প্ৰেমৰ উন্মাদনা - ছাইফুদ্দিন আহমেদ

শৰৎৰ পুৱা নিয়ৰ
গচকি 
এদিন যাম 
তোমাৰ হৃদয়ৰ 
চৌহদত 
শেৱালি বুটলি ৷

নিলীম আকাশৰ 
নিৰ্মল জুৰিটিৰ 
পাৰে পাৰে 
কহুঁৱাই 
হালে-জালে,
তাৰে নান্দনিক 
লয়লাসে 
সৰগৰ 
স্নিগ্ধ সুৱাস 
মোৰ হৃদয়ত খচিত 
কৰিলে আৰু 
তোমাৰ প্ৰেমৰ উন্মাদনাই 
মোক মাতাল কৰিলে ৷

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send