হয় আপোনাকো এই পৃথিৱীৰ প্রয়োজন আছে - হেমেন হাজৰিকা

Rinku Rajowar
0
সময়ৰ গতিশীল চক্ৰৰ ঘূৰ্ণীয়মান গতিত আমি সূৰ্যৰ চাৰিওফালে সকলোৱে ঘূৰি আছোঁ ,আৰু আমাৰ জীৱনৰ পৰা পাৰ হৈ গৈ আছে অমূল্য সময় | আমি এই পৃথিৱীলৈ কিয় আহিলোঁ আৰু ক'ৰ পৰা আহিলোঁ ? পৃথিৱীত থাকি আমি কি কৰিলোঁ ? জীৱনৰ শিশু, কৈশোৰ, যৌৱন অৱস্থা পাৰ হৈ এদিন একেবাৰে শেষ স্তৰ বৃদ্ধ অৱস্থাত উপনীত হলোঁহি | তাতেই সকলো শেষ নেকি ? এতিয়া আৰু মোৰ কৰিবলৈ একো নাই | অৱসৰী জীৱন এটা কেনেকৈ উপভোগ কৰিম ?
       হতাশ নহ'ব | একো শেষ হোৱা নাই | এয়া আৰম্ভহে হৈছে | কাৰণ আপোনাকো এই পৃথিৱীৰ আৱশ্যক আছে , প্রয়োজন আছে | আপুনি নিজকে কওঁক , আপুনি ভবা মতে , আপুনি বিচৰা মতে জীৱনটো উপভোগ কৰিলে | আপুনি কৰিব পৰা সকলো কামেই ইতিমধ্যে কৰিলে | এতিয়া পৰবৰ্তী প্রত্যাহ্বানৰ সন্মুখীন হ'বলৈ চেষ্টা কৰক | আলস্যৰে পৰিপূৰ্ণ জীৱন যাপনে ব্যক্তিৰ শৰীৰত কল্পনাতীতভাৱে ক্ষতি কৰে | সেয়েহে কৰ্মস্পৃহাৰে সদায় স-প্রতিভ হৈ থাকিবলৈ চেষ্টা কৰক | বহু লোকে এইখিনি সময়ত বয়সৰ দোহাই দি শয্যাখনকে সঙ্গী কৰি লয়  |
       যদি আপুনি চাকৰিয়াল তেন্তে আপুনি অৱসৰ ল'লে নেকি ? বা অৱসৰৰ সময় চমু চাপি আহিছে নেকি ? এইটো চিৰাচৰিত নিয়ম | তাকে বেছিকৈ ভাবি চিন্তি নিজৰ স্বাস্থ্যৰ অৱনতি ঘটোৱাৰ কিবা কাৰণ থাকিব পাৰে নেকি ? তেনেদৰে ভাবিব লগা একো কথাই নহয় | আগতে আপুনি এটা ঠেক গণ্ডীৰ মাজত সোমাই আছিল | এটা নিৰ্দিষ্ট পৰিসীমা আছিল | এটা বাধ্যবাধকতা আছিল কাম কৰাৰ  |এতিয়া আপুনি মুক্ত | এতিয়া আপুনি এটা বহল পৰিসৰ পাব | এখন বিস্তৃত সমাজ পাব | বিভিন্ন ন ন মানুহ লগ পাব | কাৰণ এতিয়াৰ পৰা আপুনি এজন মুক্ত মানুহ | নিজৰ ইচ্ছামতে আপুনি সময় কটাব পাৰিব  | মনৰ জোখাৰে সজাব পাৰিব আপোনাৰ জীৱন শৈলী | কোনেও আপোনাক বাধ্য কৰাব নোৱাৰে | বিন্দাচ আপুনি মুক্ত বিহঙ্গ | কেৱল হতাশাক প্রশ্রয় নিদিব | আপোনাৰ জীৱন শেষ হোৱা নাই , জীৱন আৰম্ভহে হৈছে। | গতিকে চিন্তা কিহৰ | অৱসৰৰ পিছৰ সময়খিনি সম্পূৰ্ণকৈ উপভোগ কৰাৰ অধিকাৰ আছে | সেয়া পৰিচালিত হ'ব আপোনাৰ ইচ্ছা অনুসাৰে | মাত্ৰ কেইটামান কথাত গুৰুত্ব দি চলিলে আপুনি অৱসৰৰ সময়খিনি উপভোগ কৰিব পাৰিব  |
