সময়ৰ দাপোণত ঢেকীয়ালৰ প্ৰতিচ্ছবি- দশমী শইকীয়া

©Admin
0
সাংস্কৃতিক দিশ

ঢেকীয়ালবাসী সাংস্কৃতিক দিশতো আগবঢ়া ৷ ভাওনা , নাটক , সংগীত , সাহিত্য আদি দিশত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে ৷ সাহিত্য চৰ্চা ৰ ক্ষেত্ৰত জ্যোতি শাখা সাহিত্য সভাই সাহিত্য অনুৰাগীৰ মাজত সাহিত্য চৰ্চাৰ বাতাবৰণ সৃষ্টি কৰি আহিছে ৷ কণ কণ শিশুসকলৰ প্ৰতিভা বিকাশৰ বাবে মইনা পাৰিজাতৰ দৰে অনুষ্ঠান গঢ় লৈ উঠিছে ৷ ঢেকীয়ালৰ কেইগৰাকীমান উদীয়মান যুৱকে 'পদাতিক নাট্যগোষ্ঠী' নামেৰে এটি নাট্যানুষ্ঠান গঢ়ি তুলিছে ৷ বিভিন্ন ঠাইত নাটক প্ৰদৰ্শন কৰাৰ উপৰিও একাংক নাটক প্ৰতিযোগিতা অনুষ্ঠিত কৰি সফলতা লাভ কৰিছে ৷ সংস্কৃতি প্ৰেমীসকলৰ চেষ্টাতে ঢেকীয়ালত এটা ৰাজহুৱা সাংস্কৃতিক ভৱন গঢ় লৈ উঠে ৷ এই ভৱনটিয়ে ঢেকীয়ালৰ সভা সমিতিৰ লগতে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণত অৱদান আগবঢ়াই আহিছে ৷

*সত্ৰ সংস্কৃতি*

ঢেকীয়াল অঞ্চলত বহুকেইখন সত্ৰই বৈষ্ণৱ ধৰ্মৰ জেউতি বিলাই আহিছে ৷  বিভিন্ন ক্ষণত পৃথক পৃথক ঠাইত পৃথক পৃথক লোকৰ দ্বাৰা প্ৰতিষ্ঠিত এই সত্ৰসমূহে ঢেকীয়ালৰ সাংস্কৃতিক ধাৰাটোৰ উৎস বহন কৰি আহিছে ৷ সত্ৰসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল -

*গৌৰাঙ্গসত্ৰ*
ঢেকীয়াল চাৰিআলিৰ পৰা ১ কিঃ মিঃ পশ্চিমে এই গৌৰাঙ্গসত্ৰ অৱস্থিত ৷ আউনীআটী সত্ৰৰ ঠেঙুলি এই সত্ৰক কাশ্যপ *
ত্ৰীয় গৌৰাঙ্গ দেৱৰ নাম অনুসৰি গৌৰাঙ্গ সত্ৰ আখ্যা দিয়া হয় ৷
    জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে এই সত্ৰখনিতে জন্ম লাভ কৰিছিল ৷ সত্ৰখনিত বহু পুৰণি সম্পদ বৰ্তমানো সংৰক্ষিত অৱস্থাত আছে ৷ সময়ৰ লগে লগে সত্ৰখনিত সত্ৰীয়া চৰ্চা বহুখিনি ম্লান পৰা পৰিলক্ষিত হয় ৷

*মধুমিশ্ৰ সত্ৰ*
ঢেকীয়াল চাৰিআলিৰ পৰা ১/২ কিঃ মিঃ উত্তৰ পূবৰ এলেংমূৰীয়া গাঁৱত এই সত্ৰখন অৱস্থিত ৷ অচ্যুতানন্দৰ পুত্ৰ মধুমিশ্ৰৰ নামেৰেই এই সত্ৰৰ নাম মধুমিশ্ৰ হয় ৷ ভাৰতৰ সফল চন্দ্ৰযানৰ প্ৰধান বিজ্ঞানী ড° জিতেন্দ্ৰ নাথ গোস্বামী এই সত্ৰৰে সন্তান ৷

