চুই চাবৰ মন যায়-বিভা দত্ত

উদাসী নীল নভৰ
দূৰ দিগন্ত বিয়াপি
তৰাৰ দীপাৱলী     
মাজে মাজে প্ৰিজমৰ
পোহৰে জিকমিকোৱা
এন্ধাৰ গলিৰ নিশা ফুলৰ 
অপৰূপ শোভা                     

আশাবোৰ দ্বিতীয়াৰ জোন
একলা দুকলাকৈ  
বাঢ়ি গৈ থাকে  
এবাৰ চুই চোৱাৰ হেঁপাহতে
ৰৈ থাকোঁ
তৰাবোৰে ডুব নমৰালৈকে 

দৃষ্টি নিবদ্ধ মোৰ বিন্দুত 
সিন্ধু বিচাৰি 
সেউজীয়াৰ হাবিয়াসত। 

✍🏻বিভা দত্ত
ৰাজনগৰ (নলবাৰী)

Post a Comment

Previous Post Next Post