মা-তৃষা ফুকন

মা...
তুমিয়েই মোৰ 
জীৱন ধাৰণৰ
একমাত্ৰ প্ৰেৰণাৰ উৎস ।
মা...
তুমিয়েই মোক দেখুৱালা
সৌন্দৰ্য্যময় পৃথিৱীৰ
ৰামধেনুৰ দৰে অনাবিল স্বপ্ন ।
মা....
তোমাৰ প্ৰেৰণা হ'ব
মোৰ কবিতাৰ উৎস ।
তোমাৰ কৃপাত আজি মই
হাতত তুলি লৈছোঁ এটি কলম ;
যাৰ দ্বাৰা জীৱনৰ পৃষ্ঠাত খোদিত হ'ব
দিঠকত পৰিণত জীৱনৰ মধুময় স্বপ্ন ।।
         
              
✍️শ্ৰীমতী তৃষা ফুকন।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send