অসমীয়া ৰীতি-নীতি পৰম্পৰাগত ঐতিহাসিক বান্ধোন-কনমনি নাথ

Rinku Rajowar
0
অসমীয়া সমাজ ব্যৱস্থাত ৰীতি-নীতি পৰম্পৰাগত সমূহ হিয়াৰ আমঠু। এই ৰীতি-নীতি, পৰম্পৰা সমূহ অসমীয়াৰ মান হিচাপে পৰিগণিত হৈছে। যেতিয়ালৈ অসমীয়া সমাজ ব্যৱস্থাত ৰীতি-নীতি, পৰম্পৰাগত সমূহ সুন্দৰকৈ বৰ্তি থাকিব তেতিয়ালৈ অসমীয়াৰ মান জিলিকি থাকিব। সেয়ে আমি আমাৰ ৰীতি-নীতি সমূহ সুন্দৰকৈ চলাই নিয়াৰ ক্ষেত্ৰত বিশেষ দায়িত্ব পালন কৰিবলৈ কুন্থাবোধ কৰিব নালাগিব। কিন্তু বৰ্তমান আমাৰ সমাজ ব্যৱস্থাত আমাৰ ৰীতি-নীতি সমূহ কিছু পৰিমাণে আমাৰ মাজৰ পৰা ক্ৰমে ক্ৰমে কিছু পৰিমাণে বিলুপ্তি হোৱাৰ দিশে গতি কৰি থকা যেন অনুভৱ হৈছে। ইয়াৰ ভিতৰত মাত্ৰ দুটা পৰম্পৰা বা উৎসৱৰ বিষয়ে সংক্ষেপে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিলোঁ।
তাহানিৰ ল'ৰালিৰ দিনবোৰলৈ উভতি যদি চোৱা হয় কি যে, মধুৰ অনুভূতি আছিল যাক ভাষাৰে বুজোৱা কঠিন হৈ পৰে। বিশেষকৈ লক্ষ্মী পূজা আৰু কাতি বিহুৰ দিনটোত সমনীয়াৰ লগত ল'ৰা-ছোৱালী উভয়ে বিনা নিমন্ত্ৰণে সন্ধিয়া হোৱাৰ লগে লগে গাঁৱৰ এফালৰ পৰা প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে গৈ হাতত মোনা বা প্লাষ্টিক লৈ গাজি বা প্ৰসাদ খোৱাৰ সেই মধুৰ সময় খিনি কি যে অপূৰ্ব! গৃহস্থবোৰে সুন্দৰ ভাবে ল'ৰা-ছোৱালী বোৰলৈ অপেক্ষা কৰি থাকে যেতিয়া সকলোৱে হাই, উৰুমি,চিঞৰ,বাখৰৰে ঘৰত প্ৰৱেশ কৰে তেতিয়া গৃহিণী গৰাকীয়ে মৰমৰ মাজেৰে প্ৰসাদ বিতৰণ কৰে আৰু কণ, কণ সমনীয়া সকলে ফূৰ্তিতে হাই-হাল্লা জয়ৰ ধ্বনি ৰজন-জনাই গৃহস্থক আশীৰ্বাদ দিয়া এক পৰম্পৰাগত নিয়ম আছিল। সকলোৱে জানে যে লক্ষ্মী পূজা আৰু কাতি বিহু বুলিলে তেনে ধাৰা অব্যাহত থাকে। কিন্তু বৰ্তমান সময়ত আমাৰ সমাজ ব্যৱস্থাৰ নৱপ্ৰজন্ম সকলে এনেবোৰ দিশৰ প্ৰতি আগ্ৰহ বা ইচ্ছা শক্তি কমি যোৱা যেন দেখিবলৈ পাইছো। এনেধৰণৰ পৰিস্থিতি খুবেই দুখ দায়ক আৰু এক চিন্তনীয় বিষয় বুলি ভাবো কিয়নো আমাৰ সমাজত গৃহস্থ সকলে সেই লক্ষ্মী পূজা আৰু কাতি বিহুত যি ধৰণেৰে লক্ষ্মী দেৱীক উদ্দেশ্যি পূজা আৰু কাতি বিহুত তুলসী তলত চাকি জ্বলাই ল'ৰা-ছোৱালী বোৰ অহাৰ উদ্দেশ্যি অপেক্ষা কৰি থাকে কিন্তু যদি নিশা হোৱালৈকে নৱপ্ৰজন্ম সকলে মানুহৰ ঘৰে ঘৰে যোৱাৰ আগ্ৰহ নেদেখুৱাই বা একেবাৰে নাযায় তেতিয়া সেই গৃহস্থৰ গৃহিণী গৰাকী হয়তো দুখ অনুভৱ কৰি নিজে হতাশ হৈ পৰিব। কিমান আগ্ৰহেৰে অপেক্ষা কৰি আছিল, প্ৰসাদ বিতৰণ কৰিব আৰু কণ,কণ সকলে আশীৰ্বাদ কৰিব! পিছে সকলো আশা নিৰাশা হৈ পৰে। নৱপ্ৰজন্ম সকলে সেই মাদকতা খিনি উপভোগ কৰিলে বুজি উঠিলেহেঁতেন কিমান