জীৱনৰ ৰং - চিন্ময় ডেকা

Aditi Tanti
0
জীৱনৰ ৰং বোৰে
লুকা-ভাকু খেলে , 
সময়ৰ সীৰলুত বৰকৈ আমনি কৰে ।
উদাসীন মনৰ ভাৱ অৱলোকন ,
অনাহাৰে পাৰ কৰে 
জীৱনৰ কোনো এটি মুহূর্ত
অভাৱগ্রস্ত সংসাৰত হয় মাথোঁ মনোমালিন্য ;
কেতিয়াবা হতাশ হৈ পৰোঁ ।
উদাস হৈ পৰে মন ,
উদ্বিগ্নতাৰ সৃষ্টিৰ পৰশত অনুভৱ হয় শূণ্য ,
এক বিৰল সমীক্ষাৰ অন্তত
অন্তহীন মুহূর্ত ;
কেতিয়াবা এনে জটিল প্ৰশ্নই 
খুন্দিয়াই মোৰ হৃদয়ৰ গোপন কলিজা ,
শেঁতা পৰা অশ্রুৰ শ্বাস ৰুদ্ধ হৈ পৰে এটি ক্ষণত 
কাৰ বাবে ?
কিহৰ তাৰণাত মই দুৰ্ভগীয়া ?
ভাবি সমাধান নাপাওঁ ,
সকলো আছে মোৰ বাবে এই পৃথিৱীত ।
কিন্তু কিয় ?
সুখী অনুভৱ কৰিব নোৱাৰোঁ মই ,
জীৱনৰ ৰং বোৰে মাথোঁ লুকা-ভাকু খেলে অন্তিম সময়লৈ ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)