পোহৰৰ উৎসৱ দিপাৱলী-সংযুক্তা দত্ত

পংখী মৰাণ
0
পোহৰৰ উৎসৱ দেৱালী বা দিপাৱলী হৈছে হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ এক বিশেষ উৎসৱ। পৌৰাণিক কথা বা হিন্দু কেলেণ্ডাৰৰ অনুসৰি ইয়াক পালন কৰা হয় প্ৰতি বছৰৰ কাতি মাহৰ কৃষ্ণ পক্ষৰ অমাৱস্যাৰ দিনটোত। সাধাৰণতে  দিপাৱলীৰ দিনটো হিন্দু ধৰ্মাৱলম্বী লোক সকলে ভগৱান গণেশ আৰু লক্ষ্মীদেৱীক পূজা-আৰাধনা কৰা দেখা যায়। বিশ্বাস অনুসৰি, সেইদিনা গণেশ আৰু লক্ষ্মী পূজনৰ ফলত পৰিয়ালৰ সদস্য সকলৰ মাজত সুখ-সম্প্ৰীতি অটুত থাকে আৰু ধন-সম্পত্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰি অহা হৈছে।  
        দিপাৱলীৰ দিনাখন সকলোৱে ঘৰখন সুন্দৰকৈ সজাই তোলে আৰু ওচৰ চুবুৰীয়া সকল ইঘৰে-সিঘৰলৈ  যায়। দিপাৱলীত সৰু সৰু ল'ৰা ছোৱালীৰ পৰা বয়োজ্যেষ্ঠ জনলৈকে সকলোৱে আনন্দত ফট্‌কা, ব'ম, ফুলজাৰি, কলগছ, কেৰেলুৱা আদি জ্বলায়। ফট্‌কা আৰু ব'ম ফুটোৱাত চৰকাৰে বাধা প্ৰদান কৰিছে। কিয়নো এই ফট্‌কা আৰু ব'মবোৰে বায়ু প্ৰদূষণৰ সৃষ্টি কৰে । ইয়াৰ দ্বাৰা বিভিন্নজনৰ বেমাৰ-আজাৰ সৃষ্টি হয়। তাতোকৈয়ো ডাঙৰ কথা হ'ল- ব'ম আৰু ফট্‌কা  ফুটোৱাৰ অসাৱধানতাৰ দ্বাৰা এজন ব্যক্তিৰ জীৱনলৈ অন্ধকাৰ নামি আহে । পৰাপক্ষত আমি ব'ম, ফট্‌কা ফুটাব নালাগে । চাকি আৰু মমৰ পোহৰৰে পোহৰাই ৰাখিব লাগে।  আমি যদি  শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণৰ সৃষ্টি নকৰো তেতিয়া আমাৰ নিজৰ কাৰণেই ভাল। সকলোলৈকে দিপাৱলীৰ অশেষ শুভকামনা থাকিল।                              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)