পঞ্চভূতৰ পঞ্চামৃত জ্ঞান-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
কৰ্মসূত্রে ততোধিক বাৰ ভূটান ভ্ৰমনৰ কালত বগা দপ্নে আৰু মেগ্নলীয়া ফুলেৰে জাতিস্কাৰ হৈ থকা পাহাৰৰ চূড়াত বতাহত উৰি থকা বগা পতাকাবোৰ আৰু জং (ৰাজমহল) ,লাখাং ( মন্দিৰ) চোৰ্তেন ( স্তুপা)ৰ চোতালত উৰি থকা ৰঙীন পতাকাবোৰে মনত বহুতো প্ৰশ্নৰ জোৱাৰ তুলিছিল। পৰৱৰ্তী সময়ত এই পতাকাবোৰ আৰু পঞ্চভূতৰ মাজত থকা সম্পৰ্কৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ সমৰ্থ হ'লো। তাকেই আজি আপোনালোকক অৱগত কৰাবলৈ বিচাৰিম।
    হিন্দু আৰু বৌদ্ধ ধৰ্মত পাঁচ সংখ্যাটোৰ অধিক মহত্ব আছে। হিন্দুধৰ্মৰ সৈতে বৌদ্ধ ধৰ্মৰ দৰ্শন আৰু চিন্তাধাৰাৰ যথেষ্টখিনি সাদৃশ্যও আছে আৰু নাথাকিবইনো কিয়, গুৰু শাক্যমুনি প্ৰভুও এজন সনাতনহে আছিল। সেইবাবেই হিন্দুধৰ্মত শাক্যমুনি অমিতাভক প্ৰভু শ্ৰীবিষ্ণুৰ নৱম অৱতাৰ বুলি জ্ঞান কৰা হয়। উল্লেখযোগ্য কথাটো হ'ল ভগৱান শ্ৰীকৃষ্ণৰ শংখটোৰ নামো আছিল  পাঞ্চজন্য। 
     শ্ৰীমদ্ভাগৱদ গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জ্জুনক কৈছিল, জীৱজগত প্ৰধানতঃ পঞ্চভূত অৰ্থাৎ পাঁচটা উপাদানেৰে তৈয়াৰী। এই পঞ্চভূত হৈছে ক্ষিতি (পৃথিৱী), অপ (পানী), তেজ (অগ্নি), মৰুৎ (বায়ু) আৰু ব্যোম (আকাশ)। শৰীৰৰ পঞ্চ জ্ঞানেন্দ্ৰিয় ( নাক, কাণ, চকু, জিভা আৰু ছাল) আৰু পঞ্চ কৰ্ম ইন্দ্ৰিয়ৰ (হাত,ভৰি, লিংগ, শৌচাদ্বাৰ আৰু মুখ) লগতে শৰীৰৰ সকলো অঙ্গ-প্রত্যঙ্গ এই পঞ্চভূতৰ দ্বাৰাই তৈয়াৰ হয়। পঞ্চতত্ত্বৰ দৰ্শন মতে জীৱৰ ভৌতিক অবয়বটোৱেই হৈছে আকাশ। 
     শৰীৰটোক জীৱন্ত কৰি ৰাখিবলৈ হৃদযন্ত্ৰই বায়ুমণ্ডলৰ পৰা অহৰহ বায়ু যোগাই থাকে। বায়ু অবিহনে জীৱ জীয়াই থাকিব নোৱাৰে। তেজৰ কণিকাৰ সতে মিহলি হোৱা অম্লজানে শৰীৰ মৃত্যুৰ কোষ বোৰৰ ঠাইত নতুন কোষৰ উৎপত্তিৰে জীৱনৰ চালিকা শক্তি অব্যাহত ৰাখে। 
