বোৰেই মোৰ কবিতা।
য'ত নৱ নৱ বার্তাৰে সমাজলৈ
বাৰ্তা কঢ়িয়াই।
মুখাৰ তলৰ বিকৃত মুখবোৰে
জুমি-জুমি চাই।
অহংকাৰৰ শিখৰত উঠি ফুৰা।
ভ্ৰষ্টাচাৰী জন মৌন হৈ ৰয়,
ক্ষণিকৰ বাবে।
বিভান্ত অৰণ্যৰ দৰে স্বাৰ্থপৰ
সমাজখনত মেঘৰ বুকুত
জিলিকি থকা বিজুলীৰ এডাল
সৰল ৰেখা মোৰ কবিতা।
মাটিৰ পৃথিৱীৰ পৰা কল্পনাৰ
শূন্য লৈ গতি কৰে,
মোৰ কবিতাই ।