খেতিয়কৰ মুখত হাঁহি বিৰিঙিছে...
কিমান যে হেঁপাহেৰে বোকা গচকি গচকি
কপালৰ কেঁচা ঘাম মাটিত পেলাইছিল
তই জাননে
সেউজীয়া কঠিয়া ডৰা
হালধীয়া হোৱা লৈ কিমান যে আশাৰে বাট চাইছিল
তই আহি সেই আশা পূৰ কৰিলি আঘোণ
দাৱনীয়ে পুৱাতে উঠি কুঁৱলী ফালি গৈ
সোণালী পথাৰখনি শুৱনি কৰিছে
কাচিয়ে মুঠি মুঠি কৰি ধানবোৰ সজাইছে
খেতিয়কে দাঙৰিয়ে দাঙৰিয়ে ধানবোৰ
ঘৰলৈ আনি ভঁৰালত থৈছে
দুদিন পিছত গৰুৱে মৰণা মাৰি
ওচৰ চুবুৰীয়া মিলি
নখোৱা খাবৰ বাবে সাজু হৈছে
আঘোণ
তই আহি খেতিয়কৰ
স্বপ্ন বোৰ বাস্তৱ কৰিলি ।।
✍️জুলী মৰাণ গগৈ