মাজুলীত সুন্দৰ নিদৰ্শন বিচাৰি পোৱা যায়"মানুহে মানুহৰ বাবে"-কনমনি নাথ

©Admin
0
মানৱতা আছে বাবে আমিবোৰ সুন্দৰভাৱে জীয়াই আছোঁ।এই মায়াময় সুন্দৰ পৃথিৱীত ভিন্ন জাতি, জনজাতিৰ সংমিশ্ৰণ হৈ একেলগে হাতে হাত ধৰি ভাতৃত্ববোধৰ মাজেৰে নিজৰ কৰণীয় কামবোৰ সুচাৰুৰূপে পৰিচালনা কৰি জীৱন নিৰ্বাহ কৰি জীয়াই আছোঁ।
আমাৰ সমাজৰ ঠাই বিশেষে ভাষা, ৰীতি-নীতি, পৰম্পৰাৰ কিছু সাদৃশ্য আছে যদিও আমাৰ উদ্দেশ্য বোৰ একেই সন্নিবিষ্ট হৈ থাকে বা থকাটো উচিত বুলি ভাবোঁ। মই মাজুলীত থাকি মোৰ সাধাৰণ কিছু অভিজ্ঞতাৰ পৰা মাজুলীৰ বিষয়ে কিছু কথা জানি বুজি লৈ চমুকৈ বিশ্লেষণ কৰিবলৈ বিচাৰিছো। মাজুলী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ। পৃথিৱীৰ ভিতৰত বৃহত্তম নদীদ্বীপটো হ'ল "মাজুলী"। এই মাজুলী নামটোৰ নামাকৰণ কৰা মহান ব্যক্তি গৰাকীৰ নাম হ'ল শ্ৰদ্ধাৰ অতুল চন্দ্ৰ হাজৰিকা দেৱ।
মাজুলী দ্বীপটো ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত। ২০১৬ চনৰ ২৭ জুন তাৰিখে অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল দেৱে অসমৰ নৱগঠিত জিলা (সত্ৰনগৰী) হিচাপে ঘোষণা কৰিছিল।
মাজুলীৰ জলবায়ু মৌচুমী জলবায়ু বুলি বিবেচনা কৰা হয়। ইয়াৰ জনবসতি খুব বেছি নহয় যদিও বিভিন্ন জাতি, জনজাতিৰ সংমিশ্ৰণ হৈ সকলোৱে জীৱন নিৰ্বাহ কৰি আছে। মাজুলীত সাধাৰণতে মিচিং জনজাতি, সাধাৰণ শ্ৰেণী, অনুসূচিত জাতি, সোণোৱাল কছাৰী, দেউৰী সম্প্ৰদায়ৰ লগতে কিছু হিন্দু বঙালী আৰু নেপালী সম্প্ৰদায়ৰ লোকে বসবাস কৰি আছে। ভিন্ন জাতি,জনগোষ্ঠীয় মিলনে মাজুলী জিলাখন বাৰেৰহনীয়া কৰি তুলিছে। লোক সংস্কৃতিৰ দিশকে ধৰি নাচ-গান, সত্ৰীয়া গীত-মাত, খোল-তাল, ভাওনা-সবাহ আৰু মিচিং গাঁৱৰ পৰা ভাহি অহা ঐনিতমৰ মধুৰ সুৰ আদিয়ে মাজুলীৰ সৌকাষ জীপাল কৰি ৰাখে। মাজুলীৰ আন এটা সুকীয়া নাম আছে মুখা শিল্প হিচাপে আৰু এই মুখা শিল্প প্ৰতিষ্ঠান খন চামগুৰি সত্ৰত দেখিবলৈ পোৱা যায়। ৰজা, মহাৰজা আদিকে ধৰি বিভিন্ন লোকৰ মুখৰ আৰ্হি প্ৰস্তুত কৰি জনপ্ৰিয় হৈ বিশ্ব দুৱাৰত প্ৰতিষ্ঠিত হবলৈ সক্ষম হৈছে। মুখা শিল্পী সকলে হাতেৰে সুন্দৰকৈ সজাই জীৱিত ৰজা, মহাৰজা সদৃশ ৰূপত দেখিবলৈ আকৰ্ষণ কৰি তোলে। মাজুলীৰ এই মুখাশিল্প চামগুৰি সত্ৰখন মাজুলীলৈ আহি চালেহে ইয়াৰ প্ৰকৃত সত্য প্ৰমাণিত হ'ব আৰু তেতিয়া বুজিবলৈ সহজ হ'ব। মুঠতে মাজুলীত বিশেষকৈ সত্ৰসমূহক প্ৰধান গুৰুত্ব আৰোপ কৰি দৈনন্দিন কাৰ্য্য সমূহ সমাপন কৰে। পঞ্চদশ শতিকাত প্ৰথমে মহাপুৰুষ শংকৰ দেৱে মাজুলীৰ ধুৱাহাট বেলগুৰিত প্ৰথমে সত্ৰ প্ৰতিষ্ঠা কৰি সংস্কৃতি তথা ভক্তি ধৰ্মক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল। সেয়ে বৰ্তমান মাজুলীক বিশ্ব দুৱাৰত 'সত্ৰ নগৰী' বুলি প্ৰতিষ্ঠিত কৰি তুলিবলৈ সক্ষম হৈছে।
