অনুগ্ৰহ- বিভা দত্ত

©Admin
0

  অনিচ্ছা সত্ত্বেও নিশাই প্ৰবালৰ গাৰ পৰা হাত খন এৰুৱাই আনি পুতেক সুমনৰ গাৰ কম্বল খন ভাল দৰে ঢাকি কপালত এটা চুমা দি বিছনাৰ পৰা নামিল । সাপ নেজীয়া দীঘল চুলি টাৰিৰে মেৰিয়াই খোপা বান্ধি আয়না খনৰ ওচৰলৈ গৈ লাইট টো জ্বলাবলৈ দেখিলে কাৰেণ্ট নাই ।ছিঃ ৰাতিপুৱাই লঘূ হ'লো।
যোৱা ৰাতি সিহঁতৰ টোপনি অহা নাই ।দোবাল পিতা বৰষুণত সিহঁতৰ ঘৰটোৰ চাৰিওফালে বৰষুণৰ টোপাল পৰে । নিশা আৰু প্ৰবালে বৰষুণ নপৰিবৰ বাবে অ'ত তʼত সোপা দিওঁতে ৰাতি প্ৰায় আঢ়ৈ মান বজাত সিহঁতে অলপ টোপনি মাৰিছিল ।
আলস্য ভাবে নিশাই বহা কোঠালৈ গ'ল । বৰষুণৰ পানীৰে মজিয়া খন চিপ্ চিপিয়া হৈ আছে ।বাল্টি এটাৰে পানী সিঁচি কোঠা টো ঠিক ঠাক কৰি ফেন খনৰ চুইত্চ অন কৰি থ'লে ।
বাকী বোৰ কাম আছেই ।
কাৰণ আজি তাইৰ বন্ধু অমলকৃষ্ণ সিহঁতৰ ঘৰলৈ আহিব । যোৱা কালি নিশা হঁতৰ ঘৰৰ কাষৰ বিয়া এঘৰত  অমলকৃষ্ণক লগ পাইছিল ।
এবাৰ ভাবিলে বিয়া খনক নোযোৱা হ'লেও ভাল আছিল নেকি?তাক লগ নাপালেই হয়।
ঘৰলৈ নামাতিলেও বেয়া লাগে ।
  অমলকৃষ্ণ বৰুৱা ।বৰ ফূৰ্তিবাজ ল'ৰা । দেউতাক ৰাজনৈতিক দলৰ সদস্য । বহুত হাত দীঘল মানুহ । স্কুলীয়া জীৱনৰ পৰা দুয়ো একেলগে পঢ়া । প্ৰৱেশিকা পৰীক্ষাত নিশাই প্ৰথম বিভাগত আৰু অমলকৃষ্ণই দ্বিতীয় বিভাগত উত্তীৰ্ণ 
হৈছিল ।কলেজত দুয়ো কলা শাখাত নাম ভৰ্তি কৰিছিল ।
পঢ়াত নিশা বৰ চিৰিয়াছ আছিল । আৰু অমল আছিল ভটীয়নি পানীত যোৱা ।
এটা সময়ত অমলকৃষ্ণহঁত গুৱাহাটীতে নিগাজিকৈ থাকিবলৈ লয় ।তাৰ পিছত সিহঁতৰ আৰু  কোনো যোগাযোগ হোৱা নাই ।
নিশাই শিক্ষা বিষয়ত অনাৰ্চ লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । নিশাহঁতৰ ঘৰৰ অৱস্থা ভাল নাছিল । চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা দেউতাক সাধাৰণ খেতিয়ক আছিল । তথাপি অভাৱ অনাটনৰ মাজেৰে হ'লেও দুয়ো ভাই ভনীয়ে উচ্চ শিক্ষা লাভ কৰিছিল । নিশাই অশেষ যত্ন কৰিও এটা চৰকাৰী চাকৰি যোগাৰ কৰিব নোৱাৰিলে ।
অৱশেষত ওচৰৰে স্কুল এখনত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে ।
শিক্ষকতা কৰাৰ দুবছৰ পাছত সেই গাঁৱৰে প্ৰগতিশীল যুৱক প্ৰবাল চৌধুৰীৰ লগত তাইৰ বিয়া হয় । উচ্চ শিক্ষিত প্ৰবালৰ এখন ফাৰ্ম আছে ।
