আকৌ শূন্য হ'বলৈ তেওঁ ঢাপলি মেলিছিল , 
আৰু মই ! 
মই তেওঁক পূৰ্ণ কৰাৰ স্বাৰ্থত সমস্ত উজাৰি
এতিয়া শূন্যতাত আবদ্ধ হৈ চাই ৰৈছো
তেওঁ আনৰ দুবাহুত শেষ হোৱাৰ দৃশ্য ।।


✍🏻চিন্ময় বৰা 
বিশ্বনাথ চাৰিআলি।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send