জীৱন যুদ্ধত জয়ী হ'বলৈ লাগে মাত্ৰ সাহস - শ্ৰুতি শৰ্মা তামুলী

Aditi Tanti
0
আজি বহু দিনৰ মূৰত কিবা এটা লিখিবৰ বাবে তাই মন মেলিছে । আজি কিমান বছৰ যে হ'ল তাই বজাৰৰ চিলিপখনৰ বাদে আন একোৱেই লিখা নাই । এসময়ত তাই খুব সুন্দৰকৈ লিখা-মেলা কৰিছিল । কিন্তু এজাক বিধ্বংসী ধুমুহাই যেন তাইৰ জীৱনটো থান-বান কৰি থৈ গ'ল । বহু দিন যেন লিখা-মেলা কৰিবলৈ তাই একো উৱাদিহেই বিচাৰি পোৱা নাই । কিন্তু আজি অতদিনৰ মূৰত তাই হাতত কলম তুলি লৈছে কিবা এটা লিখিবৰ বাবে । তাই লিখিব , পুনৰ লিখিব । নিজৰ কলমেৰে এদিন তাই সমগ্ৰ পৃথিৱীখনকে সলনি কৰি দিব ! লিখিবৰ বাবে কলমটো হাতত তুলি ল'লে যদিও কিন্তু কাগজখিলাত আঁক মাৰিব লওঁতেই তাইৰ হাতটো কঁপি উঠিল । কিবাকিবি চিন্তাবোৰে তাইক বেৰি ধৰিলে আৰু তাইৰ মনটো অস্থিৰ হৈ পৰিল । টেবুলখনত বহি বহিয়েই তাইৰ মনটোক অস্থিৰ কৰা কথাবোৰ তাই ভাবিবলৈ ধৰিলে ।
          মই এতিয়ালৈকে "তাই" বুলি উল্লেখ কৰি থকা ছোৱালীজনী হৈছে "শ্বেহনাজ য়াছমিন"। শ্বেহনাজ এখন ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ শিক্ষয়িত্ৰী । সৰুৰে পৰা শ্বেহনাজ তাইৰ মাক আৰু আইতাক (মাকৰ মাক) ৰ লগত আইতাকৰ ঘৰতে বাস কৰিছিল । তিনিজনীয়া এই পৰিয়ালটোৰ উপাৰ্জনৰ একমাত্ৰ পথ আছিল শ্বেহনাজৰ মাকৰ ওচৰৰে ব্যক্তিগত খণ্ডৰ স্কুল এখনত কৰা "আয়া" ৰ চাকৰিটো ।মাকৰ দৰমহাও বৰ তাকৰ ।তিনিজন মানুহলৈ কোনো পধ্যেই নাটে । সেয়ে তেওঁলোকে এসাঁজ খাই আনসাঁজ লঘোন দিব লাগিছিল । চৰা দামত দাইল , পাচলি কিনি খাব নোৱাৰিছিল বাবে পৰিয়ালটোৱে প্ৰায়েই নিমখেৰেই ভাত খাইছিল ।কেতিয়াবা দাইল খাবলৈ যদি কণমানি শ্বেহনাজে বেছিকৈ উৎপাত কৰে তেতিয়া বুধিয়ক আইতাকে পানী গৰম কৰি সেই গৰম পানীতে হালধি আৰু নিমখ দি সেয়াকে দাইল বুলি কৈছিল । কণমানি শ্বেহনাজেও হালধি পানীকে দাইল বুলি বৰ তৃপ্তিৰে ভাতকেইটা খাইছিল । ভাল ভাল খাদ্য খাবলৈ নাপালেও কিন্তু বাৰীৰ কচু-ঢেঁকীয়া খায়ে তাই পঢ়া-শুনাত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল ।প্ৰখৰ বুদ্ধিৰ শ্বেহনাজ সদায়ে শ্ৰেণীত প্ৰথম হৈছিল ।শ্বেহনাজৰ লগৰ ল'ৰা-ছোৱালীবোৰক থ'বলৈ যেতিয়া সিহঁতৰ দেউতাক আহে , তেতিয়া তাইৰ মনটো সেমেকি উঠে । সেইদিনাখন তাই ঘৰত দেউতাকৰ কথা সুধি সুধি মাক আৰু আইতাকক বৰ আমনি দিয়ে ।অৱশ্যে মাকে একো উত্তৰ নিদিয়ে যদিও আইতাকে তাইক মৰমেৰে বজাই যে তাইৰ দেউতাক আকাশত তৰা হৈ আছে । এই কথাটো শুনাৰ পাছত আৰু তাই দেউতাকৰ কথা সুধি আমনি নকৰে । দিনবোৰ এনেদৰেই পাৰ হৈ গ'ল । সুখ্যাতিৰে মেট্ৰিক , হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পাছত তাই ইংৰাজী বিষয়ত অনাৰ্চসহ বি.