বৰ অনুপম জীৱন
জীৱনত কত সুখ পালোঁ
কত দুখ পালোঁ
সুখবোৰত উন্মনা হৈ পৰোঁ
দুখবোৰত চকুলোৰ
নৈ বোৱাই দিওঁ।
জীৱন বৰ জটিল
কেতিয়াবা জীৱনটোক
বৰ আপোন যেন লাগে
কেতিয়াবা দূৰৈৰ অচিনাকী
যেন লাগে.......!
পলে পলে জীৱনৰ প্ৰতি
অবুজ মায়া জাগে
কেতিয়াবা বৰ অবুজন হওঁ
যেতিয়া মোৰ সপোনবোৰে
শূণ্যতাৰ মুখামুখি হয়।
কেতিয়াকৈ নাজানো মই
জীৱন নাটৰ পৰা
দুখৰ এটি এটি বোজা
আতঁৰাব পাৰিম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