       জীৱৰ শৰীৰৰ ভিতৰত সংঘটিত হৈ থকা বিভিন্ন ভৌতিক আৰু ৰাসায়নিক প্ৰক্ৰিয়াৰ বাবে শৰীৰত উত্তাপৰ সৃষ্টি হয়। এই আভ্যন্তৰীণ উত্তাপে  শৰীৰৰ পৰিপাক  প্ৰক্ৰিয়াৰ লগতে আৰু অন্যান্য  বহুত কাৰ্য সম্পাদনাত সহায় কৰে। জীৱৰ মৃত্যুৰ লগে লগে শৰীৰৰ ৰাসায়নিক আৰু ভৌতিক প্ৰক্ৰিয়াবোৰ স্তব্ধ হৈ পৰে আৰু শৰীৰ মাজৰ  উত্তাপৰ উৎপন্নতা বন্ধ হৈ পৰে। ফলত জীৱৰ শৰীৰটো চেঁচা হৈ পৰে। শৰীৰৰ উত্তাপেই হ'ল অগ্নি।
      শৰীৰৰ ভিতৰত ভৰি থকা তেজ, শ্লেষ্মা, পিত্তৰস সকলোবোৰ হ'ল জল অৰ্থাৎ পানী। মানৱ দেহত প্ৰায় ৬০% পানী থাকে।
      দেহৰ  ভিতৰত পানীয়ে শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰে। তাৰোপৰি দেহৰ কোষবোৰলৈ অম্লজান আৰু পুষ্টি সৰবৰাহ কৰে।
       শৰীৰৰ অঙ্গ-প্রত্যঙ্গ, অস্থি , নখ, চুলি, মজ্জা, ছাল আৰু মঙহেই হ'ল পৃথিৱী । পৃথিৱীয়ে জীৱৰ ভৌতিক অবয়বটোক পূৰ্ণ ৰূপ প্ৰদান কৰে।
       জীৱৰ মৃত্যুৰ পাছত পাঁচবিধ উপাদান পুনৰাই নিজৰ প্ৰাথমিক অৱস্থালৈ ঘূৰি যায় । সেইবাবেই জীৱৰ মৃত্যুৰ পাছত মৃতদেহ সৎকাৰ কৰি শৰীৰৰ উপাদানবোৰ পঞ্চভূতত বিলীন কৰি দিয়া হয়।
       মানৱদেহটোক প্রাচীন ভাৰতৰ আয়ুৰ্বেদ শাস্ত্ৰমতে মূৰ, ডিঙি, হাত, ভৰি আৰু কবন্ধ নামেৰে পাঁচোটা বিশেষ ভাগত বিভক্ত কৰা হৈছিল। 
      মস্তিষ্কই পঞ্চ ইন্দ্ৰিয়, পোন্ধৰ বাসনা, পাঁচ আবেগৰ লগতে সমস্ত শৰীৰটোক নিয়ন্ত্ৰণ কৰে। তাৰ লগতে হাত দুখনে কৰম ভৰি দুখনে ভ্ৰমণ আৰু কবন্ধে শ্বাস প্ৰশ্বাস, পৰিপাক আৰু প্ৰজনন ক্ৰিয়াৰে জৈৱিক শৰীৰটোক সম্পূৰ্ণ প্ৰাণৱন্ত  কৰি তোলে।
       মানৱ দেহৰ আকৌ মগজু, হৃদয়, বৃক্ক, যকৃত আৰু হাওঁফাওঁ এই পাঁচটা বিশেষ অংগ। এটাৰ অবিহনেও জীৱ এক পলো বাচি থাকিব নোৱাৰে। 
       সহস্ৰ বছৰ আগতেই ৰচিত ভাৰতীয় আয়ুৰ্বেদ শাস্ত্ৰত জীৱৰ শৰীৰটোক শক্তি যোগান ধৰিবলৈ  শৰ্কৰা (কাৰ্বোহাইড্ৰেট), দেহসাৰ (প্ৰ'টিন), মেদ (ফেট), খাদ্যপ্ৰাণ (ভিটামিন) আৰু খনিজ (মিনাৰেল) নামৰ পাঁচবিধ পুষ্টিকৰ আহাৰ (পঞ্চভোগ)ৰ প্ৰয়োজনীয়তাৰ কথা  উল্লেখ কৰা আছে। এই পঞ্চভোগৰ জৰিয়তে আকৌ জিভাখনে মিঠা, তিতা, টেঙা , কেঁহা আৰু লুণীয়া, পাঁচটা ভিন্ন স্বাদৰ অনুভৱ কৰে।
