প্ৰেম হেনো অন্ধ- উজ্জ্বল বৰঠাকুৰ

©Admin
0
হঠাৎ বিগবজাৰত বিয়াৰ বজাৰ কৰি থাকোতে ৰীতাৰ লগত মুখা-মুখি হ'ল অৰুনাভৰ ! মাত দিওঁ নিদিওঁ ভাবি থাকোতেই মুুখৰ পৰা ওলাই গ'ল ৰীতা তুমি আৰু এই লৰাতো ! হ'য় মোৰে ল'ৰা ৰাজ । ব'লা আমি একাপ কফি খাওঁ ! সিহঁত আগবাঢ়িছিল কফি বাৰলৈ !  আজি প্ৰায় পাঁচ বছৰ আগৰ কথা ফেচ-বুকৰ পাততে চিনাকি হৈছিল ৰীতাৰ লগত আৰু এদিন ৰীতাক লৈ গৈছিল তেজপুৰৰ ঘৰখনলৈ ! পিছদিনা তেজপুৰৰ মহাভৈৰৱ মন্দিৰত  বিয়া হোৱাৰ মানসৰে ! অৰুনাভৰ সৰু ঘৰটোত সোমোৱাৰ লগে লগে ৰীতাই চিঞৰ-বাখৰ লগাইছিল মোক মোৰ ঘৰত থৈ আহা নহ'লে ইয়াতে মোৰ দম হেৰাই যাব ! অৰুনাভৰ মাকে তাইক বুজালে এতিয়া গুৱাহাটীৰ গাড়ী নাই ৰাতি  বাৰতাতহে পোৱা যাব তোমাক কাইলৈ থৈ আহিব বাৰু আজি কষ্ট কৰি থাকা নহ'লে তোমাৰ দেউতাক মাতি দিয়া লৈ যাবহি ! সেয়ে কৰিছিল ৰীতাৰ দেউতাক আহি ৰাতিয়েই লৈ গৈছিল ৰীতাক   আৰু অৰুনাভৰ ওপৰত অপহৰণৰ গোচৰ তৰে ! অৰুনাভে পুলিচৰ আগত সকলো বিতং কৈছিল আনকি সিহঁতৰ মাজত হোৱা বাৰ্তালাপ সকলো দেখাই । ৰীতায়ো হ'য় বুলিয়েই কৈছিল কিন্তু অৰুনাভৰ সেই ঘৰত থাকিব নোৱাৰে আৰু অৰুনাভৰ শাক-পাচলীৰ ব্যৱসায়হে ।সেয়ে তাৰ লগত বিয়াত বহা সম্ভৱ নহয় ।মোৰ ভুল হৈছিল তাৰ গাত দোষ নাই তাক যাব দিয়ক ।অৰুনাভক তাইক পাহৰি যাব কৈছিল ময়ো পাহৰি যাম এক সপোন বুলি ! সেইদিন ধৰি লগ কিম্বা কথা হোৱা নাছিল সিহঁতৰ মাজত ।সেই বছৰতে ৰীতাই বিয়াত জ্যোতিনগৰৰ বিক্ৰম বৰুৱাৰ লগত । কিন্তু ৰীতাৰ ভাগ্যত সুখ নাছিল বিয়াৰ এবছৰ পিছতে এদিন  বিক্ৰমৰ ৰোড এক্সিডেণ্টত মুত্যু হৈছিল আজি তাই আৰু একমাত্ৰ সন্তান ৰাজক লৈ জীয়াই আছে ।
অৰুনাভেও সেই বছৰতে APSC পাছ কৰি আজি গুৱাহাটীৰ চাৰ্কোল অফিচাৰ (ACS) হিচাপে কৰ্ম কৰি আছে আৰু গুৱাহাটীৰ লখৰাৰ চোহো'ম গ্ৰীনত এটা ফ্লেট লৈ মাকৰ লগতে আছে ! অৰুনাভৰ দেউতাক তাৰ সৰুতে ঢুকাল মাকেই কষ্ট কৰি তাক ডাঙৰ কৰিলে , মানুহ হিচাপে গঢ় দিলে আৰু আজি ডেকাৰ গাওঁৰ ঘৰতো ভাড়াত দিছে । দুদিনৰ পিছত অধ্যাপক মীনাক্ষী ফুকনৰ লগত তাৰ বিয়া থিক কৰিছে । মীনাক্ষীৰ ঘৰ বেলতলাত তাই দিচপুৰ কলেজত অধ্যাপনা কৰে । সিহঁতৰ বিয়া সেই মহাভৈৰৱ মন্দিৰতে হ'ব ! তাৰ পিছত গুৱাহাটীতে পাৰ্টি দিব মীনাক্ষীৰ ঘৰৰ অৱস্থা ইমান ভাল নহয় বাপেকৰ এখন গেলামালৰ দোকান আছে বেলতলাত । ইতিমধ্যে সিহঁতৰ কফি খোৱা শেষ হৈছিল সিহঁত দুয়ো বজাৰ কৰাত লাগিল । অৰুনাভৰ গাড়ীয়ে ৰীতাক জ্যোতিনগৰৰ ঘৰত থৈ আহিল ! ৰীতাই তাই কৰা অপমানৰ বাবে নিজেই আজি অনুতপ্ত ভাগ্যৰ চকৰী কেতিয়া কেনেকৈ ঘূৰে কোনেয়ো নেজানে আজি অৰুনাভৰ কি নাই ফ্লেট ,গাড়ী , চাকৰী সকলো আছে নাই মাত্ৰ তাৰ প্ৰেমিকা ৰীতা ।
ফেচ-বুকৰ মায়া এক অন্ধকাৰৰ মাজত সোমাই থকা মায়া মাথো ।
 (এক কল্পনামাথো )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)