আজি আইতাই বেজাৰ কৰিলে-ৰাণা ৰাজবংশী

©Admin
0
এটা বেয়া সপোনৰ উচপিচনিৰ পিছত সাৰ পালে ৰণ।
বৰ ভয়ানক সপোন। ম'বাইলত ঘড়ী চাই দেখিলে ৬.৩০ বাজিছে।অইন দিনাৰ দৰে ৰাতি পুৱাৰ কাম ফেৰা লগাত লৰা লৰিকৈ দুৱাৰ খুলি ওলাই গল ৰণ।
কিছু সময় পিছত তিতা গামোচা পিন্ধি সোমাই আহিল সি ।তাৰ পিছত দুই মিনিট গতানুগতিক ভগৱান স্মৰণ।
প্ৰত্যেক দিনে সি ব্যায়াম কৰে দুই ঘণ্টা।কিন্তু আজি মন নগ'ল ।কি কৰিব নকৰিব ভাবি ম'বাইল জগতত  সোমাই পৰিল যদিও যোৱা কালিৰ ঘটনাই বৰকৈ আমনি কৰি থাকিল মনত।মুঠতে শান্তি নাই ।আমনি লগাত শুই পৰিল ৰণ।
কিন্তু টোপনি নাহিল ।বিভিন্ন কথাই ভাহি থাকিল মনত।নিজকে ছক্ৰেটিছ যেন লাগিল তাৰ। সমাজ পৰিয়ালে কৰা ঠাট্টা মস্কৰাৰ বাবে। তথাপি অলপ চিল মিল টোপনি আহিল।
হঠাৎ মবাইল ৰিং।উফ কোনে ফোন কৰিলে আকৌ বিৰক্তিত উচ্চাৰিত হ'ল ৰণৰ মুখে। ম'বাইল চাই দেখিলে আইতাকৰ ফোন। ৰিছিভ নকৰিলে ।উত্তৰ কি দিব ভাবি নাপালে বাবে।তাৰ পিছত আকৌ আৰম্ভ হ'ল তাৰ চিন্তা বিভোৰ জীৱনৰ।যেনে সংস্থাপন,বিয়া ইত্যাদি ইত্যাদি চিন্তাৰ।মন বেয়া বাবে আজি ওলাই নগল সি। ৰূমতে থাকিল এটা অজগৰৰ দৰে পৰি ঘণ্টা ঘণ্টা।আকৌ ফোন ৰিং আইতাকৰ। ৰিচিভ কৰি কি ক'ব নক'ব ভাবি থাকোতেই কাটি গ'ল ফোন কল।
বুজি পালে  আইতাকে ইমান ফোন কৰি থকাৰ কাৰণ।কিছু পৰ পিছত আকৌ ফোন ।কিন্তু বাৰে বাৰে ভাবনাত বিভোৰ হৈ থাকোতেই ফোন ৰিং কাটি যায়। উফ এই বয়স। উচ্চাৰিত হ'ল মুখেৰে....