       আনহাতে হিন্দুধৰ্মৰ পূজা-পাৰ্বন তথা শুভ অনুষ্ঠানত ঈশ্বৰৰ প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা ঘিউ, মৌ, চেনী, দৈ আৰু  এৱা গাখীৰেৰে তৈয়াৰী পঞ্চামৃতৰ কথাও সৰ্বজনবিদিত। আচৰিত কথাটো হ'ল উত্তৰ আমেৰিকাত বসবাস কৰা ক্রীটদাস আফ্ৰিকান জনজাতিৰ লোকসকলে বিশ্বাস কৰা হুডু ধৰ্মতো ভাৰতীয় পঞ্চামৃতক শেহতীয়াকৈ উপাস্য ঈশ্বৰৰ প্ৰসাদ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । আমাৰ ভাৰতীয় সকলৰ বিড়ম্বনা হ'ল সনাতন ধৰ্মৰ উদাৰ বিচাৰধাৰাৰ বাবে তেওঁলোকে নিজৰ দৰ্শন আৰু চিন্তাধাৰাক প্ৰাধান্য দিবলৈ বাদ দিয়াটো। সামান্য বৈষয়িক সুখ আৰু সুবিধাৰ স্বাৰ্থত নিজৰ সনাতন ধৰ্ম এৰি প্ৰাচ্য- পাশ্চাত্যৰ ধৰ্ম গ্ৰহণ কৰিছে । ধৰ্ম পৰিবৰ্তনৰ অজুহাত লৈ পাশ্চাত্যৰ দেশ সমূহে ভাৰতৰ উৎকৃষ্ট দৰ্শন, চিন্তাধাৰা আৰু বিজ্ঞান শাস্ত্ৰ সমূহ নিজাকৰণ কৰি সংস্কাৰকৰ ভূমিকা ল'বলৈ ধৰিছে। ফলত পৰবৰ্তীকালত  ভাৰতৰ আয়ুৰ্বেদ,  শিক্ষা, ৰাজনৈতিক, অৰ্থনৈতিক, আদি বিভিন্ন শাস্ত্ৰৰ  বিশেষ সূত্র সমূহ পশ্চিমীয়া কৰণ হৈ পৰিবলৈ ধৰিছে। আজি তেওঁলোকে আমাৰ ঋষি মুনি সকলে কঠোৰ তপস্যা আৰু সাধনাৰে দি যোৱা প্ৰাচীন দৰ্শনক ন-সাজ পিন্ধাই আমাকেই শিক্ষা দিছে; আৰু আমি তেওঁলোকৰ মুখত আখৈ ফুটা সেই জ্ঞানৰাজিত অভিভূত হৈছো।
         বেদত উল্লেখ থকা মতে ভগৱানে জীৱ শ্ৰেষ্ঠ মানুহক ৰচনা কৰোতে শাৰীৰিক কায়াটোৰ সতে হৃদয়ৰ মাজত পোন্ধৰটা বাসনাও সঞ্চাৰ কৰিছিল। সেই পোন্ধৰটা বাসনাৰ পাঁচটা উত্তম,পাঁচটা মধ্যম আৰু পাঁচটা অধম বুলি গণ্য কৰা হয়।
       পাঁচটা উত্তম বাসনা হ'ল একাদিক্রমে স্বাধীনতা, অনুসন্ধিৎসুকতা, আধ্যাত্মিকতা, প্ৰেম আৰু প্ৰশান্তি । শতগুনী লোক সকলৰ মন এইবোৰ বাসনাৰ লিপ্সাই নিয়ন্ত্ৰণ কৰি ৰাখে। 
       মানুহৰ মনত সক্ৰিয় হৈ থকা মধ্যম বাসনাবোৰ হ'ল- পৰিয়াল, ধনসঞ্চয়, শৰীৰচৰ্চা, পদমৰ্যাদা আৰু সামাজিক সংযোগ। ৰজ গুণী মানুহৰ চিন্তাধাৰা এই মধ্যম শ্ৰেণীৰ বাসনাৰ দ্বাৰা পৰিচালিত হয়। তমো গুণীসকলৰ মন মগজু ঘোলা কৰি থকা অধম শ্ৰেণীৰ বাসনা কেইটা হ'ল- ক্ষমতা,ভোগ,  প্ৰতিশোধ, স্বীকৃতি আৰু আদেশ প্ৰদান ।
