সোনালী সূতাৰ সপোন অধ্যায় ২- ড° মৃদুল চন্দ্ৰ শৰ্মা

Rinku Rajowar
0
মাকে মহেনক আজিকালি প্ৰায়ে বিয়াৰ কথা সোঁৱৰাই থাকে । মাকে তাক বুজাই, মোৰ বয়স হৈ আহিছে, এতিয়া আৰু বেছি কষ্ট কৰিব নোৱাৰা হৈছোঁ । গোটেই ঘৰখনৰ ইমান বিলাক কাম অকলে কেনেকৈ চম্ভালিম । মহেনে মাথো মিচিকিয়াই মাকক মনে মনে‌ থাকিবলৈ কয় । বিশ্ববিদ্যালয়ত পঢ়া দিনত বহুত ছোৱালী মহেনৰ ছফুট ওখ দীৰ্ঘদেহী, সবল, সুঠাম চেহেৰা দেখি আকৰ্ষিত হৈছিল । কিন্তু মহেন এই ক্ষেত্ৰত আগবাঢ়ি যোৱা নাছিল । নিজৰ পাঠ্যক্ৰম আৰু খেলা মেলাত নিজকে ব্যস্ত ৰাখিছিল । জেভেলিন থ্ৰ' খেলত মহেন বিশ্ববিদ্যালয় তথা আন্তবিশ্ববিদ্যায়ৰ প্ৰতিযোগিতাত স্বৰ্ণপদক লাভ কৰিছিল ।
আজি কিছু দিনৰ পৰা তাৰ মনটো ৰোমাঞ্চিত হৈ আছে । কৃষি বিশ্ববিদ্যালয় গাহস্থ্য বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী গাঁৱৰে দৰ্শনা নামৰ ছোৱালী এজনীয়ে তাৰ লগত একেলগে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে । বিশেষকৈ ফুল পাত আদিৰে কাপোৰত ৰঙকৰা তাইৰ জ্ঞান আৰু অভিজ্ঞতা ব্যৱহাৰ কৰিব বিচাৰে । মহেন লগে লগে ৰাজী হৈ তাইক কামত আগবাঢ়ি যাবলৈ কয় । লাহে তাৰ তাইক ভাল লগা হ'ল । কোনোবা দিনা তাই নাহিলে উদং উদং লগা হ'ল । দৰ্শনাৰো মহেনক ভাল লগা হ'ল । বহু দিন তাই মহেনৰ লগত কথা পাতি কাম পাহৰি গৈছিল ।  মহেনৰ মাকৰ  চকুত এই কথা ধৰা পৰিবলৈ বেছি দিন নালাগিল । মাকে এদিন পুনৰ তাৰ বিয়াৰ কথা উনুকিয়াই ছোৱালী চাবলৈ ক'লে । মহেনে হঠাতে ক'লে, ছোৱালী কেলেই চাব লাগে, আছেই দেখোন । হঠাতে অজানিতে ‌কথাটো কৈ সি ৰঙাচিঙা পৰিল । মাকে ক'লে লাজ কৰিব নালাগে, মই ইতিমধ্যে গ'ম পাইছোঁ । অহা  ফাগুনতে বিয়াখন পাতিম ।‌
মহেনে মুৰ দুপিয়াই বিয়াৰ চিন্তা কৰিব লাগিল । কথাবোৰ এফালৰ পৰা জুকিয়াই চাই সি মনতে কৰিবলগীয়া কামবোৰ ভাবিলে । সকলোতকৈ পাকৈত শিপিনী কেইগৰাকীমান বাছিলৈ মুগা, পাট আৰু এৰীৰ কাপোৰ বোৱাব লাগিব । নতুনকৈ শিকা কম্পিউটাৰৰ ডিজাইনৰ লগত পাৰম্পৰিক ডিজাইন মিলাই সুন্দৰকৈ কাপোৰ বব লাগিব । ঘৰটো ৰঙ কৰিব লাগিব । নিজৰ ৰূমটোত নতুনকৈ বাথৰূম বনাব লাগিব । যোৱাবাৰ গুৱাহাটীলৈ প্ৰশিক্ষণ ল'বলৈ যাওঁতে থাকিবলৈ দিয়া হোটেলৰ ধুনীয়া বাথৰূম দেখি তেনেকৈ এটা বনাবলৈ মনতে পুহি ৰাখিছিল । গাড়ী এখনো কিনিব লাগে । গাড়ীৰ বিষয়ে সি বৰকৈ নাজানে । কিন্তু বিশ্ববিদ্যালয়ত থাকোঁতেই পৰীক্ষাৰ পাছত ড্ৰাইভিং স্কুলত ভালকৈ গাড়ী চলাবলৈ শিকিছিল । কি গাড়ী ল'ব তাৰ ইঞ্জিনিয়াৰিঙত পঢ়া বন্ধু অনিমেষক সুধিব লাগিব । পাছদিনাখনৰ পৰা গাঁৱৰ ঘৰবনোৱা, ৰঙকৰা মিস্ত্ৰী মাতি আনি কামত লগাই দিলে । মাজত মাথোঁ দুটা মাহ বাকী । গোটেই ঘৰখনত এটা উৎসৱমুখৰ পৰিৱেশ হ'ল । সকলো কাটনী, শিপিনীৰ মনত আনন্দ । কেইজনীমানে বিয়ানামৰ অনুশীলন আৰম্ভ কৰি দিলে । ইতিমধ্যে দৰ্শনাৰ মাক, দেউতাক, ককায়েক আহি বিয়াৰ দিনবাৰ ঠিক কৰিলে ।
ইতিমধ্যে বিয়াৰ দিন চমু চাপি আহিল । গাঁৱৰ ডেকা ল'ৰা বিলাক আহি ৰভা দিয়াৰ কাম কৰিলে । ওপৰৰ চহৰৰ টেন্টহাউচৰ পৰা মানুহ মাতি সুন্দৰকৈ ৰভাখন সজাই পেলালে । জেনেৰেটৰ আদি ভাড়া কৰি আনিলে । দুজনমানে ইতিমধ্যে মহেনে কিনা নতুন ইন'ভা গাড়ীখন ফুলেৰে সজাই পেলালে । মহেনৰ লগত পঢ়া বিশ্ববিদ্যালয়ৰ বন্ধু ‌ৰথীন, শ্যামল, ধীৰাজহঁত আহি পোৱাত ওচৰতে থকা খালী ঘৰ এটাত থকাৰ ব্যৱস্থা কৰি দিলে‌ । দুজনমানে সিবিধৰো যোগাৰ কৰি ল'লে । এইদৰে মহা ধুমধামেৰে বিয়াখন হৈ‌ গ'ল । বিয়াখন পাৰম্পৰিক চকলং প্ৰথাৰে কৰা হ'ল । বিয়াৰ পোন্ধৰ দিন মানৰ পাছত মহেন, দৰ্শনা দুয়ো দৰা কইনা কাশ্মীৰলৈ ফুৰিবলৈ গ'ল । উদ্যোগৰ কামত লাগি থাকোঁতে বহুত দিন ফুৰাচকা বন্ধ আছিল । হেঁপাহ পলুৱাই দুয়ো ভূস্বৰ্গ কাশ্মীৰৰ বিভিন্ন ঠাইত ফুৰাচকা‌ কৰি ঘৰলৈ উভতি আহিল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)