এ. ও পাছ কৰিলে । তাৰ পাছত জীৱিকাৰ তাড়নাত উপাৰ্জন কৰিবলৈ তাই ওচৰৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত শিক্ষয়িত্ৰীৰ চাকৰিত সোমাল ।তেতিয়ালৈকে দিনবোৰ ভালদৰেই পাৰ হৈ গৈ আছিল । কিন্তু এদিন হঠাতে ঘৰৰ বস্তুবোৰ কিবাকিবি চাফ-চিকুণ কৰি থাকোঁতে এখন পুৰণি চিঠি তাইৰ হাতত পৰিল । চিঠিখন মেলি চাই শ্বেহনাজ অবাক হ'ল ।চিঠিখনত লিখা আছিল, "পাৰিলে মোক ক্ষমা কৰি দিবা । ঘৰৰ অমতত গৈ হ'লেও মই তোমাক বিয়া কৰাইছিলোঁ । কিন্তু তুমি মোৰ সামান্য আশা এটাও পূৰণ কৰিব নোৱাৰিলা ! এটি পুত্ৰ সন্তানৰ পিতৃত্ব লাভ কৰাৰ গৌৰৱকণো তুমি মোক দিব নোৱাৰিলা । সেয়ে এতিয়া আৰু মোৰ জীৱনত তোমাৰ কোনো প্ৰয়োজন নাই । সকলো কাগজ ঠিক-ঠাক কৰি মই তোমালৈ পঠিয়াই দিম , তুমি চহী কৰি দিবা ।যাতে আমাৰ তালাকত কোনোধৰণৰ অসুবিধা নহয় ।" চিঠিখন পঢ়ি শ্বেহনাজৰ মুখৰ মাত হৰিল । তাই লৰালৰিকৈ গৈ চিঠিখন মাক আৰু আইতাকক দেখুৱালে ।মাক কান্দোনত ভাগি পৰিল । আইতাকে সুগভীৰ কণ্ঠেৰে কৈ গ'ল , "ভাবিছিলোঁ এইবোৰ কথা তোক কেতিয়াও নকওঁ ! কিন্তু আজি ভাবিছোঁ তোক সকলো সঁচা কথা খুলি কৈ দিয়ায়েই মংগল।" তাই উদ্বিগ্ন হৈ আইতাকক সুধিলে , "কি সঁচা কথা ? কোৱা!!!" আইতাকে পুনৰ ক'লে , "তোৰ মাৰে কলেজত পঢ়ি থকা দিনৰে পৰা তোৰ দেউতাৰক ভাল পাইছিল । তোৰ দেউতাৰেও প্ৰেমৰ খাতিৰত ঘৰৰ অমতত গৈ তোৰ মাৰক বিয়া কৰাইছিল । সকলো ঠিকেই চলি আছিল , দুয়োটা এটা আনটোক লৈ যথেষ্ট সুখী আছিল । কিন্তু হঠাতে এটা কেৰোণ লাগিল । দেউতাৰে যিটো কোম্পানীত চাকৰি কৰিছিল সেই কোম্পানীটোৰে মালিকৰ জীয়েকৰ লগত দেউতাৰৰ এটা সম্পৰ্ক গঢ়ি উঠিছিল । ক্ৰমাৎ গাঢ় হৈ উঠা এই সম্পৰ্কটো এৰিব নোৱাৰি অৱশেষত যেতিয়া তোৰ মাৰা তোক জন্ম দিবলৈ ঘৰ (মাকৰ ঘৰলৈ) লৈ আহিছিল , তেতিয়াই তোৰ জন্মৰ খবৰ পাই দেউতাৰে কন্যা সন্তান জন্ম দিয়াৰ অজুহাত দেখুৱাই মাৰলৈ এই চিঠিখন পঠিয়াইছিল । প্ৰথমে আমি কথাবোৰ গমেই পোৱা নাছিলোঁ । ইহঁতৰ তালাকৰ পিছতহে সকলোখিনি সঁচা কথা গম পাইছিলোঁ । কিন্তু আইনৰ কাষ চাপি নিজৰ লগত হোৱা অন্যায়ৰ বাবে ন্যায় বিচাৰিবলৈ তোৰ মাৰৰ সাহস নহ'ল ।