মোৰ হৃদয় পথাৰত কানাইৰ বাঁহীৰ সুৰ নুতুলিবা
কল্পনাৰ কাৰেং সজাই মোক বলিয়া নকৰিবা
মনৰ দাপোনত নসজাবা আশাৰ প্ৰতিচ্ছবি
বেদনাই ধোৱা মোৰ মন মন্দিৰত
নবজাবা শংখ ঘণ্টাধ্বনি৷
মোৰ মেৰিয়ানাখাত গভীৰ দুচকুৰ
ৰাগি লগা আৱৰ্তত তুমি নিবিচাৰিবা
এবুকু প্ৰেমৰ প্ৰতিচ্ছবি।
তৰা ফুলীয়া পূৰ্ণিমাৰ জোনাকী ৰাতি
নাহিবা মোৰ উৰুখা পঁজালৈ;
নিস্তব্ধ আখলত মলঙা ভোকৰ গোন্ধ ল’বলৈ।
নোৱাৰা যে ধোৱাব মোক আবেগৰ জোঁৱাৰেৰে
কাৰণ মই নিৰাশাৰে নিৰ্মিত
উপ সাগৰৰ দিকভ্ৰষ্ট স্বপ্নহীন নাৱিক ;
হয়তো ময়েই সেই কমাৰজন
যিয়ে চকুলোৰে জুই নিগৰাই
দুখৰ হাতুৰীৰে পিটি পিটি
গঢ়ি তোলো বাস্তৱ জীৱনৰ এখনি জীয়া প্ৰতিচ্ছবি৷
✍নিজৰা বৰ্মন ডেকা