ইংৰাজী বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
নৈৰ পাৰত আউজি বহিছে এছাটি বনৰীয়া বতাহ
বিষন্ন বতৰটোৰ কি যে মৰ্মান্তিকতা !!
আকাশ গধুৰ তিমিৰ প্ৰলেপ সানি
যেন....!!
যেন গৰ্ভৱতী নাৰী ।
হুমুনিয়াহ কাঢ়ি গছৰ পাতবোৰৰ ইকাটি-সিকাটি
সময়বোৰ বা উজাইছে
কেনি...??
বনৰীয়া বতাহক সোধো বাৰেপতি
কেলেইনো কোবাইছ ইমানকৈ
ফুটপাথত শীত সাবটি বহি ৰোৱা মানুহবোৰক ?
কি আমেজ পাইছ বাৰু
সিহঁতৰ জঁটবন্ধা চুলিকোচাত খুন্দিয়াই ?
শান্তিপিয়াসী মনবোৰে সিহঁতৰ
জোনাকী পৰুৱাৰ দৰে নিজে বাট উলিয়ায়..
বানে-ধুমুহাই ভাঙিবলৈ সিহঁতৰ ঘৰ নাই
জীয়াই থকাৰ তাড়নাত উশাহবোৰ কঢ়িয়ায় !!
মানুহৰ ককৰ্থনাত এমুঠি আদৰৰ উমান পায়।
পথৰ ধূলিবোৰৰ আলিংগন সিহঁতে ভাল পায়..
বনৰীয়া বতাহৰ অত্যাচাৰত অভ্যস্ত সিহঁত
নিৰুপায়....
নিৰুপায়....।
হুমুনিয়াহ কাঢ়ি মানুহবোৰৰ
ইকাটি-সিকাটি
ৰাতিৰ পাছত দিন
দিনৰ পাছত ৰাতি
সময়বোৰ বা উজাইছে কেনি...?