সেয়েহে .............!!!!" কথাবোৰ শুনি শ্বেহনাজে একো ভাৱি নাপালে । তাই মাত্ৰ আইতাকক সুধিলে , "তেখেত এতিয়াও জীৱিত নে ???" উত্তৰত আইতাকে ক'লে , "অ' জীৱিত । হ'লেও কিন্তু নিজৰ পাপৰ ফল সি ঠিকেই ভুগিলে ! বিয়া কৰোৱাৰ দহ বছৰ পিছতো সিহঁত নিঃসন্তান । অৱশেষত তাৰ দ্বিতীয় পত্নীয়ে আত্মহত্যা কৰিলে । এতিয়া সি এটা অভিশপ্ত অকলশৰীয়া জীৱন কটাই আছে । হয়তো ভগৱানে দিয়া এয়ায়ে তাৰ শাস্তি !!" কথাখিনি জানি তাই আইতাকৰ পৰা দেউতাকৰ ঠিকনাটো ল'লে আৰু এদিন দেউতাকক লগ কৰিবলৈ গ'ল । তালৈ গৈ দেউতাকক তাই স্পষ্টভাৱেই ক'লে , "আপুনি হয়তো মোক চিনি নাপাব , মই কিন্তু আপোনাক ঠিকেই চিনিব পাৰিছোঁ । কন্যা সন্তান জন্ম দিয়াৰ বাবে নিজৰ পত্নীক প্ৰত্যাখ্যান কৰা আপুনি আচলতে এজন .........!!!" তাই বাক্যটো সম্পূৰ্ণ নকৰিলে । মানুহজনে সুধিলে , "এইবোৰ কথা তুমি কেনেকৈ জানিলা ?? কোনে ক'লে তোমাক এইবোৰ ??তাৰমানে তুমিয়েই ..............!!"। "হয় , আপুনি ঠিকেই ভাবিছে ।ময়েই সেই ছোৱালীজনী যাক এদিন আপুনি.................!!" তাই পুনৰ বাক্যটো অসম্পূৰ্ণ কৰিলে । এইবাৰ মানুহজনে কান্দি কান্দি ক'লে , "মোক ক্ষমা কৰি দিয়া মাজনী !জীৱনত মই বৰ ডাঙৰ ভুল কৰিলোঁ।" শ্বেহনাজে এইবাৰ খঙেৰে উত্তৰ দিলে , "ক্ষমা? আৰু আপোনাক ??আপোনাক ক্ষমা কৰিবলৈ মইতো কোনোৱেই নহয় ! ক্ষমা মোক নহয় ,ভগৱানক খোজক। আৰু এটা কথা কৈ থওঁ , ভৱিষ্যতে কেতিয়াও দেখাদেখি নহ'লেই ভাল পাম !এতিয়া আহিছোঁ।" তেনেকৈ কৈ তাই ওলাই আহিল ।দেউতাকক ক'বলগীয়াখিনি তাই সন্মুখত ক'লে যদিও দেউতাকৰ প্ৰতি তাইৰ মনত থকা ক্ষোভ আঁতৰি নগ'ল । হ'লেও কিন্তু কোনোদিনে তাই কাৰো আগত দেউতাকৰ কথা বেয়াকৈও কোৱা নাছিল । এই ঘটনাটোৱে তাইক বাৰুকৈয়ে জোকাৰি গ'ল । ইয়াৰ পিছৰে পৰা তাই কেতিয়াও লিখা-মেলা কৰা নাই ।লিখিবলৈ তাইৰ মন যায় যদিও কিন্তু হাতত কলম তুলি ল'লেই কিছুমান অদৰকাৰী চিন্তাই তাইক অস্থিৰ কৰি তোলে । যাৰ বাবে তাইৰ আৰু হাতত কলম তুলি ল'লেও লিখা নহয় ।
           কথাবোৰ আদ্যোপান্ত মনৰ মাজতে ভাৱি থাকোঁতেই শ্বেহনাজক আইতাকে মাত লগালে । আইতাকৰ মাতে তাইক পুনৰ বাস্তৱ জগতলৈ ঘূৰাই আনিলে । আইতাকে মাত লগালে , "কি কৰিছ ইমান পৰে ?" উত্তৰত তাই ক'লে , "আজিচোন বহুতদিনৰ মূৰত লিখিবলৈ মন গৈছে !" আইতাকে সন্তুষ্টিৰে ক'লে , " ভাল কথাহে এইটো । আজি সম্পূৰ্ণ ৫ বছৰৰ পাছত তই হাতত কলম তুলি লৈছ কিবা এটা লিখিবলৈ । লিখ মাজনী, লিখ।" তাইৰ মূৰত হাত বুলাই আইতাকে তাইক এইদৰে ক'লে । কথাষাৰে যেন তাইৰ উৎসাহ দুগুণে বঢ়ালে ।অৱশেষত তাই নৱ উদ্যমেৰে হাতত কলম তুলি ল'লে আৰু মনতে থিৰাং কৰিলে যে , তাই লিখিব আৰু নিজৰ লিখনিৰে তাই জগতত নতুন চিন্তাৰ উন্মেষ ঘটাবলৈ চেষ্টা কৰিব।
                             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)