দেউতাক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। 
অনবৰতে নিজৰ সন্মান আৰু আদৰ্শত সচেতন আছিল । ইচ্ছা কৰা হেঁতেন কোনোবা মন্ত্ৰী বিধায়কক কৈ প্ৰবালক ভাল কৰ্ম সংস্থান দিব পাৰিলে হয় । কিন্তু দেউতাকে প্ৰবালে কি কৰিব প্ৰবালৰ ওপৰতে এৰি দিছিল । 
এজন প্ৰগতিশীল চিন্তা ধাৰাৰে পৰিপুষ্ট প্ৰবালৰ ব্যক্তিত্বই নিশাক মোহিত কৰিছিল ।বিয়াৰ আগতেও নিশাই প্ৰবালৰ কবিতা, গল্প , প্ৰবন্ধ পঢ়িছিল ।
এই বোৰ ভাবি থাকোঁতেই বাহিৰত গাড়ীৰ শব্দ শুনি নিশা আৰু প্ৰবালে পৰ্দাৰ ফাকেৰে চালে ।এ হয় অমল কৃষ্ণই আহিছে । দুয়ো বাহিৰলৈ ওলাই আহিল ।আথে বেথে বহিবলৈ দিলে ।থিয় হৈয়েই অমলকৃষ্ণই  ঘৰটোৰ চাৰিওফালে চকু ফুৰালে । মিঠাইৰ টোপোলা টো সুমনৰ হাতত দি তাক কোলাত বহুৱাই ল'লে ।
অমলকৃষ্ণ শকত হৈছে কিন্তু কথা বতৰা একেই আছে ।
প্ৰবালক অমলকৃষ্ণৰ লগত কথা পাতিব দি নিশাই পাকঘৰলৈ বুলি খোজ লওঁতে 
অমলকৃষ্ণই এক প্ৰকাৰ চিঞৰি ক'লে নিশা মই ভাত খাম দে ।তই এইবোৰ কি কৱ,
তোক ভাত নোখোৱাকৈ যাব  দিম নে?নিশাৰ পিছে পিছে অমলকৃষ্ণই পাগঘৰ পালে ।ঐ নিশা তই ইমান গহীন নেদেখুৱাবি দে ।মই কথা পাতিব হে আহিছোঁ ।
প্ৰবালে ক'লে মিছেছক কিয় নানিলে ? এ নকব সেই বোৰ ধনীৰ দুলালী গাঁৱৰ বিয়াত নাহে । সকলোৰে ঘৰত যে যাব লাগিব বʼৰ পায় ।ময়ো জোৰ কৰা নাছিলোঁ । নহাত ভালেই পাইছোঁ । নিশাই মনে মনে ভাবিলে এই যে ধনীৰ দুলালী -ঘৈণীয়েকক অলপ অহংকাৰী যেন লাগিল ।
পাগঘৰতে অমলকৃষ্ণই চাহ খাই নিশাক এখন মোনা দিবলৈ ক'লে । নিশাই সুধিলে কিয় লাগে ।দিয়কচোন প্ৰবালৰ লগত অকমান ফুৰি আহো ।বাবুকো লৈ যাওঁ দে সি ভাল পাব । নিশাই প্ৰবালক এখন পাঁচশ টকীয়া নোট দি মাছ , মাংস ,দৈ কিবাকিবি আনিব দিলে । অমলকৃষ্ণক পইছা দিব নিদিবা । হ'ব দিয়া মই জানো ।
সোনকালে আহিবা ।
নিশাৰ মনটোএনেকুৱা লাগিল সুমনৰ যেন মোমায়েক  হে আহিছে ।
ইহঁত আহি পায় মানে নিশাই কিবাকিবি ৰান্ধি আগবঢ়াই থৈছিল ।
অলপ পিছত প্ৰবালহঁত আহি পালে । প্ৰবালে ক'লে শুনিছা নিশা এখেতে মোক এপইছাও ভৰিব নিদিলে ।
সুমনক এজোৰ কাপোৰো কিনি দিছে ।
নিশাই মনে মনে ভাবিলে ই আমাক পুতৌ কৰা নাই তো !