      এই সকলোবোৰৰ ভিতৰত পাঁচটা বাসনাৰ আকৌ কেতিয়াও সম্পূৰ্ণ ভাৱে তৃপ্তি পূৰণ নহয়। সেই অতৃপ্ত বাসনা কেইটা হ'ল- আধ্যাত্মিকতা, ধনসঞ্চয়, প্ৰতিশোধ,ক্ষমতা আৰু প্ৰেম।
      যৌনক্ষুধা বাসনা নহয়, ই এক আদিম লালসা। বংশবৃদ্ধিৰ বাবে ঈশ্বৰে জীৱৰ শৰীৰৰ এই জৈৱিক প্ৰক্ৰিয়াৰ সৃষ্টি কৰিছিল। প্ৰেম মানেই যৌন উপভোগক নুবুজায়। কিন্ত প্ৰেম বিহীন যৌনভোগৰ লালসাক আকৌ যৌন উৎপীড়ন বুলি গণ্য কৰা হয়। যৌন উৎপীড়ন মহাপাপ। যৌন উৎপীড়নকাৰী পাপাত্মাবোৰ ৰৌ ৰৌ নৰকত পঁচে। আনকি পশু পক্ষীয়েও যৌনকৰ্মত প্ৰবৃত্ত হোৱাৰ আগতে ইজনে সিজনক প্ৰেম নিবেদন যাচি পৰস্পৰৰ মাজত স্বৰ্গীয় আবেগ জগাই তুলিব চেষ্টা কৰে। কিন্তু জীৱ শ্ৰেষ্ঠ বুলি কোৱা মানুহৰ বেছিভাগেই আকৌ বিকৃত যৌনকাৰ্যৰ প্ৰতিহে আকৃষ্ট । বলপূৰ্বক ভাৱে কৰা যৌন উৎপীড়ন একমাত্ৰ জীব শ্ৰেষ্ঠ বুলি দাবীকৰা মানুহৰ সমাজতহে দেখা যায়। সেইকাৰণে পশু পক্ষীবোৰৰ পৰা জন্ম পোৱা সন্তানবোৰ আপেক্ষিক ভাবে মানুহৰ সন্তানতকৈ সুস্থ আৰু সবল হয়। বিশ্লেষণ কৰি চালে দেখা যাই পশু-পক্ষীৰ ক্ষেত্ৰত কেতিয়াবা কাচিৎহে পঙ্গু সন্তান জন্ম হয়। কাৰণ বিকৃত যৌনাচাৰ অথবা যৌন উৎপীড়নৰ বিষয়ে পশু পক্ষীবোৰ অজ্ঞ। 
     এজন মানুহৰ আচাৰ-ব্যৱহাৰ, চলন-ফুৰণ আৰু কাৰ্য্যকলাপ- এই পোন্ধৰটা বিশেষ বাসনাৰে প্ৰভাৱান্বিত হয়।  এই বাসনাবোৰৰ প্ৰৱলতাৰ কবলত মানুহ এজনৰ পাঁচটা জ্ঞানেন্দ্ৰিয় আৰু পাঁচটা কৰ্ম  ইন্দ্ৰিয় সষ্টম হৈ উঠে আৰু কাৰ্য কৰা আৰম্ভ কৰে। বাসনাৰ প্ৰভাৱত মনৰ মাজত আবেগৰ ঢৌ উঠে।
      পঞ্চ জ্ঞানেন্দ্ৰিয় নাক, কাণ, চকু, ছাল আৰু জিভাখন মানুহৰ মনটোৰ দ্বাৰা নিয়ন্ত্ৰণ হয়। মনটোক মধ্যম আৰু অধম বাসনাৰ পৰা নিলগাই ৰাখিব পাৰিলেহে এজন মানুহৰ বাবে চিৰসুন্দৰ আৰু চিৰশান্তিৰ প্ৰাপ্তি সম্ভৱ হ'ব পাৰে । 
