যান্ত্ৰিকতাৰ এন্ধাৰে আৱৰা
ধৰণী য'ত ...তাতেই হয়তো!
ম্লান আজি শৰতৰ সুশীতল বতাহ কিম্বা
শেৱালিৰ প্ৰাণ জুৰোৱা সুবাস..
পোহৰৰ সন্ধান যে তেনেই নিমাত...
মই ক'ত?
মইতো নাছিলোঁ কোনো কালে হিন্দু কিম্বা মুছলমান...,
মইতো নাছিলোঁ কোনো কালে দানৱৰ সন্তান,
তথাপি,
তথাপি দেখিছোঁ এন্ধাৰৰ সুযোগত
মহা মহা অত্যাচাৰ,
পোহৰ ক'ত?
ক'ত সেই পোহৰ য'ত বেলিৰ হেঙুল হয় অভিজ্ঞান।
য'ত আবেলিৰ ৰঙাই দি যায় জীৱনৰ নিৰৱ সমিধান..।
লাহে লাহে জোনাক নামিছে ...
জোনাকৰ স'তে আকৌ এবাৰ জী উঠাৰ দুৰ্ব্বাৰ হেঁপাহ জাগিছে...।
শেৱালিৰ সুবাসত সুশোভিত হোৱাৰ অস্থিৰ বাসনাই মোক আকৌ এবাৰ সোঁৱৰাই দিছে..
কহুৱাৰ শুভ্ৰতাৰ কথা...।
যি শুভ্ৰই মোক ধুৱাই যায় প্ৰতিদিন,প্ৰতিপল ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