বিয়লি বেলা-চিৰঞ্জীত নাথ

©Admin
0
মাঘ ‌মাহৰ বিয়লি বেলা
অস্তাচলত ভানু ,
ফুলত পৰি কলীয়া ভ্ৰমৰে 
চুহিছে ফুলৰ ৰেণু । 
বাহলৈ উভটিল দল বান্ধি বান্ধি
যত বনৰীয়া পক্ষী ,
গৰুৰ পাল লৈ ঘৰমুৱা হ'ল
যত গৰখীয়া সখি । 
সোণোৱালী নৰাবোৰত 
ভানুৰ অন্তিম ৰ'দ ,
ম'হৰ পাললৈ গোৱাল উভটিল
গাই কীৰ্তনৰ পদ ।
গাঁও মুখৰিত হ'ল 
গৰখীয়াৰ বাঁহী, পেঁপাৰ মাতে ,
নিশা আগমনৰ বতৰা পায় গধূলি গোপালে
লাহে লাহে পাহি মেলে ।
লাহে লাহে গৈ অস্তাচলত 
ভানু পৰিল লুকাই ,
শেষৰ থকা পোহৰ কণো 
আন্ধাৰত থাকিল ঢুকাই ।
নামঘৰীয়াই নামঘৰ সোমাই 
বজালে ডবা-কাঁহ ,
সন্ধ্যাকাশত নিশাচৰ পখীৰ
সঘনাই আহ-যাহ ।
গাঁৱত জ্বলিল চাকি বন্তি 
আকাশত তৰাৰ মেলা ,
লাহে লাহে পাছে শেষ হয় 
সেইদিনাৰ বিয়লি বেলা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)