        বিষয় বাসনা পূৰণত ব্যাকুল লোক এজনৰ হৃদয়ৰ মাজত পঞ্চ আবেগ- হৰ্ষ, বিষাদ, ঘৃণা, ক্ষোভ আৰু আশংকাৰ সৃষ্টি হয় । মানুহে বেছিভাগ সময়েই এই পাঁচটা বিশেষ আবেগৰ বশৱৰ্তী হৈ ভাল বেয়া নাভাবি কাৰ্যকলাপ কৰি পেলায়। মগজুৰ বুদ্ধি আৰু জ্ঞানেৰে বিবেচনা নকৰি একমাত্ৰ বিবেকৰ দ্বাৰা পৰিচালিত হৈ কৰা যিকোনো কামেই মংগলজনক নহয়।
     এজন মানুহ জীয়াই থাকিবলৈ মাত্র পাঁচটা বিশেষ বস্তুৰহে দৰাচলতে প্ৰয়োজন হয়। সেই কেইটা হ'ল বায়ু,পানী,আহাৰ,নিদ্ৰা আৰু শাৰীৰিক ব্যায়াম। পৰবৰ্তীকালত সমাজ পাতি থাকিবলৈ লোৱাৰ পাছত বস্ত্ৰ আৰু বাসস্থান এই দুয়োটাও মানুহৰ বাবে অপৰিহাৰ্য্য হৈ পৰিল। পৰবৰ্তীকালত শিক্ষা-দীক্ষাৰ আধাৰত সমাজৰ প্ৰথাগত ৰীতি নীতিবোৰৰো সৃষ্টি হ‘বলৈ ধৰিলে ।
         গুৰুত্বপূৰ্ণ কথা এটা হ'ল  মানুহৰ মন । মানুহৰ ইচ্ছা শক্তিৰ ওচৰত ঈশ্বৰ অধীন হৈ পৰে। এজন ব্যক্তিয়ে যদি  হৃদয়েৰে কিবা এটা  কাম কৰিম বুলি দৃঢ় প্ৰতিজ্ঞ হয় ঈশ্বৰেও  তেওঁক সহায় কৰে। সনাতন দৰ্শন মতে হাতযোৰ কৰি ঈশ্বৰক প্ৰণাম কৰি নিজৰ পঞ্চতত্ত্ব,পঞ্চ ইন্দ্ৰিয় আৰু পঞ্চ আবেগক ভগৱানৰ শ্ৰীচৰণত অৰ্পণ কৰা হয়। দৃঢ়তাৰে কিবা কাম কৰিবলৈ যেতিয়া মুঠি টান কৰা হয় তেতিয়া হাতৰ পাঁচোটা আঙুলি এক সমান হৈ পৰে,অৰ্থাৎ হৃদয়ৰ পৰা বিচৰা কামটোত সফল হবলৈ নিজৰ পাঁচোটা আত্মবল (বিশ্বাস, মন, ধন, শৰীৰ আৰু জ্ঞান ) একজোঁট কৰা হয় । হাতৰ কনিষ্ঠ, অনামিকা, মধ্যমা, তৰ্জনী আৰু বৃদ্ধাংগুলিয়ে একাদিক্ৰমে পঞ্চভূত জল, পৃথিৱী, আকাশ, বায়ু আৰু অগ্নিক প্ৰতিনিধিত্ব কৰে । সেয়েহে, একজোঁট হোৱা হাতৰ পাঁচটা আঙুলিয়ে মানুহৰ মগজুত সোমাই  থকা পাঁচবিধ জ্ঞানক উদীপ্ত কৰি উচিত পথেৰে কৰ্মক্ষেত্রত আগুৱাই যোৱাত সহায় কৰে। এই পাঁচবিধ জ্ঞান হৈছে  - মতি, শ্ৰুতি, পৰ,স্বৰ্গীয় আৰু চিৰন্তন। 

১। মতি জ্ঞান : সংবেদনশীলতা অৰ্থাৎ নিজৰ অনুভৱৰ দ্বাৰা প্ৰাপ্ত জ্ঞান। যেনে গৰম বস্তু ছুলে হাত পোৰে। গৰম বস্তু চুলেহে পোৰাৰ অনুভৱ প্ৰাপ্তি হয় ।
২। শ্ৰুতি জ্ঞান : শ্ৰবন ইন্দ্ৰিয়ৰ দ্বাৰা প্ৰাপ্ত হোৱা জ্ঞান।
৩৷ পৰ জ্ঞান : আনৰ মগজুৰ দ্বাৰা লাভ কৰা জ্ঞান। যেনে  শিক্ষকে নিজৰ বুদ্ধিমত্তাৰে প্ৰদান কৰা জ্ঞান।
