একাঁজলী বিৰহ ১৮ -বিটুমনি ভূঞা কোছ

©Admin
0
ঘৰখনৰ পৰা শহুৰ যাবলৈ পালেহে ,শাহুৱেকে কথাই-কথাই খোচা বিন্ধা কৰিবলৈ ল'লে।তগৰ মনে মনে ক্ষুন্ন হ'ল।তাই এতিয়া সৰু ছোৱালী হৈ থকা নাই।মান-অভিমান কৰি আনৰ পৰা মৰম স্নেহ আদায় কৰা বিধৰ ছোৱালী তাই নহয়।আনৰ সমালোচনাত সহজে উত্তেজিত হৈ উঠাৰ নিচিনা চঞ্চলতাও অতিক্ৰম কৰিবলৈ বহুত অভিজ্ঞতা লাভ কৰিছে তগৰে।কিন্তু কালি শহুৰৰ মৰমত সংসাৰখন আপোন যেন লাগিছিল, সংবেদনশীল যেন লাগিছিল।যদিও শাহৱেকৰ ব্যৱহাৰত হৃদয় হীন নিস্পৃহ হৈ উঠিব মন যায় কেতিয়াবা তাইৰ।

লঘোণীয়া পেটৰ মাতত ইকাটি-সিকাটি হৈ শুই থকা তগৰৰ মনত পৰিল।পুৱাৰ পৰাই ইঘৰে -সিঘৰে ঘূৰি বেলি দুপৰত ভাত ৰান্ধিবলৈ লৈ তগৰক শুনাই শুনাই কৈ থকা শাহৱেকৰ  কথাকেইষাৰ তাই মনলৈ বাৰে বাৰে আহিল। মুখ জোকাৰি জোকাৰি শাহুৱেকে তাইলৈ চাই কোৱা, দেখিবলৈহে নিবোকা অকৰা ,মতা মানুহ কেনেকৈ হাত কৰিব লাগে ,তলে তলে চব জানে।কাক ভৰি নখ,হাতৰ নখ দেখুৱাব লাগে, কাক উৱঁলি যোৱা পেটিকোট দেখুৱাব লাগে, কাক তলত পিন্ধা পেন্টিত কিমান ফুটা উলাইছে, দেখুৱাবহে লাগে, দেখুৱাই দিয়া লগে লগেই নতুনকৈ আনি দিয়া মানুহ আছে নহয়।এইখন ঘৰত মোক কোনে গুৰুত্ব দিয়ে।ঠেকেচামাৰি দিয়া ভাতৰ কাঁহী খন তাই চুবলৈ মন নগ'ল। ৰামভাই অন্নক অপমান কৰিব নেপায় আই।ভাত মুঠি খাই লোৱা, পেটৰ পোৱালিটোৱে কষ্ট পাব,বহুত বুজোৱাৰ পাছতো তাই ভাত খাব নোৱাৰিলে, একমাত্ৰ বুকুত খুন্দা মাৰি ধৰা শোকটো বাবে।তাই ভাতৰ কাঁহী খনত সেৱা কৰি আঁতৰি আহিল।

তগৰৰ চিলমিলকৈ টোপনি আহিছিল।

মা ,মা ভোক লাগিছে।বস্ত্ৰহীন এটা হাড়ে-ছালে লগা অকণমানি।তগৰে ৰ'লাগি ল'ৰাটোলৈ চাই আছে।তাই নিজেই লঘোণে আছে।ল'ৰাটোক একো দিব নোৱাৰি তাই চকুলোঁ ওলাই আহিল।

মা তুমি নাকান্দিবা, মই কষ্ট পাওঁ।
চকমক খাই তাই  সাৰ পালে। কি ভয়ানক সপোন।তাই বাস্তৱলৈ ঘূৰি আহিল।৭ মহীয়া গৰ্ভৱতী তগৰে ইমান দিনে এবাৰো তাই সন্তানটোৰ ভবিষ্যতৰ কথা ভবা নাই।মা শব্দটো শুনি তাই নতুন ৰূপ ধাৰণ কৰিলে।যিখন ঘৰত তাইৰ কোনো গুৰুত্ব নাই।দুবেলা দুমুঠি ভাত খাবলৈ নেপায়।দুটা মান কাপোৰৰ বাবে পিতৃৰ বয়সৰ পুৰুষৰ লগত বেয়া কথা কৈ তাইৰ অন্তৰত দুখ দিব পৰা শাহ আছে।সেইখন ঘৰত তাইৰ লগতে তাই সন্তান সুৰক্ষিত নহয়।

বুকুৰ মাজত ভগৱান শ্ৰীকৃষ্ণৰ ফটো খন সাবটি তাই  ৰুমৰ পৰা ওলাই আহি ৰামভাই ৰুমৰ দৰৰ্জাখনৰ ওচৰৰ পৰা ৰামভাইক সেৱা কৰি ঘৰৰ পৰা ওলাই আহিল।হেঁপাহ পলুৱাই এবাৰ ৰণক চাই ল'বলৈ তাই মনটোৱে হাঁহাকাৰ কৰিছিল যদিও সেয়া সম্ভৱ নাছিল।এবাৰো ঘৰখনলৈ উভতি নাচায় তাই লুঙলুঙীয়া পথটোৰে আন্ধাৰ ফালি আগবাঢ়ি গৈছে।তাইৰ সন্তানটোক সুৰক্ষা লাগে।তাৰ বাবে তাইৰ এই যাত্ৰা।শাহুৱেকে ঘৰৰ পৰা ক'লৈকো ওলাব নিদিয়া তগৰে আজি মুক্ত মনে আকাশৰ তলত আগবাঢ়ি গৈছে। জোনাকী পৰুৱা কেইজনীয়ে তাইক কাণে কাণে ক'লে , আমি আছোঁ ভয় নকৰিবা।খৰখেদাকৈ তাই আগবাঢ়ি গৈ আছে।ক'ত যাব তাই নাজানে, হঠাৎ  ভৰিত উজুটি খাই তাই পৰি গ'ল।অৱশ শৰীৰটো তাই উঠাব নোৱাৰিলে।চকু দুটা জাপ খাই আহিল।

 
 
আগলৈ.......

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)