তুমি জানানে- আশ্ৰিফা ইয়াছমিন

Aditi Tanti
0
তুমি জানানে?
মলয়া বতাহৰ
শীতল অনুভূতিয়ে
তোমাৰ প্ৰতিটো স্মৃতিক,
জাগ্ৰত কৰি থৈ যায়।
ব'লা , আকৌ অতীতত 
বিলীন হবলৈ যাওঁ।
বৰষুণত তিতিবলৈ যাওঁ।
হাতে হাত ধৰি আগুৱাই যাওঁ।
তুমি জানানে?
এতিয়াও উশাহত তোমাৰ,
অস্তিত্ব বিৰাজমান।
সপোনত তোমাৰ প্ৰতিবিম্ব দৃশ্যমান।
সন্ধিয়াৰ ৰঙা বেলিটিও,
তোমাৰ সন্ধানত অস্থিৰ আজি।
নীলিমাৰ বুকুত জিলিকি থকা তৰাটিও,
তোমালৈ বাট চাই ভাগৰি পৰিছে আজি।
ব'লা ,অতীতলৈ যাওঁ 
অতীতৰ সোণোৱালী দিনবোৰ,
ঘূৰাই পাবলৈ।
অতীতত বিলীন হ'বলৈ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)