নাই নাই তেনেকুৱা একো দেখা নাই । ইতিমধ্যে নিশাই সকলোৰে ভাত বাঢ়িলে ।
প্ৰবালে তাইক সহায় কৰিলে ।
অমলকৃষ্ণক যিমান পাৰি আপ্যায়ন কৰিলে । ভাত খাই থাকোতে অমলকৃষ্ণই নিশাক ক'লে ---নিশা মই এটা কথা ভাবিছোঁ  তোৰ বাবে মই এটা চৰকাৰী চাকৰিৰ চেষ্টা কৰিম বুলি ভাবিছোঁ। তই বা কি কৱ।
নিশাই এটা হুমুনিয়াহ কাঢ়ি ক'লে হয় নেকি ? তাকেইটো অমল  ।এওঁৰ ফাৰ্মখনৰ সিমান লাভ নাই ।
এওঁ লেখা-মেলা কৰি ভাল পায় ।নিজৰ কথা কমকৈ ভাৱে ।
সমাজৰ কাম কৰি ভাল পায়।
আমাৰ অসমত লেখা মেলা কৰি খোৱাৰ পৰিবেশ এতিয়াও নাই ।
তই যদি পাৰ এওঁৰ বাবে চেষ্টা কৰ । তঁহত দুয়োৰে কাগজ পত্ৰ খিনি মোক দে 
মই কি হয় চাওঁ ।
ইয়াৰ মাজতে অমলকৃষ্ণই প্ৰবালৰ লিখনি বিলাক চাই অভিভূত হৈ পৰিছিল ।এটা সময়ত অমলকৃষ্ণ যাবলৈ ওলাল ।প্ৰীতি ভৰা বিদায় সম্ভাষনেৰে অমলকৃষ্ণই গাড়ীত বহিল । ইতিমধ্যে অস্তাচলৰ বেলিয়ে চন্দ্ৰমাৰ আগমনৰ বতৰা দি বিদায় মাগিলে ।
দ্বিতীয়াৰ জোনৰ নিচিনা নিশাৰ হেঁপাহ বোৰ বাঢ়ি আহি থাকিল ।অমল কৃষ্ণৰ ফোনলৈ অধীৰ অপেক্ষা ।
প্ৰবালক কয় চাকৰি টো পালে তুমি নকৰোঁ বুলি নকʼবা ।সুমনক মানুহ কৰিবলৈ আমাক পইছা লাগিবই ।
আবেলি গোঁসাইৰ চাকি দি উঠিল‌ মাত্ৰ অমল কৃষ্ণই ফোন কৰি জনালে কালি ৰাতি পুৱা দুয়ো আহিবি । তহঁতৰ সাক্ষাৎকাৰ হ'ব ।
সকলো কাগজ পত্ৰ লৈ আহিবি ।মোৰ অফিচলৈ আহিবি ।
পিছদিনা ৰাতিপুৱা সুমনক মামাকহতঁৰ ঘৰত থৈ দুয়ো ৰাওনা হ'ল । সাক্ষাৎকাৰ ভালেই হৈছিল । কেইদিনমান পিছত অমল কৃষ্ণই নিশালৈ ফোন কৰি ক'লে নিশা মৌখিক পৰীক্ষাৰ বাবে তোক মাতিছে ।তই পঁচিশ তাৰিখে আহি যাবি ।ঐ নিশা শুনচোন তোৰ কাষত কোনোবা আছেনে? খুব অনুচ্ছ সুৰত অমল কৃষ্ণই সুধিলে । নাই দে কʼ ছোন ।তই অলপ ভাল কে ঘঁহা পিহা কৰি আহিবি দেই ।
নিশাৰ মুখত এটা ৰঙীন আভাস ফুটি উঠিল ।
