ঘৰ চিৰিকা উল্লাস
মৰা সুৰুযটোৱে এঙামূৰি কাঢ়িছে।
অনবৰতে কান্দি থকা আকাশখনে
থৰ লাগি চাইছে নদীৰ নৃত্য ।
কোনোমতে উশাহ টানি থকা পিপৰাবোৰ
য'তে ত'তে একত্ৰিত হৈ
পেটৰ ভিতৰত সোমাইছে হাত ।
পূজা পতাবোৰে নৈবেদ্য বিচাৰি
চলাথ কৰিছে আকাশ বতাহ ।
বতাহত ৰৈ ৰৈ বাজিছে
কৰুণ সুৰত আৱহ সংগীত ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