বিপদৰ আগজাননী দিয়া সেই বিশেষ ঘড়ীটো-মানস প্ৰতীম মালী

ধনী দুখীয়া যিয়েই নহওঁক সকলোৰে জীৱনত কেতিয়াবা কিবা নহয় কিবা বিপদ হয়েই  ।  জীৱনলৈ অহা বিপদে কেতিয়াও আগজাননী নিদিয়ে । বিপদে বহুতৰে জীৱন অন্ধকাৰ কৰি দিয়ে । কেতিয়া কি কাৰণত ক'ত বিপদ হয় সেইটো কোনেও নাজানে । বিপদ হৈ যোৱাৰ পাছত বহুতেই ভাবে  বিপদ হ'ব বুলি যদি আগতেই গম পালো হয় ! ' 
       এটি ঘড়ী যিয়ে বিপদৰ আগজাননী দিয়ে । সকলোৰে প্ৰয়োজন এনেকুৱা এটি ঘড়ীৰ যিটো ঘড়ীয়ে বিপদৰ আগজাননী দিব পাৰে । সকলোৱে ঘড়ীটোৰ দ্বাৰা বিপদৰ আগজাননী লৈ সকলো সমস্যা বিপদ হোৱাৰ আগতেই সমাধান বিপদমুক্ত হৈ সুখী নিৰাপদ জীৱন কটাব বিচাৰে । 
বিপদৰ আগজাননী দিয়া ঘড়ীৰ কথা মাথোঁ আমি কল্পনাহে কৰিব পাৰোঁ , কিন্তু বাস্তৱত এইটোৱে সঁচা যে কল্পনা কৰা সকলো কথা কেতিয়াও সঁচা নহয় ।
          ঘড়ীটো সঁচাকৈ পালে ঘড়ীটোক আমি যিমান বিশ্বাস কৰিম সেইখিনি বিশ্বাস আমি নিজক কৰিব নোৱাৰিম নেকি ?
বিপদৰ আগজাননী দিয়া ঘড়ীটোৰ ওপৰত বিশ্বাস ৰখাতকৈ নিজৰ ওপৰত বিশ্বাস ৰখাটো বহুতেই ভাল । কাৰণ সেই ঘড়ীটো মাথোঁ এটি যন্ত্ৰ কিন্তু আমি মানু্হ ।
সেই যন্ত্ৰবিধো আমাৰ দৰে মানুহ এজনেই আবিষ্কাৰ কৰিব । 
           মানুহৰ বহু বিপদ নিজে কৰা কৰ্মৰ ফলত হয় । 
আমি সদায় নিজক বিশ্বাস কৰি আমাৰ কৰ্ম ভালদৰে কৰিব লাগে । বিপদৰ আগজাননী দিয়া ঘড়ীৰ জীৱনত কোনো প্ৰয়োজন নাই , জীৱনত প্ৰয়োজন মাথোঁ নিজে বহুত বেছি সতৰ্ক , সাৱধান হোৱাটো । আমি সতৰ্ক আৰু সাৱধান হ'লে জীৱনত বহু বিপদেই কম হ'ব । নিজৰ জীৱনটোৰ প্ৰতি দায়িত্ব থাকিব লাগিব , আৰু সেই দায়িত্ব পালন কৰি বহুত কষ্ট কৰিব লাগিব । সতৰ্ক আৰু সাৱধান হৈ চলিলে জীৱনলৈ আহিব লগা বহু বিপদেই এনেই আঁতৰি যাব । " কৰ্মই ধৰ্ম " কথাষাৰ মনত ৰাখি সাৱধানে নিজৰ কৰ্ম নিয়াৰিকৈ কৰি গ'লে এটি সুখী জীৱন কটাব পাৰি ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send