*মাহৰা সত্ৰ*
ঢেকীয়াল চাৰিআলিৰ পৰা ১  কিঃ মিঃ মান পশ্চিমলৈ মাহৰা সত্ৰ অৱস্থিত ৷ পুৰোষোত্তম ঠাকুৰৰ বৰ বাৰজনীয়া বৈষ্ণৱ সভাৰ আৰ্চায ৰামকৃষ্ণ দেৱে মাজুলীৰ শ্ৰীৰাম চাপৰিত ১৫৬৯ চনত গোমোঠা মাহৰা সত্ৰ প্ৰতিষ্ঠা কৰে ৷ পৰৱৰ্তী সময়ত এই সত্ৰৰ শাখা সকলো দিশত বিয়পি পৰে ৷ তাৰেই এটি শাখা ঢেকীয়াল অঞ্চলত প্ৰতিষ্ঠিত হয় ৷

*মদাৰগুৰি সত্ৰ*
ঢেকীয়ালৰ পৰা ১/২ কিঃমিঃ উত্তৰ পূবলৈ এই সত্ৰখন অৱস্থিত ৷ এই সত্ৰত বহুতো সাঁচিপতীয়া পুথিৰ উপৰিও ৰজাদিনীয়া পিতল আৰু অষ্টধাতুৰ মূৰ্তি সংৰক্ষিত অৱস্থাত আছে বুলি কোৱা হয় ৷

*আধাৰ সত্ৰ*
স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত আধলিয়াল চন্দ্ৰ বাপুৱে মাজুলীৰ পৰা ব্ৰহ্মপুত্ৰৰে ভটিয়াই আৰু ধনশিৰিয়েদি উজাই আহি চিনাতলী অঞ্চলত এখন সত্ৰ প্ৰতিষ্ঠা কৰে ৷ কালক্ৰমত মুখ বাগৰি আধলিয়াল শব্দৰ পৰাই সম্ভৱতঃ আধাৰ ৰূপ লাভ কৰে ৷ ফলত সত্ৰখনৰ নাম আধাৰ সত্ৰ হয় ৷

*স্বাধীনতা আন্দোলনত ঢেকীয়ালৰ ভূমিকা*

ভাৰতৰ স্বাধীনতা সংগ্ৰাম ইতিহাসৰ এক গৌৰৱময় অধ্যায় ৷ ব্ৰিটিছৰ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি থিয় দিছিল ৷ এই স্বাধীনতা সংগ্ৰামত আমাৰ ঢেকীয়াল বাসীয়েও অসীম অৱদান আগবঢ়ায় ৷ ব্ৰিটিছ শাসনৰ পৰা দেশক মুক্ত কৰিবলৈ মহাত্মা গান্ধীয়ে অহিংস নীতিৰে আন্দোলনৰ নেতৃত্বত বহন কৰাৰ পাছৰে পৰা সকলোতে মুক্তি আন্দোলনে গা কৰি উঠে ৷ গোলাঘাট জিলাৰ ঢেকীয়ালতো এই আন্দোলনৰ বতাহে কোবাই যায় ৷ ১৯২১ চনৰ অসহযোগ আন্দোলনত ঢেকীয়ালৰ মুক্তি যুঁজাৰু সকলে সক্ৰিয় সহযোগ আগবঢ়াইছিল ৷ ঠায়ে ঠায়ে সভা পাতি জনগণক সজাগ কৰিছিল ৷
   আন্দোলনৰ মূলমন্ত্ৰ আছিল বিদেশী বস্তু বৰ্জন , স্বদেশী গ্ৰহণ ৷ ঢেকীয়ালৰ মুক্তি যুঁজাৰুসকলে আন্তৰিকতা আৰু নিৰ্ভীকতাৰে আন্দোলনৰ কাৰ্যসূচী পালন কৰিছিল ৷ গোলাঘাটৰ স্বনামধন্য ব্যক্তি গুণীন্দ্ৰনাথ বৰুৱাই ব্ৰিটিছ মিলিটেৰীৰ লেফটেনেণ্ট কমাণ্ডৰ চাকৰি ইস্তফা দি খদ্দৰ পৰিধান কৰি আন্দোলনত জঁপিয়াই পৰিছিল ৷ এই আন্দোলনত মধুমিশ্ৰ সত্ৰৰ সত্ৰাধিকাৰ দ্বাৰিকানাথ গোস্বামীয়ে সক্ৰিয় অংশগ্ৰহণ কৰি ন মাহ পৰ্যন্ত কাৰাবাস খাটিছিল ৷ সত্ৰৰ পৰা ওলাই অহা আন এগৰাকী বিপ্লৱী সন্তান হৈছে কবিৰাজ নবীন চন্দ্ৰ গোস্বামী ৷ তেখেতে কটন কলেজত পঢ়ি থকা সময়তে দ্বৰিকা গোস্বামীদেৱৰ লগ লাগি ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল ৷ ঢেকীয়াল আঞ্চলিক কংগ্ৰেছ সমিতিৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি দেশ সেৱাত ব্ৰতী হৈ কাৰাবাস খাটিবলগীয়া হয় ৷
. ১৯২১ চনৰ পৰা ১৯৪৭ চনলৈকে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা মুক্তি যুঁজাৰু হৈছে - সোমেশ্বৰ শইকীয়া , ধৰ্মেশ্বৰ ঠাকুৰ , ডিম্বেশ্বৰ হাজৰিকা , তিলক নাথ , নীল শইকীয়া , ফণীধৰ বৰা , হেমপ্ৰসাদ শইকীয়া , গনেশ দত্ত , তিলক শৰ্মা , জীউৰাম হাজৰিকা ,  সোণেশ্বৰী গগৈ , সুমিত্ৰা গগৈ , পূণ্যপ্ৰভা হাজৰিকা , প্ৰেমদা তামুলী , মিনাৰাম কোঁৱৰ , লীলাধৰ নেওগ আদি ৷ ( নামসমুহ বিভিন্ন স্মৃতিগ্ৰন্থৰ পৰা সংগ্ৰহিত ) এই সেনানীবৰ্গই আন্দোলনৰ পৃথক পৃথক কাৰ্যসূচীত অংশগ্ৰহণ কৰি বহুতে কাৰাবাস খাটিছিল , কিছুমান পুলিচৰ প্ৰহাৰত ঘুণীয়া হৈছিল আৰু এচামে আত্মগোপন কৰি আন্দোলনৰ গুৰি ধৰিছিল ৷
  
