হৃদয়ৰ বিননি-আব্দুল হাদী শেখ

Rinku Rajowar
0
তোমালৈ বৰকৈ মনত পৰিছে 
নাজানো কিয় ? 
সুধিছো প্ৰভুৰ কাষত...
হিয়াৰ এমুঠি মৰম 
পাবলৈ ...! 
অপেক্ষাত আছোঁ 
বহু জনম জনম ধৰি ।
কাৰ বাবে কৰিছিলোঁ 
এই সকলো ?
কেৱল তোমাৰ বাবে ।
কিয় তুমি মোক নুবুজিলা ? 
পাৰিবা তুমি মোৰ ভঙা হৃদয়
যোৰা লগাব ?
পাৰিবা জানো... ?
আজি তুমি নিমাত কিয় ?
হিয়াৰ এমুঠি মৰম পাবলৈ যে 
কিমানজনৰ আশা !!
তথাপি জানো...পাইয়ো
হেৰুৱালো নিজক আৰু অলিখিত সপোনবোৰক ।।
হাঁহি হাঁহি কান্দিলো !!
কালিয়ে তুমিও হেৰাই গ'লা
বিশ্বাস আছে - তুমি থাকিবা... 
মোৰ হৃদয়ৰ বুকুৰ মণিত ।
জীয়াই আছোঁ ৰঙীন পৃথিৱীৰ 
মাজত তোমাৰ অপেক্ষাত ।
তুমি আহিবা মোৰ কাষলৈ ,
তোমাৰ সেই ধুনীয়া মুখখনিৰ
কোমল চিনাকি হাঁহিটি লৈ...। 
         
            
✍️আব্দুল হাদী শেখ       
সাংবাদিক ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত
ভ্ৰাম্যভাষ :- ৭০০২৮২৭৬৮৮

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)