কৰ্তব্য আৰু মানৱীয়তা-ডাঃ প্ৰভাকৰ দাস

©Admin
0
‌গৌৰৱে কিছুদিন আগতে এম বি বি এছ ৰ চূড়ান্ত পৰীক্ষা পাছ কৰি ইন্টাৰ্ণশ্বিপ হিচাপে কেজুৱেলটিত পহিলা প'ষ্টিং লাভ কৰিছে । তেওঁ এজন সময়নিষ্ঠ ব্যক্তি , ডিউটিত কেতিয়াও দেৰি নহয়। নিজৰ ডিউটিৰ লগতে আজৰি সময়ত কলেজ লাইব্ৰেৰীত গৈ এম. ডি. (পষ্ট গ্ৰেজুৱেশ্যন) এণ্ট্ৰেন্সৰ পৰীক্ষাৰ বাবে দিনে ৰাতিয়ে পঢ়া-শুনা কৰে । ডিউটিত প্ৰায় এসপ্তাহমান হ'ল । আজি ইভনিং ডিউটি দুপৰীয়া দুই বজাৰ পৰা ৰাতি দহ বজালৈ। আন দিনাৰ দৰে আজিও তেওঁ বেগত কিতাপ-বহী দুখনমানৰ লগতে নিজৰ ষ্টেথোস্কোপডাল ভৰাই হোষ্টেল কেণ্টিনলৈ গ'ল । সময় আঠ বাজি ত্ৰিশ মিনিট। কেণ্টিনত ৰুটি -ঘুগুণি আৰু আমলেট খাই লাইব্ৰেৰী অভিমুখে খোজকাঢ়ি ওলাই গ'ল । লাইব্ৰেৰীত পঢ়া-শুনা কৰোঁতে কৰোঁতে প্ৰায় এক মান বাজিল । তেওঁৰ বৰ ভোকো লাগিল। গৌৰৱে কিতাপ-পত্ৰ সামৰি দুপৰীয়াৰ আহাৰৰ বাবে লাইব্ৰেৰীৰ পৰা ওলাই আহিছিল । ওলাই আহোঁতে তেওঁ লক্ষ্য কৰিলে যে কোনোবা মহিলা এগৰাকী লেবেজান হৈ লাইব্ৰেৰী গেটৰ সমীপত পৰি আছে । মহিলাগৰাকীয়ে হাত দুখন মেলি বাটত অহা-যোৱা কৰা মানুহবিলাকক কিবা বিচাৰি আছে কিন্তু কোনোৱে মানুহগৰাকীলৈ কাণসাৰ দিয়া নাই । সি ধাৰণা কৰিলে হয়তো মহিলাগৰাকী বহুত ভোকত আছে আৰু খাবলৈ কিবা বিচাৰিছে । সকলোৱে নিজৰ নিজৰ ব্যস্ততাৰ মাজত খোজকাঢ়ি গৈ আছে । গৌৰৱ গেটেদি ওলাই মহিলা গৰাকীৰ আগেদি পাৰ হৈ যাওঁতে মহিলাগৰাকীয়ে কাতৰেৰে মাতিলে - "অ বোপাই ! কিবা খাবলৈ আছে যদি দিয়ক না । দুদিন ধৰি একো খোৱা নাই আৰু মোৰ বহুত জ্বৰ উঠিছে । কিবা দিয়ক না !"  মহিলা গৰাকীৰ কথা শুনি গৌৰৱৰ গা শিয়ৰি উঠিল। মহিলাগৰাকীৰ মুখ শুকাই ওঁঠ দুটাৰ ছাল এৰি বগা চামনি পৰি গৈছে । চকু দুটা ভিতৰলৈ সোমাই গৈছে আৰু ৰঙা পৰি জলজলীয়া হৈ আছে। গৌৰৱ নিজেও বহুত ভোকত আছিল আকৌ দুই বজাত ডিউটিও আছে । নিজৰ ভোকৰ তাড়নাক আওকাণ কৰি সি মহিলা গৰাকীক সহায় কৰাৰ মানসিকতাৰে সুধিলে - "ওচৰতে কেজুৱেলটি , আপুনি খোজকাঢ়ি যাব পাৰিব । তাতে আপোনাক দৰৱ পাতি দিব পাৰিম।" মহিলা গৰাকী থিয় হ'বলৈ অসমৰ্থ হোৱা দেখি গৌৰৱে ৰিক্সা এখন মাতি দিলে। ৰিক্সা চালকে সুধিলে - "অ' ছাৰ ক'ত যাব ?"  সি ক'লে - "মই ক'তো নাযাওঁ। এই মহিলাগৰাকীক কেজুৱেলটি নিব লাগে। আপুনি তেওঁক ৰিক্সাত উঠিবলৈ অলপ সহায় কৰক।" মহিলাগৰাকীক যেনেতেনে ৰিক্সাত উঠাই গৌৰৱে নিজে দ্ৰুতগতিত খোজকাঢ়ি কেজুৱেলটিলৈ গ'ল। সি কেজুৱেলটিত সোমাই পি. জি. ডাক্তৰ এগৰাকীক ক'লে - "দাদা ৰোগী এজন আছিলে। বহুত জ্বৰ আৰু দুৰ্বল হৈ আছে।" পি. জি. ডাক্তৰজনে ক'লে - "অ'কে লৈ আনা।" সি লগালগ ৱাৰ্ড বয় এজনক লগত লৈ মহিগৰাকীক ভিতৰলৈ আনিলে আৰু ৰিক্সা ভাড়া দি ৰিক্সা চালকক