        সৰু সৰু কথা কেইটামান লক্ষ্য কৰি লওঁক | যদি আপুনি আপোনাৰ শৰীৰৰ ওজন কমাব খুজিছে তেন্তে অৱসৰৰ কেইটামান মাহত আপোনাৰ ওজন কমাম বুলি মনটো দৃঢ় কৰি লওঁক  |
      আপোনাৰ নিশ্চয়কৈ পুৰণা বন্ধু /বান্ধৱী আছে , বহুদিন তেওঁলোকৰ লগত কোনো সংযোগ নাই | এতিয়া তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰাৰ চেষ্টা কৰক | পুৰণি সহকৰ্মী সকলক আপোনাৰ পুৱা গধুলিৰ খোজ কাঢ়াৰ সংগী কৰি লওঁক | সমনীয়া আদিৰ সৈতে বন্ধুত্ব গঢ়ি তোলক | মনত ৰাখিব মানুহে কেতিয়াও নিৰ্জন দ্বীপৰ বাসিন্দা হৈ জীয়াই থাকিব নোৱাৰে  |
          আপোনাৰ পাৰ হৈ যোৱা সময়খিনিৰে অনেক অভিজ্ঞতাৰে পুষ্ট আপুনি | সেই অভিজ্ঞতাক এক থুপ কৰি পৰৱৰ্তী প্রজন্মই আপোনাক মনত ৰাখিব পৰাকৈ সেই অভিজ্ঞতাখিনি আপুনি সৃষ্টিশীল কামত ব্যৱহাৰ কৰক,আৰু কিতাপ লিখক,আলোচনী সম্পাদনা কৰক, আপোনাৰ দৰে অৱসৰকালীন সময় কটোৱা বন্ধু/বান্ধৱী সকলৰ কাৰণে | ঘৰৰ কাষৰে শিশু সকলক বিনা পইচাৰে পঢ়াই আপুনি সময় কটাবলৈও চেষ্টা কৰিব পাৰে | আপুনি জনা যিকোনো বিশেষ কাম আনক শিকাব পাৰে |
         শিকাৰ কোনো নিৰ্দিষ্ট বয়স নাই | যিকোনো সময়তে যিকোনো কাম মনৰ ইচ্ছা থাকিলে শিকিব পাৰি | সেয়ে আপুনি নতুন প্রযুক্তিৰ ব্যৱহাৰ শিকক | ইয়াৰ ফলত আপুনি দূৰৰ পৰিয়ালৰ সদস্যৰ লগত সংযুক্ত হৈ থাকিব পাৰিব  |
         আগতে যদি আপোনাৰ চখ আছিল , অতি ব্যস্ততাৰ বাবে আপুনি কৰিব পৰা নাছিল এতিয়া আপোনাৰ সেই অপূৰণীয় চখটোও পূৰণ কৰক। সেই ঘৰত জন্তু পোহা চখটো পুৰাব নোৱাৰিব জানো ? এয়াই হ'ব আপোনাৰ উপযুক্ত সময়  | 
          আপুনি আগতে অৱসৰৰ আগৰ কথা ভাবি কি কৰিব পাৰিলেহেঁতেন , কিন্তু কৰিব নোৱাৰিলে তাকে ভাবি থাকি সময় অপচয় নকৰিব | এতিয়া হাতত থকা অজস্ৰ সময়ৰ সদব্যৱহাৰ কৰক | পুনৰ আপুনি নিজকে কওঁক যে আপুনি কৰিব পৰা সকলো কামেই কৰিলে | এতিয়া ইয়াৰ পিছৰ প্রত্যাহ্বান গ্রহণ কৰিবলৈকো আপুনি সম্পূৰ্ণ সাজু আছে | এটা কথা মনত ৰাখিব যে এতিয়াও আপোনাক পৃথিৱীৰ প্রয়োজন আছে | কৰিব লগীয়া কাম এতিয়াও বহু বাকী আছে | সেই যে চিৰ সেউজ কবিতা ফাঁকি--- ''পল পল দণ্ড ধৰি সময় গৈছে উৰি পাখি লগা কাড়ৰ দৰে অবিৰাম , বহু দূৰ আছে গতি সময় তাকৰ কৰি কৰিবলগীয়া আমি আছে বহু কাম''  |

       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)