চকু দুটা মেলিয়েই অৰুনিমাই দেখিলে , তাই হাস্পতলৰ বিছনাত পৰি আছে । কাষত পলাশ !
অস্পষ্ট ভাৱে মুখৰ ভিতৰতে তাই বিৰবিৰালে ,
"মই ক'ত আছো...?
তুমি মোৰ কাষত"।
পিঙ্কিয়ে চিঞৰি উঠিল ,
"পাপা চোৱা , মায়ে সাৰ পাইছে । তোমাৰ কি হৈছে মা ?"
"মাৰ জ্বৰ হৈছে মাজনী , তুমি অকণমান চিষ্টাৰৰ
ওচৰত থাকাচোন । মাক আমনি নকৰিবা।"
পলাশে তাইক পঠিয়াই পুনৰ অৰুনিমাৰ কাষত
বহিলহি ।
"মোক কিয় বচালা পলাশ ? মোক মৰি যাবলৈ দিব
লাগিছিল !"
পলাশৰ হাতখন ধৰি তাই উচুপি উঠিল ।
"মই তোমাক বহু কথাই ক'ব পৰা নাই । মোৰ অতীতৰ...."
পলাশে তাইৰ মুখত হাতখন দি ক'লে ,
"তুমি মোৰ আৰু পিঙ্কিৰ বাবে জীয়াই থাকিব লাগিব । পিঙ্কিৰ কথা কিয় নাভাবা । তাইকটো পৃথিৱীলৈ আমিয়েই আনিছো । তোমাৰ অবিহনে আমাৰ কি হ'ব এবাৰো কিয় চিন্তা নকৰিলা ?"
তাইৰ তেতিয়াহে জ্ঞান আহিল । সঁচাকৈ ইমান স্বাৰ্থপৰ তাই কেনেকৈ হ'ব পাৰিলে !
"মোক ক্ষমা কৰি দিয়া পলাশ । মই তোমাৰ ওচৰত বহু ডাঙৰ অপৰাধ কৰিছো । মই হাৰি গৈছো পলাশ ।"
অৰুনিমাই হুকহুকাই কান্দিবলৈ ধৰিলে ।
পলাশে তাইক ওচৰ চপাই আনি ক'বলৈ ধৰিলে ,
"চোৱা অৰু , যিটো হেৰাই গৈছে তাক বিচাৰি
কিয় কষ্ট পোৱা ! তুমি মোৰ মাজত তোমাৰ ৰাজক
বিচাৰি ল'ব নোৱাৰানে ? ৰাজটো এই পৃথিৱীৰ
পৰাই হেৰাই গৈছে।"
তাই আচৰিত হ'ল । তাৰমানে পলাশে সকলো জানে ।
"কি তুমি সকলো জানা ? ৰাজৰ বিষয়ে । ৰাজৰ
কি সঁচাকৈ মৃত্যু হৈছে ?"
"হয় , জানো অৰু ! ৰাজৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে । তোমালোকৰ সম্পর্কটো মই যেতিয়া গম পাইছিলো তেতিয়ালৈকে মোৰ কৰিব পৰা একো নাছিল । প্রথমতে গম পোৱা হ'লে হয়তো কিবা কৰিব পাৰিলোহেঁতেন । বাৰু বাদ দিয়া সেইবোৰ... !"
