একাঁজলী বিৰহ-বিটুমনি ভূঞা কোছ-খণ্ড নং- ২৩

পংখী মৰাণ
0
ঘৰে ঘৰে চাহৰ জুতি, কথাৰ জুতি লৈ ফুৰা তগৰৰ শাহুৱেকৰ অৱস্থা তপত কেৰাহীৰ পৰা জ্বলা জুইত পৰাৰ দৰেই হ'ল।এফালে পুলিচ, এফালে মহিলা সমিতি আনফালে গাঁৱৰ ৰাইজৰ আগত এটাৰ পিছত এটাকৈ তগৰৰ কথা মিছা বদনাম গাই গাই মানুহজনী হায়ৰান হৈ পৰিছে।চাৰিওফালৰ পৰা পোৱা আঘাতৰ পিছত আঘাটত জুৰুলা হোৱা মানুহজনীয়ে মহা সমুদ্ৰত ক্ষুদ্ৰ তৃণ বিচৰাৰ দৰে কঁপি কঁপি ৰনক সুধিলে, "ক' বোপাই মোৰ বোৱাৰী জনী ক'ত আছে? তাইৰ পেটত মোৰ বাপু নাতি আছে। তাই য'তেই আছে, মই লৈ আহিমগৈ। এই ঘৰ-বাৰী সকলো তাইৰ। তাইক আৰু মই কেতিয়াও গালি নাপাৰোঁ।" 

         হঠাৎ বৰমাকৰ মাত বন্ধ কৰি ,উন্মুক্ত ধুমুহাৰ দৰে গৰ্জন ভেদ কৰি ৰনে কৈ উঠিল- "অদ্ভূত মানুহৰ জীৱন মোহ। ইমান দিনে যিটো কথা বুজি নাপালে ,নিজকে বচাবলৈ আজি হঠাৎ বুজি পালে। বৰমা ৰোগীয়া দেহাটো দামী কাপোৰ অলংকাৰ পিন্ধি নিজকে সজালেও বেছি সময় শান্তিৰে থিয় হৈ থাকিব নোৱাৰে।" উচাৎ মাৰি ৰন আঁতৰি গ'লগৈ। ইফালে, তগৰৰ মাকে নিজৰ ভূলৰ বাবেই জীয়েকক হেৰুৱাব লগা হ'ল বুলি অন্তৰ্দ্বন্দত ভুগি আত্মহত্যাৰ পথ বাচি ল'লে। তগৰৰ বাপেক, ভাই-ভনী কেইটা নিথৰুৱা হৈ পৰিল। দুখ আৰু হতাশাত সকলো ভাগি পৰিল। 

           মন্দিৰত ভক্তৰ ভীৰ। মন্দিৰৰ প্ৰভুসকল আৰু মন্দিৰৰ কৰ্মকতা সকল সকলো নিজৰ নিজৰ কামত ব্যস্ত। মন্দিৰলৈ উঠি যোৱা চিৰি এডালত বহি  নিৰাশাৰে তগৰে চাৰিওফালে কোনোবা চিনাকি মানুহ দেখাৰ আশাত ঘূৰি ঘূৰি চাইছে। আজি তাইৰ ৰনলৈ বৰকৈ মনত পৰিছে। আকাশৰ অসীম নীলিমাৰ সীমাহীন বুকুত কল্পনাৰ ৰঙীন তুলিকাৰে ৰনৰ ছবিখন আঁকিছে। ৰামধেনুৰ ৰঙৰ মাজত ৰনৰ ছবি কল্পনা কৰি হতাশাত চকুলো বোঁৱাইছে। 

          প্ৰধান প্ৰভুৱে গুৰু গম্ভীৰ খোজেৰে সেই ফালেই আহি আছিল। হঠাৎ তগৰলৈ তেওঁৰ চকু পৰিল। অকস্মাৎ প্ৰধান প্ৰভুক দেখি তগৰ চক খাই উঠিল। মূৰ দোৱাই তাই প্ৰভুক সেৱা কৰিলে। অলপ সময় পাছত এজন প্ৰভুৱে তগৰক খবৰ দিলে যে প্ৰধান প্ৰভুৱে তাইক মাতিছে। তগৰে লাহে লাহে প্ৰধান প্ৰভুৰ আসনৰ কাষ চাপিল। প্ৰধান প্ৰভুৱে তগৰলৈ চাই ক'লে, "মাতা এই অৱস্থাত আপোনাৰ মন প্ৰফুল্ল কৰি ৰাখিব।জীৱনৰ পৰিসৰ পানীৰ বুৰবুৰনিৰ দৰেই ক্ষণস্থায়ী আৰু এনে জীৱনৰ কোনো স্থায়ী মূল্য ও নাই। ৰেলগাড়ীৰ দৰে যান-বাহনত যাত্ৰা কৰাৰ সময়ত আমি কিছুমান অচিনাকি মানুহ লগ পাওঁ আৰু একেলগে বহি এটা পৰিয়ালৰ  দৰে হৈ গাড়ীখনত যাত্ৰা কৰোঁ। কিন্তু যথা সময়ত পুনৰ লগ পোৱাৰ আশা নৰখাকৈ আমি প্ৰত্যেকেই আন সকলৰ পৰা আঁতৰি গুছি যাওঁ। তেনেদৰেই এই মানৱ জীৱনৰ ৰ্দীঘ যাত্ৰাত তথাকথিত এটি পৰিয়াল। এখন দেশ বা সমাজত অলপ সময়ৰ বাবে সমন্ধ কৰিবলৈ সুযোগ পাওঁ ,কিন্তু নিৰ্ধাৰিত সময় যেতিয়া শেষ হৈ যায় ,আমাৰ অনিচ্ছা সত্বেও আমি আমাৰ আত্মীয় স্বজনৰপৰা বিচ্ছিন্ন হৈ পৰো চিৰকালৰ বাবে। আমাৰ এই ক্ষণস্থায়ী জীৱনটোৰ কথা বা আত্মীয় জনৰ কথা চিন্তা কৰি লাভ নাই। একমাত্ৰ ভগৱানৰ কথাই চিন্তা কৰিব লাগে। কাইলৈৰ পৰা ভগৱানৰ মূৰ্ত্তিৰ বাবে ফুলৰ মালা গাঁঠিব। এতিয়া যাওঁক একান্ত মনেৰে ভগৱানৰ নাম লওঁক।" কথাষাৰ শুনি তগৰৰ  মনলৈ আনন্দৰ জোৱাৰ নামি আহিল। 

(আগলৈ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)