সজীৱ স্মৃতি-দিপ্ লু শৰ্মা

©Admin
0
হৃদয়ৰ স্পন্দনত
মাথোঁ এটি ছবি 
মনৰ  এলবামত সাঁচি থোৱা,
মাথোঁ তোমাৰেই সজীৱ স্মৃতি ।
বুকুৰ চিঞৰৰ,
আৰ্তনাদৰ কাহিনী 
হৃদয়ৰ কান্দোনৰ ,
মাথোঁ চকুপানী ।
চকুত চকু থৈ ,
বিচাৰোঁ প্ৰেমৰ সাগৰখন
দেখোচোন মৰুভূমিৰ,
ওখ পাহাৰখন ।
বাট চাই-চাই ভাগৰি নপৰা
চকুহাল,
এতিয়াও হেপাঁহ চকুত চকু থৈ,
ৰ লাগি চাব খোজা  প্ৰেমৰ সাগৰখন ।
অতীতৰ অপেক্ষাই,
আজিও  স্মৃতিৰ সজীৱতা
কঢ়িয়াই আনে ,
চকুৱে বিচৰা মৰম
চকুতে যেন থমকি ৰৈ  যাব খোজে  ।
অপেক্ষাৰ সুখৰ মূহুৰ্ত,
আজি যেন অন্ত ।
হেজাৰ অপেক্ষাৰ হেজাৰ সপোন,
দিঠকত দেখোঁ মৰিচিকা মাথোঁন ।

✍️ দিপ্ লু শৰ্মা 
বেলতলা , বশিষ্ঠ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)