অণুগল্প-সেই ভৰিখন-সুশীলা ৰাজবংশী

Rinku Rajowar
0
প্ৰীতি মোমায়েকহঁতৰ লগত বিয়া খাই ঘৰলৈ যাত্ৰা কৰিছিল। চকুৰ আগত বিবাহৰ আনন্দ উৎসৱত মতলীয়া হোৱা, নতুন চেহেৰা, নতুন ঠাই, নতুন পৰিৱেশ আদৰ-সাদৰ, মৰম-স্নেহৰ মধুৰ স্মৃতি। সেই দৃশ্য এই বৃদ্ধ অৱস্থাতো স্পষ্ট জল্ জল্ -পট্ পট্ কৈ জিলিকি আছে। গাঁড়ীত মোমায়েক-মামী তেওঁলোকৰ তৃতীয় পুত্ৰ পংকজ আৰু প্ৰীতি আছিল। গাঁড়ীত বিভিন্ন ধৰণৰ কথা পাতি হাঁহি হাঁহি আহি থাকোতে হঠাৎ সকলোৰে মুখৰ পৰা চিৎকাৰ ওলাই আহিল। চিৎকাৰ শুনি দ্ৰাইভাৰো গাঁড়ীৰ ব্ৰেক মাৰি ৰৈ গ'ল। জনপ্ৰাণীহীন দীঘলীয়া অৰণ্যৰ পথ, মসৃণ আহল-বহল ।ৰাজপথত এখন ভৰি। দহ-বাৰ বছৰীয়া ল'ৰা নে ছোৱালীৰ ভৰি পৰি আছে। খণ্ডিত ধুনীয়া ভৰি। সেই সময়ত গুপ্ত হত্যা সঘনাই সংঘটিত হৈছিল। কোন মাতৃৰ বুকু উদং কৰি মানৱীয়তাৰ চৰম উলংঘন কৰি পিশাচৰ হাঁহি মাৰিছিল। ওপৰলৈ থু পেলালে নিজৰ গাত পৰে। নিশ্চয় নেদেখাজনে এদিন উচিত বিচাৰ কৰিব।
      
✍️সুশীলা ৰাজবংশী
এথেলুড চাহ বাগিচা
ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)