*অনুভৱ*

গোলাঘাট জিলাৰ অন্তৰ্গত ঢেকীয়াল এটি বৃহৎ অঞ্চল ৷ ইতিহাস প্ৰসিদ্ধ ঠাইখন সামাজিক , সাংস্কৃতিক , অৰ্থনৈতিক আদি সকলো দিশতে আগবঢ়া ৷ লাহে লাহে ই আৰু আগুৱাই যাব ধৰিছে ৷ পূৰ্বৰ তুলনাত ঢেকীয়ালত বহুখিনি পৰিৱৰ্তন ঘটিছে ৷   
    মানৱ বৈচিত্ৰ্যৰ সমন্বয়ৰ ক্ষেত্ৰ এই ঢেকীয়াল ৷ হিন্দু , মুছলমান , গোঁসাই , ব্ৰাহ্মণ , আহোম , চুতীয়া , কোচ , কেওট , যোগী , মাৰোৱাৰী সকলো লোকৰ বসতিস্থল ৷  ধৰ্মক্ষেত্ৰ , কৰ্মক্ষেত্ৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনতো সকলোৰে অংশগ্ৰহণ দেখা পোৱা যায় ৷
এটা কথা মন কৰিবলগীয়া যে ঐতিহাসিক সম্পদসমূহ সময়ৰ কাল গৰাহত পৰি বিলুপ্ত হ’ব ধৰিছে ৷ আমি নতুন প্ৰজন্মই ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা কৰা উচিত ৷
   ব্যক্তি তথা সমাজৰ উন্নতিৰ বাবে নিজক জনাটো প্ৰয়োজন ৷ নিজৰ ঠাইখনৰ বিষয়ে জনাটো আৱশ্যক ৷ অতীতৰ ওপৰত আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰে ৷ সেয়েহে নিজ জন্মস্থান ঢেকীয়ালৰ বিষয়ে য’ত যেনেকৈ পাওঁ লেখাসমূহ পঢ়ি , তথ্যসমুহ সংগ্ৰহ কৰি এটি টোকা প্ৰস্তুত কৰাৰ চেষ্টা কৰিছিলোঁ ৷ ঢেকীয়াল অঞ্চলৰ চিত্ৰ এখন তুলি ধৰাত কিমানখিনি সফল হ’ব পাৰিছোঁ নাজানো ; কিন্তু নিজৰ ঠাইখনৰ বিষয়ে লিখাৰ বহুদিনীয়া পৰিকল্পনা কাৰ্যত পৰিণত কৰি সুখী অনুভৱ কৰিছোঁ ৷ ঢেকীয়ালৰ বিষয়ে এয়াই হয়তো যথেষ্ট নহয় ৷ বিচাৰিলে আৰু বহুতো কথা ওলাব ৷ সেইসমূহ জনাৰ চেষ্টা অব্যাহত থাকিব ৷ আজিলৈ সামৰিছোঁ ৷
   ধন্যবাদ ৷

               

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)