৪ ৷ অলৌকিক জ্ঞান : সমাজত কেতিয়াবা কিছুমান মানুহ স্বৰ্গীয় জ্ঞানেৰে পৰিপুষ্ট হৈ অদ্ভুত কাৰ্য্যকলাপ কৰা দৃষ্টিগোচৰ হয়।
 ৫৷ চিৰন্তন জ্ঞান : ধৰাৰ দিন ৰাতিৰ উৎপত্তি, ঋতু পৰিৱৰ্তন, জন্ম-মৃত্যুৰ পৰিক্ৰমা ইত্যাদি চিৰন্তন বিষয়ক জ্ঞান সকলোৱেই  কম বেছি পৰিমাণে প্ৰাপ্তি লাভ কৰে।
 
      এই পাঁচবিধ জ্ঞানৰ আধাৰত আকৌ মানুহৰ পাঁচবিধ বুদ্ধিমত্তাৰ বিকাশ হয় । সেই বুদ্ধিমত্তা পাঁচবিধ হৈছে মানসিক, জ্ঞানীয়, সামাজিক, প্ৰযুক্তিগত আৰু পাৰিপাৰ্শ্বিক বুদ্ধিমত্তা। এই বুদ্ধিমত্তাৰে এজন ব্যক্তিয়ে পাচোঁটা জ্ঞানেন্দ্ৰিয় আৰু পাচোঁটা কৰ্ম ইন্দ্ৰিয়ক নিয়ন্ত্রণ কৰি কৰ্মত ব্ৰতী হৈ পৰে। হৃদয়ৰে বিচৰা কৰ্মত সাফল্যতা লাভ কৰিলে মানুহে পাঁচ প্ৰকাৰৰ সুখ অনুভৱ কৰে। সেই পাঁচবিধ সুখ হ'ল একাদিক্রমে- আনন্দ, সন্তোষ, গৰিমা, কৃতজ্ঞতা আৰু আশাবাদ। মানুহে এই পাঁচবিধ সুখক পঞ্চৰত্ন (হীৰা, সোণ,নীল, মণিমুক্তা আৰু প্ৰবালতকৈয়ো) উচ্চতম বুলি গণ্য কৰে। এই সুখে মানুহৰ জীৱনটোক অৰ্থপূৰ্ণ আৰু সজীৱ কৰি ৰাখে। মানুহৰ সফলতা, জ্ঞান আৰু বুদ্ধিমত্তা বনজুইৰ দৰে পূব,পশ্চিম ,উত্তৰ, দক্ষিণ আৰু কেন্দ্ৰ পাঁচো দিশত বিয়পি পৰে। মানুহে সদায়েই পাঁচবিধ কু-কৰ্মৰ পৰা আঁতৰি থকাটো বাঞ্চনীয়। সেই পাঁচটা কুকৰ্ম হ'ল- যৌন উৎপীড়ন, জীৱ হত্যা, নিচাসেৱন, মিছা কোৱা আৰু চুৰি কাৰ্য্য । মানুহৰ কুকীৰ্তি বোৰক ঢাকোন দি ৰাখিব  নোৱাৰি। এই কুকীৰ্তিবোৰ পাঁচো দিশত বিয়পি পৰে ।
       সচৰাচৰ ভূটানৰ সকলোবোৰ ঠাইতে দেখা পোৱা ৰঙীন পতাকা বোৰে পঞ্চতত্ত্ব, পঞ্চ ইন্দ্ৰিয়, পঞ্চ বাসনা, পঞ্চ জ্ঞান,  পঞ্চ দিশ, পঞ্চ আবেগ, পঞ্চ ভোগ, পঞ্চ ৰত্ন, পঞ্চ ৰোগ আৰু পঞ্চ সুখক প্ৰতিনিধিত্ব কৰে। বৌদ্ধ ধৰ্মত পাঁচ প্ৰকাৰৰ পবিত্ৰ পতাকা বিভিন্ন কাৰণত ব্যৱহাৰ কৰা হয় । বৌদ্ধমন্ত্ৰ  সম্বলিত এই পবিত্ৰ পতাকা বোৰক জংখা ভাষাত ধৰ বুলি কোৱা হয় । এই  মন্ত্ৰপূত পতাকা সমূহ বগা, নীলা, হালধীয়া, সেউজীয়া আৰু ৰঙা পাঁচ বৰণৰ কাপোৰেৰে তৈয়াৰ কৰা হয় । 

