বাপুজী- ৰিতামনি নেওগ

©Admin
0


পোৰবন্দৰত জনম লভিলা
অনাদি গুণৰ অধিকাৰী
হে মহান আত্মা-
উজ্জ্বলাই দেশৰ মান
অপাৰ পিতৃস্বৰূপ শক্তিৰে
জাতিৰ পিতা তুমি।

অসহযোগ আৰু ভাৰত ত্যাগ আন্দোলনৰ গুৰি ধৰোতা..
গণবিল্পৱী তুমি।

দৰিদ্ৰ মানৱৰ হকে
ত্যাগৰ আদৰ্শৰে 
চিৰদিন পিন্ধিলা
সাধাৰণ বস্ত্ৰ,
বিদেশত পঢ়িও বৰ্জন কৰি বিদেশী বস্ত্ৰ আৰু অস্পৃশ্যতা...

দেশৰ স্বাধীনতাৰ অৰ্থে অহিংস নীতিৰে
অবিৰত কৰিলা সংগ্ৰাম।

দেশে ঘূৰাই পালে স্বাধীনতা,
নাথুৰাম গডচে কাঢ়ি নিলে
তোমাৰ প্ৰাণ ।
স্বদেশ প্ৰেমৰ জলন্ত উদাহৰণেৰে ইতিহাস পাতত ৰ'ল সাক্ষী।

জীৱনেই আছিল যাৰ বাণী,
সেই সত্য আৰু অহিংস নীতিৰ আদৰ্শৰে  ..
উজ্জ্বীৱিত হওঁক মোৰ দেশ,
উপবিষ্ট  হৈ শান্তি-সম্প্ৰীতি আৰু 
একতাৰ এনাজৰী।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)