আনন্দদায়ক! তাৰ ভিতৰত কিছু সংখ্যকে সেই মাদকতা খিনি বৰ্তমানো উপভোগ কৰি আছে কিন্তু আগৰ তুলনাত নিচেই কম! এনে ধৰণৰ পৰিস্থিতি মূলতে হয়তো আধুনিকতা বা ডিজিটেল প্ৰযুক্তিৰ ফলস্বৰূপে হ'ব পাৰে। যি খিনি সময়ত ৰং-ধেমালিৰ মাজেৰে ঘৰে ঘৰে গৈ প্ৰসাদ বা গাজি খাব লাগে সেই সময় খিনি বৰ্তমান বেছি সংখ্যক যুৱক- যুৱতীয়ে মোবাইল বা তেনে ধৰণৰ ইলেকট্ৰনিক যন্ত্ৰৰ সৈতে ব্যস্ততাত থাকি সেই মধুৰ সময় খিনি অতিবাহিত কৰি পাহৰি পেলায় কিন্তু আধুনিকীকৰণৰ অৰ্থ এইয়া নহয় যে, আমি আমাৰ মৰমৰ, স্নেহৰ পৰম্পৰা বোৰ পাহৰি এলাগী কৰিম। প্ৰকৃতাৰ্থত আধুনিকৰণৰ ফলত আমি আগ্ৰহেৰে আমাৰ পৰম্পৰা সমূহ অধিক আগ্ৰহেৰে আৰু অধিক উচ্চ স্তৰলৈ গতি কৰি নিব লাগিছিল। কিন্তু আমি বিপথে পৰিচালিত হৈ থকা যেন অনুভৱ হৈছে। যিখিনি সময়ত আমি ঘৰে ঘৰে গৈ প্ৰসাদ বা গাজি খাবলৈ গৈ সেই সুন্দৰ মাদকতা খিনি উপভোগ কৰাৰ লগতে গৃহস্থ বোৰে আগ্ৰহেৰে অপেক্ষা কৰি থাকে সিহঁতক আশীৰ্বাদ দিয়াৰ বিপৰীতে বৰ্তমান যুৱ প্ৰজন্ম সকলে মোবাইল,বা তেনে ধৰণৰ যন্ত্ৰৰ লগত সময় বোৰ অপব্যৱহাৰ কৰা যেন অনুভৱ হৈছে। এনেধৰণৰ মানসিকতা আমি পৰিত্যাগ কৰিবৰ হ'ল নহ'লে আমি অসমীয়া বুলি পৰম্পৰা বিলাক পাহৰি অসমীয়াৰ অস্তিত্ব নোহোৱাৰ দিশে গতি কৰি থকা যেন অনুভৱ হৈছে। সেয়ে এই ক্ষেত্ৰত নৱপ্ৰজন্ম সকলে বিশেষ ভূমিকা গ্ৰহণ কৰাৰ উপযুক্ত সময় আহি পৰিছে বুলি ভাবো নহ'লে সকলো অসমীয়াৰ অনুষ্ঠান,পৰম্পৰা বোৰ ইলেকট্ৰনিক যন্ত্ৰ হোৱাৰ দিশে গতি কৰিছে। আমি আমাৰ ঐতিহাসিক ৰীতি-নীতি সমূহ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত অভিভাৱক সকলৰ বিশেষ দায়িত্ব বা কৰ্তব্য বুলি মানি লৈ অসমীয়া অনুষ্ঠান,পৰম্পৰাৰ বিষয়ে বহল ভিত্তিত বৰ্ণনা কৰি নিজৰ সন্তান বা শিশু সকলক বুজাই দিয়া উচিত তেতিয়া নিশ্চিত ভাৱে আমাৰ পৰম্পৰা সমূহ সুন্দৰভাৱে চলি থাকিব আৰু নিজকে অসমীয়া বুলি গৌৰৱাম্বিত হ'ব পৰা যাব। আমাৰ শিশু সকলক উচ্চ শিক্ষাৰে সমাজত ভাল মানুহ ৰূপত প্ৰতিষ্ঠিত কৰিবলৈ হ'লে আমাৰ সমাজৰ পৰম্পৰা বোৰৰ বিষয়ে সম্পূৰ্ণ ভাৱে আয়ত্ব কৰিব লাগিব সেয়ে সৰুৰ পৰা সেই নীতি শিক্ষা দিয়া নিত্যান্তই প্ৰয়োজন আছে বুলি ক'ব খোজো। 
সদৌ শেষত আমাৰ অসমীয়াৰ মান বচাই ৰাখিবলৈ হ'লে আমাৰ নৱপ্ৰজন্ম সকলে এনেবোৰ দিশৰ প্ৰতি বিশেষ ভূমিকা লৈ অসমীয়া জাতিটোক বিশ্ব দুৱাৰত প্ৰতিষ্ঠিত কৰি অসমীয়াৰ ৰীতি-নীতি,পৰম্পৰা সমূহ দাঙি ধৰিব লাগিব তেতিয়া হে বৰ্তমান সময়ত আধুনিকীকৰণ স্বতঃস্ফুত ভাৱে প্ৰকাশিত হ'ব।

✍️ কনমনি নাথ (বাক্সা) ৯৯৫৭৮৪৬৯৯০

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)