আগতে ক'ম বুলি ভৱা কথাষাৰি,
আজিও নহ'ল কোৱা।
অনেক সমস্যাৰ মাজেৰে
পাৰ হ'ল সময়,
আচল কথাষাৰি মনতে ৰ'ল।
অলেখ সমস্যাৰ মেৰপাকত, সমাধান কৰিম বুলি ভৱা,
মূল সমস্যাৰ গুৰুত্ব হেৰায়।
ঠিক সমাজৰ সমস্যাবোৰৰ দৰে।
এন. আৰ. চি., কা-আন্দোলন,
ক'ভিড মহামাৰী, সীমান্তৰ সীমা- বিবাদ, বানপানী আদি অলেখ সমস্যাই ভাৰাক্ৰান্ত হৈ থকাৰ ফলত,
শান্তি আৰু সম্প্ৰীতিৰ এনাজৰীৰ
বাট হেৰায়।
ভাৱৰ ভাৱনাবোৰো বাঢ়ি গ'ল,
যাম বুলি ভাবি থকা ঠাইলৈ
যাব নোৱাৰা হলোঁ,
উদাসীনতাৰে চকুলোবোৰ
সামৰি থলোঁ।
অমানিশাৰ ঘোৰ আন্ধাৰত,
বাট দেখুওৱা জোনাকী পৰুৱাৰ
পোহৰত জ্বলিবনে আশাৰ চাকি...?
নভৱাকৈ অন্য পথেৰে বাট বুলিলোঁ,
য'ত মোৰ সপোনবোৰ নতুনকৈ পোখা মেলিলে।
এটি সপোন পূৰাবলৈ গৈ,
অনেক সপোনে বাট হেৰুৱায়।
নিবিচাৰোঁ মই ঐশ্বৰ্য্য-বিভূতি,
নালাগে মোক আলাউদ্দিনৰ চাকি,
লাগে মাথোঁ মোক এক নিৰ্মল হৃদয় আৰু মন,
যিয়ে গঢ়িব এখন সুন্দৰ-সমাহিত সমাজ।
য'ত ফুলিব পূৰ্ণিমাৰ জোনাকত
তৰাবুলীয়া আকাশত শান্তিৰ ফুল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