ৰিব্ ৰিব্ বতাহৰ মৃদু মধুৰ চ্ছন্দ
এপাহি শেৱালি ফুলিল নিয়ঁৰৰ নিবিড় আলিংগনত ।
অপেক্ষাৰত প্ৰভাতৰ দুবৰি বন
নিয়ৰ সিক্ত সেউজ দলিচাত
পবিত্ৰতাৰ প্ৰতীক শেৱালিৰ সতে
কত যুগৰ পুঞ্জীভূত প্ৰেমৰ গীত গাবলৈ ।
সূৰুযেও লাজৰ ওৰণি টানি
শুভ্ৰ শেৱালিৰ দলিচাত
বিচ্ছূৰিত কৰে পোহৰৰ ৰেঙনী
পৃথিৱীৰ বুকুত বাজে শৰতৰ পদধ্বনি ।
টোপ টোপকৈ সৰি পৰে চকুলোঁ নিয়ৰ হৈ
যেন মণি মুকুতাৰ জিলমিলনি
হয়তো হ'ব পাৰে শৰত প্ৰেমিক
শেৱালিৰ মাথোঁ এৰাতিৰ ।
নিশাৰ ভিতৰতে ফুলি নিশাৰ ভাগত পৰি ৰয় সৰি
এটি নিশাৰ যে অভিসাৰিকা তাই ।
নিষ্ঠুৰ আঘাত আৰু দুখৰ মেটমৰা বোজা লৈ
শৰতে নিৰলে উচুপে বিদায়ক্ষণত
বুকুৰ প্ৰান্তৰত এহেজাৰ আশা
ফুলিবনে এই শেৱালি পাহ
যাৰ পৰশত উজ্জ্বলে শাৰদী নিশা ।
🖋️নিজৰা বৰ্মন ডেকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