সোঁৱৰণীৰ দলিছাত তুমি-দিপশিখা ৰাজকোঁৱৰ

পংখী মৰাণ
0
বহুদিন হ'ল তোমাক নেদেখা
মৰমৰ মাত এষাৰ নোপোৱা
ময়ো যে তোমাক
এবাৰ ভাইটি বুলি মাতিবলৈ
কিমান হাহাকাৰ কৰি আছোঁ
সেয়াতো তুমি বুজি নোপোৱা 

বৰ্তমানতে তুমি হেৰাই গ'লা
চিনাকি হৈ আজি 
অচিনাকী হ'লা তুমি
সোণালী অতীতৰ কথা
বহুত মনত পৰে
তোমাৰ ধেমালিবোৰ
দুচকুত ভাঁহি আহে 

তোমাৰ অনুপস্থিতিত কেতিয়াবা
হেৰাই যাব খোজে মোৰ হাঁহি
ভাইটি সোঁৱৰণীৰ দলিছাত
আজিও তুমি আছা
দুখৰ বাঁহীৰ সুৰ আৰু
শুনিব নিবিচাৰোঁ... 

তুমি জানানে
এতিয়াও আশা এৰি দিয়া নাই
মই জানো ভাইটি 
তুমি ঘূৰি আহিবা
পুনৰ সেউজীয়া হৈ
জিলিকি পৰিব তোমাৰ পৃথিৱী
হতাশ নকৰিবা তুমি
সপোনবোৰ পাহি মেলিবলৈ দিয়া। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)