এসোপা কলীয়া ডাৱৰে
আকাশখন ছানি ধৰিছে
আছিল কেইটামান দিনত
পৰিপুষ্ট গগণ
যেতিয়াই হ'ল গোমা
গমি পালোঁ চাপিছে আতংকৰ বাৰিষা
শৰৎ, হেমন্ত, শীত, বসন্ত ঋতু
ধীৰে ধীৰে কুঁহি মেলি পল্লৱিত তৰু
সুউচ্চ মহাকাশত গোট খালে ধোঁৱা
প্ৰকৃতিৰ আৰ্দ্ৰতাও নামিল মাটিত
ই হ'ল ধৰিত্ৰীৰ চলন্ত ক্ৰিয়া।
অৱস্থিতিত বাসভূমি-
কোনোবাখন সমতল, কোনোবাটো ওখ
দ গাঁতত পৰেহি জলধাৰ সমস্ত
ওখ আৰু সমতলত প্ৰাণীৰ সুখৰ পছন্দ
ভূগেহি দ-লোকে বানৰ তাণ্ডৱ
নাই ৰন্ধা-বঢ়া, বসতিৰ থল
কি যে দুৰ্কপাল উটি যায় সম্পদ ও জীৱকুল
কলংক তুলাৰ তলে বাসনাৰ এনে থূল।।
✍️দিপিকা কামান
চিনাতলীয়া, ডাক-বগলীজান (লখিমপুৰ)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