চাৰি বছৰ বয়সত মাকে ইহকাল ত্যাগ কৰাৰ পিছত আইতাকৰ লালন পালনত ডাঙৰ হৈছিল  ঠিক শংকৰ দেৱৰ দৰে সি।
কি লাভ এনেকৈ জীয়াই থাকি।দিনবোৰ, মাহবোৰ, বছৰবোৰ ভয়ংকৰ গতিত আগবাঢ়িব ধৰিছে। মাথোঁ ৰণৰ গতিহে স্তব্ধ হৈ পৰিছে।কি কৰিব খুজিছে, কি নকৰিব যেন একো পৰিকল্পনাই নাই তাৰ জীৱনৰ প্ৰতি।মাথো জীয়াই আছে শুকাই যোৱা এটা কুৱাৰ দৰে ।যেন বৰষুণ আহিলেই ভৰি পৰিব। অষ্ট্ৰিয়াৰ সংগীত শিল্পী য়োগো ওৱল্ডেৰ দৰে প্ৰতিটো দিনতে ৰণৰ আত্মহত্যা কৰিব মন যায়। অনুভৱ কৰে মৃত্যুৰ পিছত স্বৰ্গই যেন দিব সম্পূৰ্ণ প্ৰতিভা নহলে একোকেই নিদিব।কিন্তু এই ধৰাত আধা প্ৰতিভাৰ গৰাকী হৈ বহন কৰা যন্ত্ৰণাক এক মাত্ৰ তাৰ বাহিৰে কোনেও বুজাই নাই।যাৰ বাবে বৰ অকলশৰীয়া অনুভব কৰে সি। অভিশাপ অভিশাপ যেন লাগে জীৱনটো। তাক দুহাত পাতি লোৱা আইতাক দূৰত থাকে যদিও তাৰ জীৱনটো চুৱেতাৰ এটাৰ দৰে গুঠি থৈ যাব খোজে। চুৱেটাৰে গৰম দি দেহটো প্ৰচণ্ড ঠাণ্ডাৰ পৰা ৰক্ষা কৰাৰ দৰে জীৱন সংগিনীয়েও তাৰ অকলশৰীয়া জীৱনটো এই সংসাৰৰ বিভীষিকাৰ পৰা বচাই দিব তাকে ভাৱে আইতাকে।কিন্তু সেইয়া হ'বলৈ হ'লে কিছু পৰিবৰ্তন লাগিব আইতা.. চিঞৰি ক'ব মন যায় তাৰ। বৰ্তমান সি য'ত বসবাস কৰে সেইখন যেন তাৰ বাসস্থান নহয়। শান্তি আৰু সৃষ্টিৰ শলিতা জ্বলাই ভাল পোৱা ৰণৰ একেবাৰে ভাল নালাগে এই ঠাই।কাৰণ ইয়াত আছে তিৰস্কাৰ,অপবাদ ,অন্ধবিশ্বাস ইত্যাদি বহুতো পৰ পৰ লগা পৰিবেশ। আশ্বাস নাথাকিলে জীৱনৰ প্ৰতি বিশ্বাস হেৰাই যায়।সঁহাৰি নাপালে জীৱন যাপন অৰ্থহীন হৈ পৰে। তেনে কুটিল সময়তেই এতিয়া ৰণ।যেন চক্ৰবেহু এই পৰিয়াল।ভিন্ন জনৰ বিভিন্ন মন যুক্তি আৰু বাখ্যা। আচলতে আইতাকে যোৱাকালি ফোন কৰি বিয়াখন পাতিব লাগে বুলি কৈছিল। জীৱনৰ শেষ সময়।সেয়েহে কি ভাবিছে সুধিব বাৰে বাৰে আইতাকে তাক ফোন কৰি আছে।কিন্তু ফোন কল ৰিচিভ কৰি কি ক'ব ভাবিয়েই পোৱা নাই সি। হাজাৰটা সমস্যা ক'ব!নে ফাকি দি আইতাকৰ মন শান্ত কৰিব!সহজতে ফাকি দিয়াৰ স্বভাৱ তাৰ নাই। বিশেষকৈ নিজৰ মানুহক ঠগাব সি নোৱাৰে। শৈশৱত  ককাকে কোৱা নানান ধৰ্মীয় সাধু কথা বা নীতি মূলক কথাই তেনে স্বভাৱ তাহানিতেই মাৰি পেলাইছিল।আকৌ ফোন ৰিং আইতাকৰ।এইবাৰ ৰিছিভ কৰিব মন ডাঠ কৰি ফোন হাতত ল'লে সি।
আইতাকৰ মাত ভাহি আহিল।
আইতা:পিছে কি ভাবিছ্? 
ৰণ:মানে ?
আইতা: বিয়াৰ কথা
ৰণ: ও একো ভবা নাই ৰ'
আইতা: বয়সে ৰখি থাকিব নেকি তোক?
মোৰো গা বহুত বেয়া।
ৰণ: অ' ভাবিম 
আইতা: দে হবো দে ৰাখো। বেজাৰ কৰি ফোন কাটি দিলে আইতাই।
শিল পৰা কপৌৰ দৰে যথৰ হৈ ৰৈ থাকিল ৰণ।
চকুৰে লাহে লাহে বৈ আহিল অসহায় জীৱনৰ যন্ত্ৰণা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)