আৰু কিবাকিবি কৈছিল পলাশে । তাইৰ মূৰত একো নোসোমাল । তাই বিস্ময়ত হতবাক হৈ পৰিল । কিমান বিশাল হ'ব পাৰে পলাশৰ হৃদয়খন । সকলো জানিও কিমান সহজ ভাবে লৈছে
তাইক। আৰু তাই কি কৰিবলৈ গৈছিল।
পলাশৰ বুকুত মূৰ গুজি তাই উচুপি থাকিল।
সবল দুবাহুৰে পলাশে তাইক আঁকোৱালি লৈ চুমাৰে উপচায় পেলালে ।
"পাপা পাপা , মোকো এটা পপী দিয়া না"
পিঙ্কি সোমাই আহিল । দুয়োটাই হাঁহি মাৰি ক'লে
"আহা"।
এই সৰু সৰু সুখৰ টুকুৰাবোৰ থাকোতেই তাইনো কি বিচাৰি ফুৰিছিল । এই সুখৰ টুকুৰা বোৰেই এদিন প্রেমৰ সাগৰ হ'বগৈ ।
স্বামীৰ বুকুৰ মাজত তাই যেন বিচাৰি পালে পৃথিৱীৰ সমস্ত নিৰাপত্তা , প্রেমৰ মাদকতা , বিশ্বাসৰ গভীৰতা।
পাহৰি পেলালে কুটিলতা ভৰা মানুহৰ হৃদয়ৰ কথা । টকাৰে হৃদয় বিলাবলৈ বাধ্য কৰোৱা দেউতাকৰ কথা । তথাকথিত ভদ্র সমাজৰ টকাৰ অহংকাৰত বলীয়ান দেউতাক , আৰু পলাশ !
ধনী হ'লেও হৃদয়ক মূল্য দিব জনা নতুন পুৰুষ ।
তাৰ বিশাল হৃদয়ত নিৰৱে বৈছে প্রেমৰ নিজৰা ।
কেৱল যেন তাইৰ বাবেই ।
দিনে তেতিয়া বিদায় মাগিছে। শুক্লপক্ষৰ জোনটোৱে বননি খনত যেন শুভ্র কোমল দলিচা
এখনহে পাৰি থৈছে ।
পলাশে তাইৰ হাতত ধৰি খিৰিকী খনৰ কাষলৈ
আগবাঢ়ি গ'ল ।
"চোৱা অৰু সৌ জোনটোলৈ , কিমান উজ্জ্বল , কিমান পবিত্র !
যেন তোমাৰ কপালৰ সেন্দূৰৰ ফোটটি !
যিয়ে মোক দিয়ে সাহস , প্রেৰণা , বিশ্বাস !
তোমাৰ প্ৰেমেৰে ভৰাই তোলা আমাৰ সংসাৰ।"
"মই কথা দিছো পলাশ , তুমি বিচৰা দৰে সকলো কৰিম । পাৰিলে মোক ক্ষমা কৰি দিবা।"
"সেইটো আকৌ কেনেকুৱা কথা। প্রেম আহেই জীৱনলৈ। ৰাজ তোমাৰ প্ৰথম প্ৰেম। তেনে হোৱা স্বাভাৱিক।
কিন্তু এতিয়া এটা বিপদ হ'ল নহয়।"
"কি বিপদ ?"
অৰুনিমা চক্ খাই উঠিল ।
ওচৰলৈ আহা , ডাঙৰ কৈ ক'ব নোৱাৰি।
তাই কাষ চাপি আহিল।
"এতিয়া কোৱা"
"মই যে কাৰোবাক ভাল পাওঁ !"
অৰুনিমাৰ ভয় লাগিল।
"কিন্তু কাক"
"তোমাক... !"
বুলি কৈ পলাশে তাইক সজোৰে সাবটি ধৰিলে।
গভীৰ প্রশান্তিত তাই চকুহাল মুদি দিলে ।
নিশাও ক্রমে গাঢ় হৈ আহিছিল ।
কৃষ্ণচূড়াৰ ৰঙবোৰ যেন জোনাকত জিলিকি
উঠিছিল ।
পলাশৰ বুকুৰ মাজতে অৰুনিমাই পুনৰ বাৰ
জীৱনৰ হেৰাই যোৱা ৰংবোৰ বিচাৰি পালে ।
দূৰত ক'ৰবাত ফেঁচা এটাই মঙ্গল উৰুলি দিছে...।
*(সমাপ্ত)*
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