নিৰৱতাৰো নিস্তাৰ নাই-চিৰাজ খান

©Admin
0
 First they come for socialist and I didn't
Speakout.Because I was
not socialist.
         Martin Neamular.
          
এটা প্ৰাচীন বক্ৰ পথেৰে
বৈষম্যৰ মোনাত
প্ৰলোভনৰ সপোন ভৰাই
আন্ধাৰৰ আঁৰ লৈ, সিহঁত আহিছিল।

ধৰ্ম ধৰ্মৰ জিগিৰ তুলি
গোটে গোটে,গোট বনাই
ৰাজপদ নিষ্কন্টক কৰাৰ
চেলু লৈ,গণতন্ত্ৰ‌ৰ নেলু চেপি
আক্ৰমণ কৰিছিল মুছলমানক ।

আমি নিৰাপদে আছিলোঁ।
তেজৰ বৰণ একে  হ'লেও
প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাছিলোঁ
কাৰণ, আমি মুছলমান নাছিলোঁ।

সংবিধানক অৱজ্ঞা কৰি
ধৰ্ম সংকটৰ ধ্বজা উৰুৱাই
বিষাক্ত কথাৰে সিহঁতে
পুৰি মাৰিছিল
খ্ৰীষ্টান যাজকক।

হিংস্ৰতাৰ চৰম দৃশ্য দেখিও
এটা শব্দও খৰচ নকৰি
চকু মুদি ৰলোঁ।

কিয়নো, আমি প্ৰটেষ্টান বা কেথলিক
কোনো এটা ফৈদৰে
খ্ৰীষ্টান নাছিলোঁ।

দেশ দ্ৰোহ(!)ৰ ভাওতাবাজীৰে
হালোৱা বনুৱাৰ হৈ মাত মতা
বাওঁপন্থী সকলক আক্ৰমণ কৰিছিল, সিহঁতে।

আমি হালোৱা নাছিলোঁ
বনুৱাও নাছিলোঁ,
নাছিলোঁ , বাওঁ চিন্তাশীল
কাজেই প্ৰতিবাদ কৰা নাছিলোঁ।

স্বাধীনতাৰ বুকু ফালি
বৰ্ণবাদী চাবুকেৰে, যেতিয়া
কোবালে দলিতৰ পিঠিত,
দলিতৰ জীৱন দলিল নপঢ়া
আমি বোবা হৈ আছিলোঁ
কাৰণ,আমিতো দলিত নাছিলোঁ।

ক্ষণকাল বিৰতিৰ পাছত
সিহঁতে চোঁচা ল'লে, আমাৰ ফালে

তেতিয়া হে বুজি পালোঁ

ভাই-ভাই,ঠাই ঠাই 

আৰু আমাৰ হৈ প্ৰতিবাদ,
প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ
পিছফালে  যে , কোনো নাই
সিহঁতৰ বাহিৰে--।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)