পঁচিছ তাৰিখে নিশা আৰু প্ৰবালে ৰাতিপুৱাই গ'ল ।মনত অযুত সপোন ।বাছ খনৰ খিৰিকীৰ কাষত নিশা  ।ৰাতিপুৱাৰ বেলি টোৱে যেন সাদৰ সম্ভাষন জনালে । ফিৰফিৰীয়া বতাহ জাকে খিৰিকীৰে নিশাক জোকায় গৈ থাকিল । 
চাৰে ন মান বজাত গুৱাহাটী পালে । লাহে লাহে  অফিচলৈ সোমাব ধৰোতে অমলকৃষ্ণ খৰখেদাকৈ সিহঁতৰ ওচৰলৈ আহি ওপৰলৈ লৈ গ'ল।
চাৰি পাঁচটা মান প্ৰাৰ্থী চকীত বহি আছিল ।নিশা আৰু প্ৰবালে দু‌য়ো বহি থাকিল ।
অলপ সম‌য়ৰ পিছত নিশাক মাতিলে ।নিশাই নমস্কাৰ দিয়াত বহিবলৈ ক'লে ।নিশা বহিল । নিশাই দেখিলে সাক্ষাৎকাৰ লঁওতা মাত্ৰ এজন । নিশাই এবাৰ তেওঁৰ চকুলৈ চালে কি লোলুপ দৃষ্টিৰে নিশাৰ ফালে চাই আছে ।তাই অলপ ইতস্তত কৰিলে । আপোনাৰ লিখিত পৰীক্ষা ভাল হৈছে । মৌখিকভাৱে লোৱা পৰীক্ষা মোৰ ওপৰত ।
মই অনুগ্ৰহ কৰিলে আপুনি চাকৰিটো পায় যাব । অমলকৃষ্ণই মোক সকলো কৈছে ।
তিনিটা চৰ্তত মই তোমাক চাকৰি টো দিব পাৰিম ।এটা হল -আপুনি গুৱাহাটীতে থাকিব লাগিব । দ্বিতীয়তে আপুনি এদিন মোৰ অকলে ফুৰিব যা - লগে লগে নিশাই ক'লে কিয় ছাৰ মই বুজা নাই  ।বুজিব পিছত বুজিব । চাকৰি হোৱাৰ পিছত আপোনাৰটো ক্ষমতা বাঢ়ি যাব । গতিকে এতিয়া আপুনি মোৰ কথা মতে কাম কৰিব লাগিব । নিশাৰ মুৰৰ পৰা ভৰিলৈ শিৰ শিৰাই আহিল। প্ৰবাল আৰু সুমনৰ মুখ খন তাইৰ বাৰে বাৰে মনত আহিবলৈ ধৰিলে । নিশাই বহাৰ পৰা উঠিল ।মনতে ভাবিলে বুঢ়া সিংহ! কৃত্ৰিম দাঁতেৰে চিকাৰ বিচাৰি ফুৰ !চাঁও দিয়ক বুলি কৈ একেকোবে দুৱাৰ খুলি প্ৰবালক হাতত ধৰি টানি আনি তললৈ নামি আহিল ।অমলকৃষ্ণই বাৰে বাৰে মাতিলে নিশা কি হ'ল ।কিয় এনেকুৱা কৰিছ !ৰʼ চোন ৰʼনা ।
শুন !মিঃ অমল কৃষ্ণ তোক লগ নোপোৱা হ'লেও ভাল আছিল । মোৰ উৰুখা পজা টোৱে মোৰ বাবে সৰগ ।
তোৰ অনুগ্ৰহ মোক নালাগে ।
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)