স্মৃতি কাতৰতাত হেৰাই নাযাবা তুমি
প্ৰিয় কবি
বন ফৰিঙৰ পম খেদি
মনৰ পখী হেৰাল
তুমি আৰু মইও দুভাগ হলোঁ,
সন্ধিয়াৰ চিকমিকি ছায়াত
এনেটো নাছিলা তুমি
মই ও নাছিলোঁ অভিমানী
তথাপি অংকবোৰ নিমিলিল
খহি পৰিল সপোনৰ ছৈখনি
অ সুৱাগী বন পখী মোৰ
তেওঁক গৈ কবি,
পাৰি নেকি সপোনবোৰ আকৌ লব বুটলি
চিনাকি সুঁতিৰ হাত ধৰি
পাৰি নেকি বাব' নাওঁ
দুহাতত আশাৰ পাল তৰি.....