ক'ত পাওঁ ইমান সপোন-বাণীকান্ত লহকৰ

ক'ত পাওঁ ইমান সপোন
যি সপোনে সংগোপনে
ফুলাই তোলে আশাৰ কলি 

হেঁপাহেৰে বাৰে বাৰে বাট চাওঁ 
কলিবোৰ প্ৰস্ফুটিত হৈ
আমোল মোলাই তুলিব পদূলি 

আহ ! ইমান ৰ'দৰ বতৰা 
কৰণি ভৰাই বিলাম 
জীৱন জোনাক জ্যোতি। 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send