১। বগা বৰণে প্ৰতিনিধিত্ব কৰে বায়ু । ই হ'ল সৌভাগ্যৰ প্ৰতীক। লগতে বায়ুৱে ঋণাত্মক কৰ্মক  পৰিশোধন কৰি ধনাত্মক ৰূপ দিয়া সূচায়। এই ৰঙে শাক্যমুনি বৌদ্ধৰ  ব্ৰজসত্বাক সুচায়। 
২। নীলা বৰণে প্ৰতিনিধিত্ব কৰে আকাশ। ই হ'ল সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ প্ৰতীক। লগতে এই ৰঙে "চা লা নাম চাম" মানে তিব্বতীয় বৌদ্ধ ধৰ্মৰ তিনি গৰাকীৰ দীৰ্ঘায়ুৰ  উপাস্য দেৱতা অমিতায়ুস, নামগীয়ালমা আৰু শুভ্ৰতাৰা নামৰ বুদ্ধৰ তিনিটা ৰূপক উপাসনা কৰা হয় ।
৩৷ হালধীয়া বৰণে প্ৰতিনিধিত্ব কৰে পৃথিৱীক। ই সংকটমোচন অৰ্থাৎ শত্রু আৰু সংঘাত বিজয়ৰ প্ৰতীক। লগতে ই এক বিশেষ বিজয়ৰ সূত্র সূচায় যাৰ বলত ইন্দ্ৰই অসুৰক দমন কৰিবলৈ সমৰ্থ হৈছিল। শাক্যমুনি অমিতাভে ইন্দ্ৰক এই সূত্ৰ প্ৰদান কৰিছিল। 
৪৷ সেউজীয়া বৰণে প্ৰতিনিধিত্ব কৰে জল ।এই ৰঙেৰে নাৰীৰূপিনী বৌদ্ধসত্বাৰ একৈশ গৰাকী তাৰাদেৱীৰ অৱতাৰক পূজা উপাসনা কৰা হয় ।
৫৷ ৰঙা বৰণে প্ৰতিনিধিত্ব কৰে অগ্নিক। ই হ'ল পূৰ্ণতাৰ প্ৰতীক। লগতে এই  দ্বিতীয় বুদ্ধ পদ্মচম্ভৱা অৰ্থাৎ গুৰু ৰিনপোচেইক উপাসনা কৰা হয়। 

ভূটানত এই পাঁচবিধ ৰঙেৰে বনোৱা মন্ত্ৰপুত পাঁচবিধ পবিত্ৰ  বিভিন্ন উৎস-পাৰ্বন, পূজা-সকাম আৰু বিয়া-বাৰুত ব্যৱহাৰ কৰা হয়। সাধাৰণতে বগা ৰঙৰ মন্ত্ৰপূত পবিত্ৰ পতাকা সমূহ বেমাৰ-আজাৰ বা সা-সমস্যাৰে দুৰ্গত লোকসকলৰ মংগলাৰ্থে আৰু মৃতলোকৰ আত্মাৰ সদগতিৰ বাবে জনসমাজৰ পৰা নিলগত পাহাৰৰ চূড়া আদিত উত্তোলন কৰা হয়। অন্য ৰঙীন পতাকা সমূহ সাধাৰণতে লাখাঙ, চোৰ্তেন, মনেষ্ট্ৰী অথবা যিকোনো পবিত্ৰ স্থান ঘৰ দুৱাৰ আদিত লগাই ৰখা হয়। বৌদ্ধ ধৰ্মৰ পাঁচবিধ এই বিশেষ পতাকা হৈছে- 

১। লুঙ ধৰ : সাধাৰণতে ৰচীৰে লানি লানিকৈ ওলমাই ৰখা সৰু সৰু আয়তাকাৰ ৰঙীন পবিত্ৰ মন্ত্ৰপুত লুঙ ধৰবোৰ ভূটান আৰু তিব্বতৰ দাতি কাষৰীয়া  দলং,গিৰিপথ, মনেষ্ট্ৰী আদিত দেখিবলৈ পোৱা যায়।
 ২৷ ডাচগ ধৰ : স্থানীয় ভাষাত ডাৰ্চিঙ বুলি খ্যাত দীঘল দীঘল দণ্ডত ঠিয়কৈ লগাই ৰখা আয়তাকাৰ  ৰঙীন শাৰী শাৰীকৈ পুতি ৰখা পতাকাবোৰ পাহাৰ-পৰ্বতৰ ওপৰত স্থাপন কৰা হয়।
