বিদায়-কৰবী দাস

বিদায় বুলি নকওঁ  তোমাক 

মস্ত দুনীয়াৰ ক্ষুদ্ৰ মানুহ মই 

ক'তনো হেৰাই যাম 

ৰৈ যাম এইখন দুনীয়াতে কোনোবা এটা কোণত 

বিচাৰিলেই পাই যাবা 

মোৰ ভগ্ন হৃদয়ৰ ঠিকনা 

যদি আকৌ এবাৰ উভতি চোৱা 

তোমাৰ বাবেই সলাই দিম 

মোৰ জীৱনৰ ঠিকনা 

যদি তুমি মই অবিহনে সুখী হোৱা 

মোক হৃদয়ৰপৰা উলিয়াই 

বোৱাই দিবা কোনোবা অচিন্ত ঘাটত 

বাৰিষা হ'লে উফন্দি উঠিব পাৰে 

সাৱধানে চলিবা।। 

✍🏻কৰবী দাস
দৰং (নগাঁও)        

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send