সংঘাত-উপন্যাস(চতুর্থ খণ্ড)-মামনি বৰঠাকুৰ

©Admin
0
এনেদৰে দিনবোৰ বাগৰিল । কেইবাটাও বছৰে মেলানি মাগিলে । 

জীয়াই তো থাকিব লাগিব। দায়িত্ব বহুত আছে তাৰ। 

ইতিমধ্যে ভায়েকক পঢ়া-শুনা শেষ কৰাৰ পাছত সি
কোম্পানীৰ চাকৰি এটাত সোমোৱাই দিলে । ঘৰখনো সুন্দৰ কৈ সাজিলে । 

দিনটো সদায় ব্যস্ততাৰে পাৰ হৈ যায় । সন্ধ্যা ঘৰলৈ অহাৰ পাছতহে স্মৃতিবোৰে বৰকৈ আমনি কৰে ।
কি কৰিব সি ? তাই যে তাৰ তেজে তেজে জীয়াই আছে !
 
ইয়াৰ মাজতে ভায়েকৰ বিয়া পাতিলে । বহু চেষ্টা
কৰিও মাকে তাৰ বিয়াখন  পাতিব নোৱাৰিলে । 
ঘৰলৈ নতুন এগৰাকী নাৰীৰ  আগমন ঘটিল । 

সিও পাৰেমানে সকলোৰে দায়িত্ববোৰ পালন কৰি গৈছে। 

কিন্তু এদিন সি গম পালে....
যিজনী অৰুনিমাই সি নহ'লে জীয়াই থাকিব নোৱাৰোঁ বুলি কৈছিল , তাই আজি কোটিপতি ব্যৱসায়ী স্বামীৰ লগত বেছ মজা মাৰি আছে । 
আৰু সি কি কৰিছে ? আজিও তাইকে সুঁৱৰি
জীৱন কটাইছে ? 

"............ "

আৰু এদিন...!

"হেই ৱেটাৰ , পেগ এটা বনা"

সেয়াই আৰম্ভণি । এপেগ , দুপেগ কৈ তিনিটা বটল
শেষ কৰিলে আৰু তাতেই শুই পৰিল । 

ৰাতিপুৱা বহু দেৰিলৈকে নুঠা দেখি মাকে মাত লগালে ,
"ইমান দেৰি শুই আছ যে , কাম নাই নেকি"? 

তেতিয়া হে তাৰ খবৰ হ'ল। মূৰটো খুব বিষাইছে। 
কোনে তাক ঘৰত থ'লেহি , একো মনত নাই। 
নাই তাৰ সহ্য নহয়। ইমান প্রতাৰণা !

আজিও নুবুজিলে সি কিয় তাই এনে কৰিলে।

এদিন দুদিন কৈ প্রতিদিনেই , নাইট ক্লাব পাৰ্টীত
তাৰ মদ খোৱাৰ পৰিমাণ বাঢ়ি গ'ল । 

এটা সময়ত মদৰ বটলেই তাৰ জীৱন লগৰী হ'লগৈ । 

মদপী যদিও চাকৰি কিম্বা ঘৰৰ দায়িত্ব ঠিকেই পালন কৰি গ'ল । দৰমহাৰ টকাকেইটা সদায় মাকৰ হাততে দিয়ে। 
ভাই-বোৱাৰীকো একো অভাৱ  অনুভৱ কৰিবলৈ দিয়া নাছিল , 
নিজৰ ভনীয়েকৰ দৰেই মৰম কৰিছিল । 

ন-বোৱাৰী অহাৰ পাছতহে ঘৰখন আনন্দমুখৰ
হৈছিল । 

দুটামান বছৰ এনেদৰে পাৰ হ'ল। 
মাকেও নাতিৰ লগত উমলি সময় পাৰ কৰে। 

.................... 
লাহে লাহে কেঞ্চাৰৰ  বিজানুয়ে তাৰ দেহত থিতাপি ল'লেহি । চাকৰিলৈ যাবলৈকো বাদ
দিলে। 

.... আৰু এদিন...... !

"এই বেমাৰী মদপীটোক কিয় পুহিব লাগে , উলিয়াই দিয়ক ঘৰৰ পৰা"

সি ঘূৰি চাই দেখে মৰমৰ বোৱাৰীয়েকে মাকক উদ্দেশ্য কৰি কথাখিনি কৈছে । 

তাৰ বুকুত যেন কোনোবাই হাতুৰীৰ কোব এটা হে
দিলে  !
 
মাকে শিল পৰা কপৌৰ দৰে ঠাইতে থৰ হৈ ৰ'ল । 

হায় নাৰী !

কিমান যে ৰূপ তোমাৰ ! 

এফালে কৰুণাৰ প্রতিমূর্তি মমতাময়ী মাক , আনফালে চলনাময়ী , বিশ্বাসঘাটক অৰুনিমা আৰু বোৱাৰী । 

তাৰ হৃদয়ে কান্দি উঠিল। কোনেও এবাৰো তাক বুজিবলৈ চেষ্টা নকৰিলে। 

এখোজ দুখোজ কৈ সি আগুৱাই আহিল। 
মাকৰ ভৰি দুটি চুই সেৱা এটা কৰিলে। 

"মা , মই যাওঁ। হয়তো  কোনোদিন আৰু ঘূৰি নাহো।"

মাকলৈ এবাৰো ঘূৰি নোচোৱাকৈ সি গ'লগৈ। 
মাক জনীও যেন এটা প্রস্তৰ মূৰ্তি হৈ পৰিল । 
মুহূর্ততে  সকলো থানবান হৈ গ'ল ! 
..................... 

সি গ'লগৈ , গান ভাল পোৱা কোমল অন্তৰৰ ৰাজটো আজি যেন দিশহাৰা পক্ষী , 
কাচৰ টুকুৰাৰ দৰে ভাঙি যোৱা অন্তৰখন
আৰু জোৰা নালাগে । 

গ'ল যি গ'ল , ক'লৈ গ'ল কোনেও নাজানে। 
এনেদৰেই এটা প্রতিভাৰ অপমৃত্যু ঘটিল......! 

.............. ...... ক্ৰমশঃ...........


✍🏻মামনি বৰঠাকুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)