নিয়ৰ সনা সুগন্ধি বাগিছা
তুমিয়ে অনামিকা
তোমাৰ হাঁহিৰ জোনাকেৰে
পুৰি নিয়া মোৰ
বুকুৰ কলিজাটো
অনামিকা তোমাৰ
ওঁঠৰ বাগিছাত
পখিলা হৈ উৰিবলৈ মন যায় মোৰ
তোমাৰ বুকুত
জীয়াই থাকিবলৈ দিয়া না অনামিকা
সপোন কেনেকৈ ভাগে নাজানোঁ
আজি মই তোমাৰ বাবে
হৈ গ'লো এক শূন্যতাৰ প্ৰেমিক...
✍️চঞ্জু মৰাং
বৰটিকা গাওঁ (গোলাঘাট)