সময় অনুযায়ী মাজুলীত দেশ-বিদেশৰ লোকে সত্ৰসমূহ  পৰিদৰ্শন কৰিবলৈ আহে আৰু মাজুলীৰ মনোমোহা দৃশ্যৰ প্ৰতি আকৰ্ষিত হৈ প্ৰেমত পৰে। মাজুলীক সত্ৰ নগৰী নামাকৰণ কৰাৰ কথা আমি শুনি আছোঁ কিন্তু তাৰ প্ৰকৃত সত্যতা নিৰূপণ কৰিবলৈ হলে মাজুলীৰ সত্ৰসমূহ আৰু ইয়াৰ সৌকাষ পৰিদৰ্শন কৰিলেহে বুজিব পৰা যাব প্ৰকৃত অনুভৱ বা মাদকতাবোৰ। শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱে গীতৰ মাজেৰে কোৱা,
"মানুহে মানুহৰ বাবে" কথাষাৰ মাজুলীত সঠিক অৰ্থত ব্যৱহাৰ হৈ আছে বুলি ক'ব পাৰি। ঠিক সেইদৰে মাজুলীৰ সামাজিক ক্ষেত্ৰখনত মহাপুৰুষ শংকৰদেৱৰ আদৰ্শ নিয়ম সমূহ বৰ্তমান পৰ্য্যন্ত সুন্দৰকৈ অনুসৰণ কৰি থকাৰ কাৰণে মানুহবোৰ খুব মৰমিয়াল। মানুহৰ প্ৰতি থকা সৎ ভাৱনা সমূহ মাজুলীবাসীৰ লগত সম্পৰ্ক কৰিলে বুজিব পৰা যাব। অসমৰ আন আন প্ৰান্তৰ সামাজিক ৰীতি-নীতি সমূহ বিভিন্ন কাৰণবশতঃ কিছু খামখেয়ালী থাকে বা থাকি যায় কিন্তু মাজুলী আৰু সত্ৰসমূহ পৰিদৰ্শন কৰিলে ইয়াৰ সামাজিক ব্যৱস্থা বহুগুণে পৃথক দেখিবলৈ পোৱা যায়, কিয়নো মাজুলী বাসীয়ে সম্পূৰ্ণ অসমীয়া জাতিৰ কলা, কৃষ্টি, সংস্কৃতি, ধৰ্ম সঠিক ধৰণেৰে বজাই ৰাখিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখে বা বৰ্তমানেও মানি আছে। সেয়ে মাজুলী অতুলনীয়। মাজুলীবাসী অতিথিপৰায়ণ, মানুহক সহায় কৰাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়ায়। সকলো দিশ ঠিকে আছে যদিও মোৰ দৃষ্টিত দেখা পোৱা সমস্যাটো হ'ল যাতায়াত ব্যৱস্থা। প্ৰধানকৈ যোৰহাট আৰু মাজুলী সংযোগী দলংখন খুবেই দৰকাৰী হৈ পৰিছে। সেয়েহে, এই যাতায়াতৰ ক্ষেত্ৰত চৰকাৰে যদি বিশেষ গুৰুত্ব প্ৰদান কৰে তেতিয়া মাজুলীবাসী বহু পৰিমাণে উপকৃত হ'ব আৰু ভিন্ন ঠাইৰ পৰ্য্যটকসকল আহি মাজুলী পৰিদৰ্শন কৰিলে মাজুলীবাসী বহু উপকৃত হ'ব বুলি বিশ্বাস কৰিব পাৰি।
শ্ৰদ্ধাৰ ড° ভূপেন হাজৰিকা দেৱে কোৱা,
'মানুহে মানুহৰ বাবে' 
উক্তিষাৰৰ প্ৰকৃত সত্যতা নিৰূপণ কৰি বুজিবলৈ হ'লে মাজুলীলৈ আহিলে মাজুলীবাসীৰ মহানুভৱতাৰ এক সুন্দৰ ছবি  দেখিবলৈ পাব । 

✍️কনমনি নাথ।
বি'ব্লক, বাক্সা (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)