 ৩৷ মনি ধৰ:  জংখা ভাষাত আকৌ বগা ৰঙৰ ডাৰ্চিঙ বোৰৰ দৰে অকল বগা ৰঙৰ পতাকাবোৰক মনিধৰ বুলি কোৱা হয়।  মৃত ব্যক্তিৰ আত্মাৰ সদগতিৰ বাবে পাহাৰৰ চূড়াত এই মনিধৰ পতকা উৰুৱা হয় । ১০৮ খন মনিধৰ দান কৰিলে দাতাই ঈশ্বৰৰ পৰা বহুত কৃপা লাভ কৰে বুলি কথিত আছে। 
 ৪৷ লা ধৰ : ডাচগ ধৰতকৈ বিশাল আকাৰৰ আয়তাকাৰ ৰঙীন পবিত্ৰ পতকা বোৰক লা ধৰ বুলি কোৱা হয়। এই পতাকাবোৰত কোনো মন্ত্ৰ মুদ্ৰিত কৰা নহয়। তাৰ পৰিৱৰ্তে পতাকাবোৰত গৰুড়, হিমসিংহ, উৰণীয়া বাঘ আৰু ড্ৰেগন এই চাৰিবিধ কাল্পনিক জীৱৰ প্ৰতিচ্ছবি অংকন কৰা হয়। এই পতাকাবোৰ অপশক্তিৰ ওপৰত পোৱা বিজয়ৰ স্মৃতিক সুৱৰি উৰুৱা হয়।  ভূটানৰ মনেষ্ট্ৰী আৰু জং বোৰৰ সন্মুখত  ৰঙা, নীলা, হালধীয়া আৰু সেউজীয়া ফিটা দাঁতিত লগোৱা এই পতাকাবোৰ স্থাপন কৰা হয়। সাধাৰণতে এই স্থানবোৰত যিকোনো লোকে প্ৰৱেশ কৰিবলৈ ভূটানৰ থলুৱা পোছাক পিন্ধাটো বাঞ্চনীয়। অন্যথাই তেনে স্থানত তেওঁলোকৰ প্ৰৱেশ নিষেধ।
 ৫৷ গোৱেন ধাৰ : দাঁতিত ৰঙা, নীলা, হালধীয়া আৰু সেউজীয়া ফিটা লগোৱা, আয়তাকাৰ সৰু এই বগা মন্ত্ৰপুত পবিত্ৰ পতাকাবোৰ ভূটানৰ স্থানীয়লোকৰ ঘৰৰ মুধচত উত্তোলন কৰে। এই পতাকা খন ঘৰখনৰ শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ বাবে লগোৱা হয় ।
     
        বৌদ্ধ ধৰ্মৰ পাঁচবিধ এই বিশেষ পতাকা বোৰত এক বিশেষ চিয়াঁহীৰে পবিত্ৰ মন্ত্ৰ মুদ্ৰিত কৰা হয়। বৌদ্ধসকলে পতাকাবোৰত মুদ্ৰিত কৰা এই মন্ত্ৰবোৰ সমীৰত ধ্বনি হৈ চৌপাশে বিয়পি পৰে বুলি বিশ্বাস কৰে। বতাহত বিয়পি পৰা বিভিন্ন মন্ত্ৰৰ শক্তিকণাই জীৱজগতৰ সমস্ত প্ৰাণীৰ কল্যাণ সাধন কৰে। শব্দই ব্ৰহ্ম। গতিকে আমি প্ৰত্যেকেই নিজৰ মুখৰ পৰা নিৰ্গত হোৱা শব্দৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো বাঞ্চনীয়; অন্যথাই ই নিজৰ লগতে আনৰো ক্ষতি সাধন কৰিব পাৰে।
 
                                 
 ✍🏻চুমিন্দ্ৰ চৌধুৰী
নতুন দিল্লী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)