পাহাৰৰ জিৰি জিৰি ধ্বনি
বৈ আহে তাৰ পৰা জানা
জান-জুৰিয়ে হাঁহি নাচি ।
পাহাৰৰ মাজেৰে বৈ অহা
নৈখন কুলু-কুলু কৈ ,
দেখিলে মোৰ মন বিয়াকুল হয় ।
ওপৰলৈ চোৱাচোন
দোকমোকালিৰ নীলা আকাশখনলৈ ,
চৰাই জাকে মোলৈ
চাই খিলখিলাই হাঁহিছে ।
চৰাই জাকে হঁহা দেখি
মোৰ মন ব্যথিত ,
ময়ো যদি পাৰিলোহেঁতেন
আকাশ নীলাৰ কাণে কাণে উৰিবলৈ...
পাহাৰ ,ঝৰণা ,জান-জুৰি ,নৈ ,চৰাইৰ
লগতে ময়ো হাঁহিলোহেঁতেন ।