মানৱতাৰ স্খলন- মহিদুল ইছলাম

©Admin
0

চিনাকি মুখবোৰ অচিনাকি হ'ল
কব খোজা কথাবোৰ নোহোৱা হ'ল
হৃদয়ৰ স্পন্দনবোৰ
হৃদয়তে থমকি ৰ'ল।
নভৱা-নিচিন্তা বিষয়বোৰে
সমাজ কলুষিত হ'ল
মন-মগজুত কথাবোৰে
আলোড়ন কৰে বাৰে বাৰে।
কিয় এই পৰিৱৰ্তন;
কিয় এই ঘটনা-পৰিঘটনাই
হেতালি খেলে পলে- পলে
মানুহৰ জীৱনকলৈ।
হ'ব নোৱাৰে এয়া
মানৱ দৰদীৰ মানৱতা।
ক'ৰবাত যেন হেৰাই গ'ল
ল'ৰালিত খেলা মুক্ত আকাশ, মুক্ত বায়ু
আৰু মুক্ত স্বাধীনতা।
মাতৃ কোলাত বহি
পিয়াহ খোৱা সেই অনাবিল মুহূৰ্তবোৰ
নিব খোজে কোনে কাঢ়ি;
আনিব খোজে কোনে
সংশয়ৰ প্ৰত্যাশা।
এজাক মানৱৰূপী শৃংগালে
মাতৃ কুলক বেদনাসিক্ত কৰি
লভিব খুজে পৰমান্দ তৃপ্তি।
কোনে দিব আজি
পুত্ৰহাৰা মাতৃৰ ৰিক্তহৃদয়ত
শান্তিৰ মাদকতা?
কোনে বুজিব দুৰ্বলীৰ ওপৰত
শক্তিমানৰ আতিশয্যৰ বেদনা।
এনেদৰে কিমান দিন-কিমান ৰাতি
আহিবনে সমিধান
হ'বনে ইয়াৰ পৰিত্ৰাণ।
সময় অতি নিষ্ঠুৰ!
পাৰ হোৱা দিনৰ
স্মৃতি বুকুত ৰাখি
অতিক্ৰম কৰিব লাগিব
স্বপ্নদৃষ্টি আগত ৰাখি
ভগাব লাগিব সুবিশাল পাহাৰ,
কুলু-কুলুকৈ বোৱা বোৱতী নদীৰ খৰস্ৰতা।
বাধাৰ প্ৰাচীৰ ভাগি
দৃষ্টি নিৱদ্ধ কৰিব লাগিব
আকাশত তিৰ্‌বিৰাই থকা জোনাকৰ প্ৰতি।
শেৱালীৰ সুৱাসে
আমোল-মোলাব লাগিব
স্ৰজিব লাগিব নতুন দিনৰ
নতুন দিগন্ত।
সূৰুযৰ ৰাঙলী আভাই
ধৰিত্ৰীক পুলকিত কৰিব লাগিব;
নহ'লে বিশ্বই হাঁহিব
নেথাকিব পৃথকতা
কোননো দানৱ
কোননো মানৱ।

                
  
         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)