বিদায় দিলে। ৰোগী কোঠাত আনি মহিলা গৰাকীক বিছনাত শুৱাই দিয়া হ'ল। পি. জি. ডাক্তৰ জনে ক'লে - "গৌৰৱ এওঁক কেনোলা লগাই পেৰাছিটামল ড্ৰিপছ আৰু দেক্সত্ৰ'জ চেলাইন দি দিয়া। "  পি. জি. ডাক্তৰে কোৱা ধৰণে গৌৰৱে মহিলাগৰাকীক ট্ৰিটমেণ্ট দিলে। প্ৰায় চল্লিছ মিনিটমানৰ পিছত মহিলা গৰাকীয়ে অলপ শক্তি অনুভৱ কৰিলে। মহিলাগৰাকীয়ে লগত কোনো চিনাকি মানুহ নথকাৰ বাবে মেডিকেলত ভৰ্তি হ'বলৈ অমান্তি হ'ল। গৌৰৱে কিন্তু মহিলাগৰাকী কোন , ক'ত থাকে ইত্যাদি একো প্ৰশ্নই নুসুধিলে। সি নিজে কেনোলা খুলি চিকিৎসালয়ত উপলব্ধ পেৰাছিটামল আৰু মাল্টিভিটামিন টেবলেট লগতে কেইটামান অ' আৰ এছ ৰ পেকেট মহিলাগৰাকীৰ হাতত গতাই দিয়ে। তাৰ পিছত কলেজ কেণ্টিনৰ পৰা পানীৰ বটল এটা আৰু চিকেন ৰুল এটা কিনি দি ক'লে - "আপুনি আহাৰ খাই মাল্টি ভিটামিনৰ দৰৱ এতিয়াই এটা খাই ল'ব। পেৰাছিটামলৰ দৰৱটো এটাকৈ আঠ ঘণ্টাৰ মূৰে মূৰে যদি আকৌ জ্বৰ উঠে খাব। অ' আৰ এছ ৰ পেকেটটো এক মগ পানীত গুলি খাব। মোৰ কথা সব বুজি পাইছেনে ?" মহিলাগৰাকীয়ে গৌৰৱলৈ হাত যোৰ কৰি চালে। মহিলাগৰাকীৰ চকু একেবাৰে জলজলীয়া হৈ  দুধাৰী অৱিৰতভাৱে চকুলো সৰিবলৈ ধৰিলে । মহিলাগৰাকীয়ে একো নক'লে যদিও সেই চকুলোৰ প্ৰতিটো টোপালেই যেন তেওঁৰ সকলো মনোভাৱনা ব্যক্ত কৰিবলৈ সক্ষম হ'ল। গৌৰৱেও সকলো বুজি পাই ক'লে - "আপুনি ঘৰলৈ যাব পাৰিবনে ?" মহিলাগৰাকীয়ে মাথোঁ মূৰ টোৱাই সংকেত দিলে - পাৰিম বুলি। ইপিনে গৌৰৱৰ ডিউটিৰ সময়ো হৈ পৰিল আৰু বেচেৰাই দুপৰীয়াৰ আহাৰ খাবলৈয়ো নাপালে। গৌৰৱে ক'লে - "ঠিক আছে আপুনি যাওঁকগৈ । ময়ো ডিউটিলৈ যাওঁ।" তাৰ বহুত ভোক লাগিছিল কিন্তু মহিলা গৰাকীক সুস্থ হোৱাত সহায় কৰা পৱিত্ৰ কৰ্মৰ অভিজ্ঞতাই দিয়া আত্মসন্তুষ্টিয়ে অলপ সময়ৰ কাৰণে ভোকৰ আতুৰৰ পৰা ৰক্ষা কৰিলে । লৰালৰিকৈ গৌৰৱ ডিউটিত সোমাল। আজি ৰোগী অলপ বেছিহে পৰিলক্ষিত। কেজুৱেলটিত বহুত ভিৰ হৈছে। অন্য চিকিৎসকৰ লগতে গৌৰৱ ও ৰোগীক লৈ ব্যস্ত হৈ পৰিল । ডেৰ-দুঘণ্টামানৰ পিছত ভোকৰ তাড়নাত থাকিব নোৱাৰা হ'ল। সি ৱাৰ্ড বয় এজনক টকা এশ দি কিবা খাবলৈ লৈ আনিবলৈ ক'লে। অলপ পৰত ৱাৰ্ড বয় জন ঘূৰি আহি ক'লে - "ছাৰ , বাৰ্গাৰ এটা আনি দিছোঁ। এয়া টেবুলত থৈ দিছোঁ।"  গৌৰৱে অ' থৈ দিয়া আজৰি পালে খাম বুলি কৈ নিজে ৰোগীৰ লগত ব্যস্ত হৈ থাকিল। কেতিয়া আবেলি ছয় বাজিল সি গমেই নাপালে। ৰোগীক চাই মেলি শেষ হোৱাৰ পিছত সি বাৰ্গাৰটো উলিয়াই খাবলৈ ল'লে। আধা খাইছিলহে ইমাৰজেঞ্চি ৰোগী কেইবাজনো অহাত পি. জি. দাদাই মাত লগালে - "গৌৰৱ সোনকালে আহা।" আৰু গৌৰৱে খোৱা আধাতে সামৰি ৰোগী চোৱা কোঠালৈ দৌৰ মাৰিলে ।

✍🏻ডাঃ প্ৰভাকৰ দাস 
      (৯৭০৬৮২৫০৪৯)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)